প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যৌথ বিবৃতিঃ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কুৱেইট ভ্ৰমণ (২১-২২ ডিচেম্বৰ, ২০২৪)
Posted On:
22 DEC 2024 7:46PM by PIB Guwahati
কুৱেইটৰ মহামহিম আমিৰ শ্বেখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১-২২ ডিচেম্বৰ, ২০২৪ত কুৱেইট ভ্ৰমণ কৰে। এয়া তেওঁৰ প্ৰথম কুৱেইট ভ্ৰমণ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২১ ডিচেম্বৰত কুৱেইটত অনুষ্ঠিত ২৬সংখ্যক আৰব উপসাগৰীয় কাপৰ মুকলি অনুষ্ঠানত মহামহিম আমিৰ শ্বেখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে।
কুৱেইটৰ মহামহিম আমিৰ শ্বেখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহ আৰু মহামহিম শ্বেখ চাবাহ আল-খালেদ আল-ছাবাহ আল-হামাদ আল-মুবাৰক আল-ছাবাহ, কুৱেইটৰ ক্ৰাউন প্ৰিন্সে ২২ ডিচেম্বৰ, ২০২৪ত বায়ান পেলেচত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আদৰণি আৰু সম্বৰ্ধনা জনায়। কুৱেইটৰ মহামহিম আমীৰ শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ সন্মান ‘মুবাৰক আল কাবীৰৰ অৰ্ডাৰ’ প্ৰদানেৰে গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক, বিশ্বব্যাপী, আঞ্চলিক আৰু বহুপাক্ষিক বিষয়সমূহৰ ওপৰত মত বিনিময় কৰে।
পৰম্পৰাগত, ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক আৰু সকলো ক্ষেত্ৰতে সহযোগিতা গভীৰ কৰাৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োগৰাকী নেতাই ভাৰত আৰু কুৱেইটৰ মাজৰ সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিবলৈ সন্মত হয়। নেতাসকলে দৃঢ়তাৰে কয় যে দুয়োখন দেশৰ উমৈহতীয়া স্বাৰ্থৰ লগত সংগতি ৰাখি ই দুয়োখন দেশৰ জনসাধাৰণক পাৰস্পৰিক লাভ প্ৰদান কৰিব। দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপন কৰিলে আমাৰ দীৰ্ঘদিনীয়া ঐতিহাসিক সম্পৰ্ক আৰু অধিক বহল আৰু গভীৰ হ’ব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেখ আহমদ আব্দুল্লাহ আল আহমদ আল-জাবেৰ আল-মুবাৰক আল-ছাবাহৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। নতুনকৈ প্ৰতিষ্ঠা কৰা কৌশলগত অংশীদাৰিত্বই দুয়োপক্ষৰ ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, শক্তি, সংস্কৃতি, শিক্ষা, প্ৰযুক্তি আৰু দুয়ো দেশৰ মানুহৰ লগত সম্পৰ্ককে ধৰি মূল ক্ষেত্ৰসমূহত ব্যাপক আৰু গাঁথনিগত সহযোগিতাৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।
দুয়োপক্ষই মিলিত ইতিহাস আৰু সাংস্কৃতিক আত্মীয়তাৰ মাজত শিপাই থকা শতিকাজুৰি চলি অহা ঐতিহাসিক সম্পৰ্কক স্মৰণ কৰে। তেওঁলোকে বিভিন্ন পৰ্যায়ত নিয়মীয়া পাৰস্পৰিক ক্ৰিয়া-কলাপক সন্তুষ্টিৰে লক্ষ্য কৰে যিয়ে বহুমুখী দ্বিপাক্ষিক সহযোগিতাৰ গতি সৃষ্টি আৰু বজাই ৰখাত সহায় কৰিছে। দুয়োপক্ষই মন্ত্ৰী আৰু জ্যেষ্ঠ-বিষয়া পৰ্যায়ত নিয়মীয়া দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে শেহতীয়া গতি বজাই ৰখাত গুৰুত্ব আৰোপ কৰে।
শেহতীয়াকৈ ভাৰত আৰু কুৱেইটৰ মাজত সহযোগিতা সম্পৰ্কীয় যুটীয়া আয়োগ (জেচিচি) প্ৰতিষ্ঠা কৰা কাৰ্যক দুয়োপক্ষই আদৰণি জনায়। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ স্পেকট্ৰাম পুনৰীক্ষণ আৰু নিৰীক্ষণৰ বাবে জেচিচি হ’ব এক প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু ইয়াৰ নেতৃত্বত থাকিব দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰী। স্বাস্থ্য, জনশক্তি আৰু হাইড্ৰ’কাৰ্বনৰ শেহতীয়া জেডব্লিউজিসমূহৰ উপৰি বিভিন্ন ক্ষেত্ৰত আমাৰ দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে বাণিজ্য, বিনিয়োগ, শিক্ষা আৰু দক্ষতা বিকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী, কৃষি আৰু সংস্কৃতিৰ ক্ষেত্ৰত নতুন যৌথ কৰ্মীগোট (জেডব্লিউজি) গঠন কৰা হৈছে। দুয়োপক্ষই জেচিচি আৰু ইয়াৰ অধীনত থকা জেডব্লিউজিৰ বৈঠকসমূহ আগতীয়াকৈ আহ্বান কৰাত গুৰুত্ব আৰোপ কৰে।
দুয়োপক্ষই দুয়োখন দেশৰ মাজত বাণিজ্য এক চিৰস্থায়ী যোগসূত্ৰ হিচাপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি দ্বিপাক্ষিক বাণিজ্যৰ অধিক বৃদ্ধি আৰু বৈচিত্ৰ্যৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ব্যৱসায়িক প্ৰতিনিধি দলৰ বিনিময়ক প্ৰসাৰিত কৰা আৰু প্ৰতিষ্ঠানিক সংযোগ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
ভাৰতীয় অৰ্থনীতি যে দ্ৰুতগতিত বৃদ্ধি পোৱা উদীয়মান প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম সেই কথা স্বীকাৰ কৰি আৰু কুৱেইটৰ উল্লেখযোগ্য বিনিয়োগ ক্ষমতাক স্বীকাৰ কৰি দুয়োপক্ষই ভাৰতত বিনিয়োগৰ বিভিন্ন পথৰ বিষয়ে আলোচনা কৰে। কুৱেইট পক্ষই প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই, প্ৰযুক্তি, পৰ্যটন, স্বাস্থ্যসেৱা, খাদ্য-নিৰাপত্তা, লজিষ্টিক আদিকে ধৰি বিভিন্ন খণ্ডত বিনিয়োগৰ সুযোগ বিচাৰি উলিয়াবলৈ আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকে ভাৰতীয় প্ৰতিষ্ঠান, কোম্পানী আৰু পুঁজিৰ সৈতে কুৱেইটৰ বিনিয়োগ কৰ্তৃপক্ষৰ মাজত অধিক ঘনিষ্ঠ আৰু অধিক সংযোগৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। তেওঁলোকে দুয়োখন দেশৰ কোম্পানীসমূহক আন্তঃগাঁথনি প্ৰকল্পত বিনিয়োগ আৰু অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। লগতে দুয়োখন দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষক দ্বিপাক্ষিক বিনিয়োগ চুক্তি সন্দৰ্ভত চলি থকা আলোচনা ক্ষিপ্ৰতাৰে আৰু সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
দুয়োপক্ষই শক্তি খণ্ডত দ্বিপাক্ষিক অংশীদাৰিত্ব বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে। দ্বিপাক্ষিক শক্তি বাণিজ্যৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁলোকে এই কথাত একমত হয় যে ইয়াক আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। তেওঁলোকে সহযোগিতাক ক্ৰেতা-বিক্ৰেতাৰ সম্পৰ্কৰ পৰা উৰ্ধমুখী আৰু নিম্নমুখী দিশত অধিক সহযোগিতাৰে এক ব্যাপক অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। দুয়োপক্ষই দুয়োখন দেশৰ কোম্পানীসমূহক তেল আৰু গেছ অন্বেষণ আৰু উৎপাদন, শোধন, অভিযান্ত্ৰিক সেৱা, পেট্ৰ’কেমিকেল উদ্যোগ, নতুন আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ভাৰতৰ কৌশলগত পেট্ৰলিয়াম মজুত কাৰ্যসূচীত কুৱেইটৰ অংশগ্ৰহণ সন্দৰ্ভতো আলোচনা কৰিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে।
ভাৰত আৰু কুৱেইটৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতিৰক্ষা এক গুৰুত্বপূৰ্ণ উপাদান বুলি দুয়োপক্ষই সহমত প্ৰকাশ কৰে। যৌথ সামৰিক অনুশীলন, প্ৰতিৰক্ষা কৰ্মীক প্ৰশিক্ষণ, উপকূলীয় প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, যৌথ উন্নয়ন আৰু প্ৰতিৰক্ষা সঁজুলি উৎপাদনকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় কাঠামো প্ৰদান কৰিব পৰা প্ৰতিৰক্ষা ক্ষেত্ৰত দুয়োপক্ষই বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটো আদৰণি জনায়।
দুয়োপক্ষই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক বিনাদ্বিধায় গৰিহণা দি সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক আৰু নিৰাপদ আশ্ৰয়স্থলসমূহ বিঘ্নিত কৰাৰ লগতে সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ভাঙি পেলোৱাৰ আহ্বান জনায়। নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ চলিত দ্বিপাক্ষিক সহযোগিতাৰ শলাগ লৈ দুয়োপক্ষই সন্ত্ৰাসবাদ বিৰোধী অভিযান, ধন সৰবৰাহ বিৰোধী, ড্ৰাগছ সৰবৰাহ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অপৰাধ, তথ্য আৰু চোৰাংচোৱাৰ বিনিময়, অভিজ্ঞতা, উত্তম পদ্ধতি আৰু প্ৰযুক্তিৰ বিকাশ আৰু বিনিময়, সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে আইন প্ৰয়োগকাৰী ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মত হয়। সন্ত্ৰাসবাদ, উগ্ৰবাদ আৰু সামাজিক সম্প্ৰীতি বিঘ্নিত কৰাৰ বাবে চাইবাৰৰ ব্যৱহাৰ প্ৰতিৰোধকে ধৰি চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়সমূহৰ বিষয়ে দুয়োপক্ষই আলোচনা কৰে। ভাৰতীয় পক্ষই ৪-৫ নৱেম্বৰ, ২০২৪ত কুৱেইট ৰাজ্যই আয়োজন কৰা "সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তৰ্জাতিক সহযোগিতা বৃদ্ধি আৰু সীমান্ত সুৰক্ষাৰ বাবে সুস্থিৰ ব্যৱস্থা গঢ়ি তোলা-দুশানবে প্ৰক্ৰিয়াৰ কুৱেইট পৰ্যায়" শীৰ্ষক চতুৰ্থ উচ্চ পৰ্যায়ৰ সন্মিলনৰ ফলাফলক প্ৰশংসা কৰে।
দুয়োপক্ষই স্বাস্থ্য সহযোগিতাক দ্বিপাক্ষিক সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে স্বীকাৰ কৰি এই গুৰুত্বপূৰ্ণ খণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতাৰ শলাগ লয়। কুৱেইটত ভাৰতীয় ঔষধ উৎপাদন কাৰখানা স্থাপনৰ সম্ভাৱনীয়তা সন্দৰ্ভত আলোচনা কৰে। ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ মাজত বুজাবুজি চুক্তিৰ ওপৰত চলি থকা আলোচনাত চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যও প্ৰকাশ কৰে।
উদীয়মান প্ৰযুক্তি, অৰ্ধপৰিবাহী আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি প্ৰযুক্তিৰ ক্ষেত্ৰত গভীৰ সহযোগিতা আগবঢ়াবলৈ দুয়োপক্ষই আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকে বিটুবি সহযোগিতা অন্বেষণ কৰাৰ পথসমূহৰ বিষয়ে আলোচনা কৰে, ই-গভৰ্নেন্সক আগুৱাই নিয়া আৰু ইলেক্ট্ৰনিকছ আৰু আইটিখণ্ডৰ নীতি আৰু নিয়ন্ত্ৰণত দুয়োখন দেশৰ উদ্যোগ/কোম্পানীসমূহক সুবিধা প্ৰদানৰ বাবে উত্তম পদ্ধতিসমূহৰ অংশীদাৰিত্ব কৰে।
কুৱেইট পক্ষই ভাৰতৰ খাদ্য-নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতৰ সৈতে সহযোগিতাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে। ভাৰতৰ ফুড পাৰ্কসমূহত কুৱেইট কোম্পানীসমূহে কৰা বিনিয়োগকে ধৰি সহযোগিতাৰ বিভিন্ন পথৰ বিষয়ে দুয়োপক্ষই আলোচনা কৰে।
ভাৰতীয় পক্ষই আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ (আইএছএ) সদস্য হোৱাৰ কুৱেইটৰ সিদ্ধান্তক আদৰণি জনায়, যিয়ে কম কাৰ্বনযুক্ত বৃদ্ধিৰ ট্ৰেজেক্টৰী বিকশিত আৰু নিয়োগ আৰু বহনক্ষম শক্তি সমাধানৰ পোষকতাত সহযোগিতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰে। দুয়োপক্ষই আইএছএৰ ভিতৰত সমগ্ৰ বিশ্বতে সৌৰশক্তিৰ নিয়োগ বৃদ্ধিৰ দিশত ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়।
দুয়োপক্ষই শেহতীয়াকৈ দুয়োখন দেশৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ মাজত হোৱা বৈঠকৰ কথা উল্লেখ কৰে। দুয়োপক্ষই দ্বিপাক্ষিক বিমান আসনৰ ক্ষমতা বৃদ্ধি আৰু ইয়াৰ লগত জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে। আগতীয়াকৈ পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানত উপনীত হ’বলৈ আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হয়।
কলা, সংগীত আৰু সাহিত্য উৎসৱত বৃহত্তৰ সাংস্কৃতিক আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰা ২০২৫-২০২৯ চনৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচী (চিইপি)ৰ নবীকৰণৰ শলাগ লৈ দুয়োপক্ষই মানুহৰ সৈতে মানুহৰ সংস্পৰ্শ আৰু অধিক বৃদ্ধি আৰু সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।
২০২৫-২০২৮ বৰ্ষৰ বাবে ক্ৰীড়া ক্ষেত্ৰত সহযোগিতাৰ কাৰ্যবাহী কাৰ্যসূচীত স্বাক্ষৰিত হোৱাত দুয়োপক্ষই সন্তুষ্টি প্ৰকাশ কৰে। যিয়ে ক্ৰীড়াবিদৰ পাৰস্পৰিক বিনিময় আৰু ভ্ৰমণ, কৰ্মশালা, আলোচনা চক্ৰ আৰু সন্মিলনৰ আয়োজন, দুয়োখন ৰাষ্ট্ৰৰ মাজত ক্ৰীড়া প্ৰকাশনৰ আদান-প্ৰদানকে ধৰি ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিব।
দুয়োখন দেশৰ উচ্চ শিক্ষানুষ্ঠানৰ মাজত প্ৰতিষ্ঠানিক সংযোগ আৰু আদান-প্ৰদান শক্তিশালী কৰাকে ধৰি শিক্ষা সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলি দুয়োপক্ষই আলোকপাত কৰে। দুয়োপক্ষই শৈক্ষিক প্ৰযুক্তিৰ ক্ষেত্ৰতো সহযোগিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰে, শৈক্ষিক আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে অনলাইন শিক্ষণ মঞ্চ আৰু ডিজিটেল পুথিভঁৰালৰ সুযোগ বিচাৰি উলিওৱা।
শ্বেইখ সাউদ আল নাছেৰ আল চাবাহ কুৱেইট কূটনীতিবিদ প্ৰতিষ্ঠান আৰু সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন ছাৰ্ভিচ(এছএছআইএফএছ)ৰ মাজত বুজাবুজিৰ চুক্তিৰ অধীনত চলিত কাৰ্যসূচীৰ অংশ হিচাপে দুয়োপক্ষই নতুন দিল্লীৰ এছএছআইএফএছত কুৱেইটৰ কূটনীতিবিদ আৰু বিষয়াসকলৰ বাবে বিশেষ পাঠ্যক্ৰম আয়োজন কৰাৰ প্ৰস্তাৱক আদৰণি জনায়।
দুয়োপক্ষই স্বীকাৰ কৰে যে শতিকা পুৰণি জনসাধাৰণৰ সম্পৰ্কই ঐতিহাসিক ভাৰত-কুৱেইট সম্পৰ্কৰ এক মৌলিক স্তম্ভক প্ৰতিনিধিত্ব কৰে। কুৱেইটৰ নেতৃত্বই কুৱেইটত থকা ভাৰতীয় সম্প্ৰদায়ে তেওঁলোকৰ আতিথ্য দেশখনৰ অগ্ৰগতি আৰু উন্নয়নৰ বাবে আগবঢ়োৱা ভূমিকা আৰু অৱদানৰ বাবে গভীৰ শলাগ লৈ কয় যে কুৱেইটত থকা ভাৰতীয় নাগৰিকসকলক তেওঁলোকৰ শান্তিপূৰ্ণ আৰু কঠোৰ পৰিশ্ৰমী স্বভাৱৰ বাবে অতিশয় সন্মান কৰা হয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ এই বৃহৎ আৰু প্ৰাণৱন্ত ভাৰতীয় সমূদায়ৰ কল্যাণ আৰু মংগল সুনিশ্চিত কৰাৰ বাবে কুৱেইটৰ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে।
দুয়োপক্ষই জনশক্তিৰ গতিশীলতা আৰু মানৱ সম্পদৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া আৰু ঐতিহাসিক সহযোগিতাৰ গভীৰতা আৰু গুৰুত্বৰ ওপৰত জোৰ দিয়ে। দুয়োপক্ষই প্ৰবাসী, শ্ৰমিক গতিশীলতা আৰু পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ সৈতে জড়িত বিষয়সমূহৰ সমাধানৰ বাবে কনছুলাৰ ডাইলগৰ লগতে শ্ৰমিক আৰু জনশক্তি আলোচনাৰ নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মত হয়।
ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপক্ষীয় মঞ্চত দুয়োপক্ষৰ উৎকৃষ্ট সমন্বয়ক দুয়োপক্ষই শলাগ লয়। ২০২৩ চনত ভাৰতৰ চাংহাই সহযোগিতা সংস্থা (এছচিঅ’)ৰ সভাপতিত্বৰ সময়ত এছচিঅ’ত ‘সংলাপ অংশীদাৰ’ হিচাপে কুৱেইটৰ প্ৰৱেশক ভাৰতীয় পক্ষই আদৰণি জনায়।এছিয়ান সহযোগিতা আলোচনা (এচিডি)ত কুৱেইটৰ সক্ৰিয় ভূমিকাকো ভাৰতীয় পক্ষই শলাগ লয়। কুৱেইট পক্ষই এচিডিক আঞ্চলিক সংগঠনলৈ ৰূপান্তৰিত কৰাৰ সম্ভাৱনাৰ সন্ধানৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰ কুৱেইটে জিচিচিৰ অধ্যক্ষতা পদ গ্ৰহণ কৰাৰ বাবে মহামহিম আমিৰক অভিনন্দন জনায় আৰু তেওঁৰ দূৰদৰ্শী নেতৃত্বত ভাৰত-জিচিচিৰ ক্ৰমবৰ্ধমান সহযোগিতা আৰু অধিক শক্তিশালী হ’ব বুলি আস্থা প্ৰকাশ কৰে। ২০২৪ চনৰ ৯ ছেপ্টেম্বৰত ৰিয়াধত অনুষ্ঠিত বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ উদ্বোধনী ভাৰত-জিচিচি যুটীয়া মন্ত্ৰীসভাৰ কৌশলগত আলোচনাৰ ফলাফলক দুয়োপক্ষই আদৰণি জনায়।জিচিচিৰ বৰ্তমানৰ অধ্যক্ষ হিচাপে কুৱেইট পক্ষই শেহতীয়াকৈ গ্ৰহণ কৰা যুটীয়া কাৰ্য্য পৰিকল্পনাৰ অধীনত স্বাস্থ্য, বাণিজ্য, নিৰাপত্তা, কৃষিকে ধৰি ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা আৰু খাদ্য সুৰক্ষা, পৰিবহণ, শক্তি, সংস্কৃতি আদি ক্ষেত্ৰত ভাৰত-জিচিচি গভীৰ কৰাৰ বাবে সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে। ভাৰত-জিচিচি মুক্ত বাণিজ্য চুক্তিখন আগতীয়াকৈ সমাপ্ত কৰাৰ গুৰুত্বৰ ওপৰতো দুয়োপক্ষই জোৰ দিয়ে।
ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰেক্ষাপটত দুয়োজন নেতাই বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত এক মূল কাৰক হিচাপে সমসাময়িক বাস্তৱতাক প্ৰতিফলিত কৰা ৰাষ্ট্ৰসংঘক কেন্দ্ৰ কৰি এক ফলপ্ৰসূ বহুপক্ষীয় ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। দুয়োপক্ষই সদস্যপদৰ দুয়োটা শ্ৰেণীতে সম্প্ৰসাৰণৰ জৰিয়তে নিৰাপত্তা পৰিষদকে ধৰি ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে ইয়াক অধিক প্ৰতিনিধিত্বমূলক, বিশ্বাসযোগ্য আৰু ফলপ্ৰসূ কৰি তোলা হয়।
এই ভ্ৰমণৰ সময়ত নিম্নোলিখিত নথিসমূহ স্বাক্ষৰ/বিনিময় কৰা হয়, যিয়ে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহৰ বাবে মুকলি পথ মুকলি কৰিব:
● প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় ভাৰত আৰু কুৱেইটৰ মাজত বুজাবুজি চুক্তি।
● ২০২৫-২০২৯ বৰ্ষৰ বাবে ভাৰত আৰু কুৱেইটৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী।
● ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু কুৱেইট ৰাজ্য চৰকাৰৰ যুৱ আৰু ক্ৰীড়া ৰাজহুৱা কৰ্তৃপক্ষৰ মাজত ২০২৫-২০২৮ চনৰ বাবে ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত ভাৰত আৰু কুৱেইটৰ মাজত কাৰ্যবাহী কাৰ্যসূচী।
● আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীত (আইএছএ) কুৱেইটৰ সদস্যপদ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ আৰু তেওঁৰ প্ৰতিনিধি দলটোক আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে কুৱেইটৰ মহামহিম আমিৰক ধন্যবাদ জনায়। এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ সুদৃঢ় বান্ধোনক পুনৰ দৃঢ় কৰে। নেতাসকলে এই নবীকৃত অংশীদাৰিত্বই দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰি আঞ্চলিক আৰু বৈশ্বিক সুস্থিৰতাত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ মহামহিম আমিৰ শ্বেইখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহ, ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ চাবাহ আল খালেদ আল ছাবাহ আল হামাদ আল মুবাৰক আল ছাবাহ আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেইখ আহমদ আব্দুল্লাহ আল-আহমদ আল-জাবেৰ আল-মুবাৰকক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।
*****
MJPS/ST/SKS
(Release ID: 2177675)
Visitor Counter : 4
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam