প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কুৱেইটৰ শ্ৰমিক শিবিৰ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
21 DEC 2024 7:00PM by PIB Guwahati
কুৱেইট ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১৫০০ ভাৰতীয় নাগৰিকৰ কৰ্মবাহিনীৰ সৈতে কুৱেইটৰ মিনা আব্দুল্লা অঞ্চলৰ শ্ৰমিক শিবিৰ পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যোৱা ভাৰতীয় শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সৈতে কুশল-বাৰ্তা বিনিময় কৰে।
শ্ৰমিক শিবিৰৰ ভ্ৰমণটো হৈছে প্ৰধানমন্ত্ৰীয়ে বিদেশত থকা ভাৰতীয় শ্ৰমিকসকলৰ কল্যাণৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ প্ৰতীক। যোৱা কেইবছৰমানত চৰকাৰে ‘ই-মাইগ্ৰেট পৰ্টেল’, ‘মদদ(এমএডিএডি) পৰ্টেল’-ৰ দৰে কেইবাটাও প্ৰযুক্তি-আধাৰিত পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিদেশত থকা ভাৰতীয় শ্ৰমিকসকলৰ কল্যাণৰ বাবে ‘প্ৰৱাসী ভাৰতীয় বীমা যোজনা’ উন্নীত কৰিছে।
***
MJPS/SR/KB
(ৰিলিজ আই ডি : 2177983)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam