প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ প্ৰদেশৰ কনৌজত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে; ‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা

प्रविष्टि तिथि: 06 DEC 2024 8:05PM by PIB Guwahati

 

আজি উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি আজি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ বাবে দুখিত। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক। স্থানীয় প্ৰশাসনে প্ৰভাৱিত লোকসকলক সহায় কৰি আছে।

প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী

@narendramodi"

 

 

***

MJPS/VJ/KB


(रिलीज़ आईडी: 2177976) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam