প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পঞ্জাৱৰ বাথিন্দাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰে

পোষ্ট কৰা হৈছে: 27 DEC 2024 7:31PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱৰ বাথিন্দাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ পোষ্টত কোৱা হৈছে:

পঞ্জাৱৰ বাথিন্দাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো। আহতসকলৰ শীঘ্ৰে আৰোগ্য হওক।

পিএমএনআৰএফৰ পৰা প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ ২ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'ব। 

 

MJPS/SR/PM


(ৰিলিজ আই ডি : 2178113) অতিথি কক্ষ : 15