প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেৱভূমি উত্তৰাখণ্ডৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উত্তৰাখণ্ডবাসীক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
এই দশকটো হ’ব উত্তৰাখণ্ডৰ দশকঃ প্ৰধানমন্ত্ৰী
বহনক্ষম উন্নয়নৰ লক্ষ্য সূচকাংকত ৰাজ্যখনে প্ৰথম স্থান লাভ কৰিছে: প্ৰধানমন্ত্ৰী
উত্তৰাখণ্ডক ‘ইজ অৱ ডুইং বিজনেছ’ শিতানত ‘এচিভাৰ’ হিচাপে আৰু ষ্টাৰ্টআপ কেটেগৰীত ‘অগ্ৰণী’ হিচাপে স্থান দিয়া হৈছেঃ প্ৰধানমন্ত্ৰী
ৰাজ্যখনলৈ কেন্দ্ৰীয় সাহায্য এতিয়া সকলো দিশৰ অগ্ৰগতিৰ বাবে দুগুণ কৰা হৈছে: প্ৰধানমন্ত্ৰী
কেন্দ্রৰ সহযোগত ২ লাখ কোটি টকাৰ উন্নয়নমূলক প্রকল্প ইতিমধ্যে ৰাজ্যত চলি আছে আৰু সংযোগ প্রকল্পসমূহ দ্রুত গতিত সম্পূর্ণ হৈ আছেঃ প্রধানমন্ত্রী
Posted On:
09 NOV 2024 12:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ড ৰাজ্য গঠন দিৱসত সকলো জনসাধাৰণক সম্ভাষণ জনাই আজিৰে পৰা উত্তৰাখণ্ড ৰাজ্য গঠনৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণিৰ কথা উল্লেখ কৰে। উত্তৰাখণ্ড গঠনৰ ২৫ বছৰত প্ৰৱেশৰ কথা লক্ষ্য কৰি শ্ৰী মোদীয়ে ৰাজ্যখনৰ আগন্তুক ২৫ বছৰৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কাম কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ লগতে কয় যে উত্তৰাখণ্ডৰ আগন্তুক ২৫ বছৰৰ এই যাত্ৰা অতি কাকতলীয়া কাৰণ ভাৰতেও অমৃত কালৰ ২৫ বছৰীয়া জীৱনত আছে যিয়ে এখন বিকশিত ভাৰতৰ বাবে এখন বিকশিত (উন্নত) উত্তৰাখণ্ডৰ ইংগিত দিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই সময়ছোৱাত সংকল্প পূৰণ হোৱাৰ সাক্ষী দেশেই হ’ব। আগন্তুক ২৫ বছৰৰ বাবে সংকল্পৰ লগতে ৰাইজে একাধিক কাৰ্যসূচী হাতত লোৱাত প্ৰধানমন্ত্ৰীও আনন্দিত হৈ পৰে। তেওঁ লগতে কয় যে এই কাৰ্যসূচীসমূহৰ জৰিয়তে উত্তৰাখণ্ডৰ গৌৰৱ চাৰিওফালে বিয়পি পৰিব আৰু উন্নত উত্তৰাখণ্ডৰ লক্ষ্য ৰাজ্যখনৰ প্ৰতিজন বাসিন্দাৰ মাজলৈ যাব। এই গুৰুত্বপূৰ্ণ উপলক্ষ আৰু এই গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰাৰ বাবে শ্ৰী মোদীয়ে ৰাজ্যবাসীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ শেহতীয়াকৈ সফলভাৱে আয়োজিত ‘প্ৰবাসী উত্তৰাখণ্ড সন্মিলন’ অনুষ্ঠানৰ কথা উল্লেখ কৰি বিদেশত উত্তৰাখণ্ড জনসাধাৰণে উত্তৰাখণ্ডৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।
অটল জীৰ নেতৃত্বত উত্তৰাখণ্ডৰ জনসাধাৰণৰ সুকীয়া ৰাজ্য গঠনৰ প্ৰচেষ্টা সফল হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আজি সপোন আৰু আকাংক্ষা বাস্তৱায়িত হোৱাত সুখ প্ৰকাশ কৰে। তেওঁ আলোকপাত কৰি কয় যে বৰ্তমানৰ চৰকাৰখনে উত্তৰাখণ্ডৰ উন্নয়নৰ বাবে কোনো ত্ৰুটি ৰখা নাই।
প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে বৰ্তমানৰ দশকটো উত্তৰাখণ্ডৰ আৰু বিগত বছৰবোৰত তেওঁৰ বিশ্বাস প্ৰমাণিত হৈছে। উত্তৰাখণ্ডে উন্নয়নৰ নতুন অভিলেখ সৃষ্টি কৰা আৰু নতুন মাইলৰ খুঁটি অৰ্জন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে বহনক্ষম উন্নয়ন লক্ষ্য সূচকাংকৰ ক্ষেত্ৰত ৰাজ্যখনে প্ৰথম স্থান লাভ কৰিছে। তেওঁ লগতে কয় যে উত্তৰাখণ্ডক ‘ইজ অৱ ডুইং বিজনেছ’ শিতানত ‘এচিভাৰ’ হিচাপে আৰু ষ্টাৰ্টআপ শিতানত ‘লিডাৰ’ হিচাপে স্থান দিয়া হৈছে। তেওঁ জনোৱা মতে ৰাজ্যখনৰ বিকাশৰ হাৰ ১.২৫ গুণ বৃদ্ধি হোৱাৰ লগতে জিএছটি সংগ্ৰহ ১৪ শতাংশ বৃদ্ধি পাইছে, ২০১৪ চনত জনমূৰি আয় ১.২৫ লাখ টকাৰ পৰা বছৰি ২.৬০ লাখ টকালৈ বৃদ্ধি পাইছে আৰু মুঠ ঘৰুৱা উৎপাদন ১ লাখ ৫০ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি পাইছে ২০১৪ চনত আজি প্ৰায় ৩ লাখ ৫০ হাজাৰ টকা হৈছে। তেওঁ কয় যে পৰিসংখ্যাই যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ আৰু ঔদ্যোগিক বিকাশৰ লগতে মহিলা আৰু শিশুসকলৰ জীৱন সহজ কৰি তোলাৰ স্পষ্ট ইংগিত দিয়ে। তেওঁ জনোৱা মতে ২০১৪ চনত নলযোগে পানী বিতৰণে সামৰি লোৱা ৫ শতাংশ ঘৰৰ পৰা আজি ৯৬ শতাংশতকৈও অধিক হৈছে আৰু গ্ৰাম্য পথ নিৰ্মাণৰ কাম ৬,০০০ কিলোমিটাৰৰ পৰা ২০,০০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। আয়ুষ্মান যোজনাৰ অধীনত লাখ লাখ শৌচাগাৰ নির্মাণ, বিদ্যুৎ যোগান, গেছ সংযোগ, বিনামূলীয়া চিকিৎসাৰ কথাও উল্লেখ কৰি কয় যে চৰকাৰে সমাজৰ সকলো শ্রেণীৰ লোকৰ কাষত থিয় দিছে৷
প্ৰধানমন্ত্ৰীয়ে জনাইছে যে কেন্দ্ৰই উত্তৰাখণ্ড ৰাজ্যক প্ৰদান কৰা অনুদান প্ৰায় দুগুণ বৃদ্ধি পাইছে আৰু উদ্ধম সিং নগৰত এইমছৰ বাবে উপগ্ৰহ কেন্দ্ৰ, ড্ৰোন প্ৰয়োগ গৱেষণা কেন্দ্ৰ আৰু ক্ষুদ্ৰ ঔদ্যোগিক চহৰ স্থাপনৰ সাফল্যৰ তালিকাভুক্ত কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে কেন্দ্ৰৰ দ্বাৰা ২ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প ইতিমধ্যে ৰাজ্যখনত চলি আছে আৰু সংযোগ প্ৰকল্পসমূহ দ্ৰুত গতিত সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৬ চনৰ ভিতৰত ঋষিকেশ-কৰ্ণপ্ৰয়াগ ৰে’ল প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ চৰকাৰ সাজু হৈছে। তেওঁ লগতে কয় যে উত্তৰাখণ্ডৰ ১১টা ৰে’ল ষ্টেচন অমৃত ষ্টেচন হিচাপে গঢ়ি তোলা হৈছে আৰু দিল্লী আৰু দেৰাডুনৰ মাজত যাত্ৰাৰ সময় ২.৫ ঘণ্টাৰ হ্ৰাস পোৱাকৈ এক্সপ্ৰেছৱে’ৰ কাম সম্পূৰ্ণ কৰা হৈছে। তেওঁ কয় যে এই উন্নয়নে প্ৰব্ৰজনৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখিছে।
উন্নয়নৰ লগতে চৰকাৰেও ঐতিহ্য সংৰক্ষণৰ কামত নিয়োজিত বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেদাৰনাথ মন্দিৰৰ এক ভব্য আৰু ঐশ্বৰিক পুনৰ্নিৰ্মাণ চলি আছে। বদ্ৰীনাথ ধামৰ উন্নয়নমূলক কাম-কাজৰ দ্ৰুত অগ্ৰগতিৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে মানস্কাণ্ড মন্দিৰ মিছন মালা আঁচনিৰ প্ৰথম পৰ্যায়ত ১৬টা প্ৰাচীন মন্দিৰ গঢ়ি তোলা হৈছে। “সকলো বতৰৰ উপযোগী পথে চৰ ধাম যাত্ৰাৰ প্ৰৱেশ সহজ কৰি তুলিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে পৰ্বত মালা আঁচনিৰ অধীনত ধৰ্মীয় আৰু পৰ্যটনস্থলীসমূহক ৰ’পৱেৰ দ্বাৰা সংযোগ কৰা হৈছে। শ্ৰী মোদীয়ে ‘ভাইব্ৰেণ্ট ভিলেজ’ আঁচনিখন মানা গাঁৱৰ পৰা আৰম্ভ কৰা বুলি মন্তব্য কৰি কয় যে চৰকাৰে সীমান্ত গাঁওসমূহক পূৰ্বৰ শেষ গাঁৱৰ নামকৰণৰ বিপৰীতে দেশৰ ‘প্ৰথম গাঁও’ হিচাপে গণ্য কৰে। তেওঁ লগতে কয় যে ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত ২৫খন গাঁৱৰ উন্নয়ন চলি আছে আৰু এনে প্ৰচেষ্টাৰ ফলত উত্তৰাখণ্ডৰ পৰ্যটনৰ সৈতে জড়িত সুযোগসমূহ বৃদ্ধি পাইছে যাৰ ফলত উত্তৰাখণ্ডৰ যুৱক-যুৱতীসকলৰ চাকৰিৰ সুযোগ বৃদ্ধি পাইছে। এক প্ৰতিবেদনৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই বছৰত ৬ কোটি পৰ্যটক আৰু তীৰ্থযাত্ৰী উত্তৰাখণ্ড ভ্ৰমণ কৰিছিল। তেওঁ লগতে কয় যে যোৱা বছৰ ৫৪ লাখ তীৰ্থযাত্ৰী চাৰধাম ভ্ৰমণ কৰিছিল, ২০১৪ চনৰ পূৰ্বে ২৪ লাখ তীৰ্থযাত্ৰী ভ্ৰমণ কৰিছিল, যাৰ ফলত হোটেল, হোমষ্টে, পৰিবহণ এজেণ্ট, কেব চালক আদিয়ে উপকৃত হৈছিল। তেওঁ লগতে উল্লেখ কৰে যে যোৱা কেইবছৰমানৰ ভিতৰত ৫০০০ৰো অধিক হোমষ্টে পঞ্জীয়ন কৰা হৈছে।
উত্তৰাখণ্ডৰ সিদ্ধান্ত আৰু নীতিয়ে দেশৰ বাবে আদৰ্শ দাঙি ধৰিছে বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশে আলোচনা কৰি থকা ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ লগতে যুৱক-যুৱতীসকলক সুৰক্ষা প্ৰদানৰ বাবে প্ৰৱঞ্চনাৰ জাল বিৰোধী আইন প্ৰণয়নৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ৰাজ্যখনত স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া চলি আছে।
প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ জনসাধাৰণৰ বাবে ৫টা আৰু ৰাজ্যখনলৈ ভ্ৰমণৰ বাবে অহা তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে ৯টা অনুৰোধ জনাইছো। তেওঁ ঘৰৱালী, কুমাওনী, জৌনছাৰীৰ দৰে ভাষা সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যবাসীক ভৱিষ্যত প্ৰজন্মক ভাষাসমূহ শিকাবলৈ আহ্বান জনায়। দ্বিতীয়তে, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ সকলোকে ‘এক পেড় মা কে নাম’ অভিযানক আগুৱাই নিবলৈ আহ্বান জনায়। তৃতীয়তে, তেওঁ জল সংৰক্ষণ আৰু জল অনাময়ৰ সৈতে জড়িত অধিক অভিযান চলাবলৈ আহ্বান জনায়। চতুৰ্থতে, তেওঁ নাগৰিকসকলক নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ নিজৰ গাঁও ভ্ৰমণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পঞ্চমতে, তেওঁ ৰাজ্যৰ পৰম্পৰাগত ঘৰসমূহৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি হোমষ্টেলৈ ৰূপান্তৰিত কৰাৰ পৰামৰ্শ আগবঢ়ায়।
ৰাজ্যখনলৈ অহা পৰ্যটক আৰু তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বাবে চাৰিটা অনুৰোধ জনায়। তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা বিৰত থাকিবলৈ, ‘ভোকেল ফৰ লোকেল’ৰ মন্ত্ৰটো মনত ৰাখিবলৈ আৰু মুঠ ব্যয়ৰ কমেও ৫ শতাংশ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ বাবে ব্যয় কৰিবলৈ, যান-বাহনৰ নিয়ম মানি চলিবলৈ আৰু শেষত মন্দিৰ আৰু ধৰ্মীয় স্থানৰ শিষ্টাচাৰ বজাই ৰাখিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এই ৯টা অনুৰোধে উত্তৰাখণ্ডৰ দেৱভূমিৰ পৰিচয় সুদৃঢ় কৰাত বৃহৎ ভূমিকা পালন কৰিব বুলি আলোকপাত কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে দেশৰ সংকল্পসমূহ সম্পন্ন কৰাত উত্তৰাখণ্ডে বৃহৎ ভূমিকা পালন কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে।
***
MJPS/SR/TS/DB
(Release ID: 2177994)
Visitor Counter : 6
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam