তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় টেলিভিছনলৈ পুনৰ আহিব ভাৰতৰ মহাকাব্য ‘মহাভাৰত’

আজিৰ প্ৰজন্মৰ বাবে ‘মহাভাৰত’ৰ পুনঃ কল্পনা কৰিবলৈ ‘প্ৰসাৰ ভাৰতী’ আৰু ‘কালেকটিভ মিডিয়া নেটৱৰ্ক’ৰ জোঁটবন্ধন

Posted On: 10 OCT 2025 11:56AM by PIB Guwahati

 

ভাৰতৰ আটাইতকৈ বিখ্যাত মহাকাব্য – ‘মহাভাৰতটৰ ‘এআই’ নেতৃত্বাধীন এক যুগান্তকাৰী পুনঃ কল্পনাৰ কথা ঘোষণা কৰিছে ‘কালেকটিভ মিডিয়া নেটৱৰ্ক’-য়ে। ২০২৫ চনৰ ২৫ অক্টোবৰত WAVES OTT ত  ধাৰাবহিকখনৰ আচুতীয়া ডিজিটেল প্ৰিমিয়াৰ হ’ব, তাৰ পিছত ২ নৱেম্বৰ ২০২৫ৰ পৰা প্ৰতি দেওবাৰে পুৱা ১১:০০ বজাত ‘দূৰদৰ্শন’ত ইয়াৰ প্ৰদৰ্শন হ’ব। ধাৰাবাহিকখন একেলগে WAVES OTT ৰ জৰিয়তে সমগ্ৰ ভাৰত আৰু বিশ্বৰ ডিজিটেল দৰ্শকৰ বাবেও উপলব্ধ হ’ব।

এইধৰণৰ প্ৰথমটো সহযোগিতাই ভাৰতৰ ৰাজহুৱা সম্প্ৰচাৰক সংস্থাটোৰ উত্তৰাধিকাৰিত্ব আৰু দেশব্যাপী প্ৰসাৰক পৰৱৰ্তী প্ৰজন্মৰ সংবাদ মাধ্যমৰ নেটৱৰ্কৰ সৃষ্টিশীল উদ্ভাৱনৰ সৈতে যুক্ত কৰিছে। উন্নত এআই উপকৰণসমূহৰ সহায় লৈ কৰা এই ধাৰাবাহিকখনত বিশাল মহাভাৰত, বিশ্বব্ৰহ্মাণ্ড, ইয়াৰ চৰিত্ৰ, যুদ্ধক্ষেত্ৰ, আৱেগ, আৰু নৈতিক দ্বিধাদ্বন্দ্বসমূহক চিনেমাৰ পৰিসৰ আৰু আকৰ্ষণীয় বাস্তৱবাদৰ সৈতে পুনৰ নিৰ্মাণ কৰি সন্নিৱিষ্ট কৰা হৈছে। ঐতিহ্য আৰু উদ্ভাৱনে কেনেকৈ একেলগে আগবাঢ়িব পাৰে তাকে প্ৰদৰ্শন কৰা এই প্ৰকল্পটোৱে ‘মে’ক ইন ইণ্ডিয়া’ আৰু ‘ডিজিটেল ইণ্ডিয়া’ৰ মনোভাৱক মূৰ্ত কৰি তুলিছে।

সহযোগিতা সন্দৰ্ভত মন্তব্য কৰি  ‘প্ৰসাৰ ভাৰতী’ৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয়, "প্ৰসাৰ ভাৰতীয়ে সদায় প্ৰতিখন ভাৰতীয় ঘৰলৈ ৰাষ্ট্ৰীয় আৰু সাংস্কৃতিক তাৎপৰ্যপূৰ্ণ কাহিনীসমূহক কঢ়িয়াই আনিছে। ‘লকডাউন’ৰ সময়ত মূল ‘মহাভাৰত’ৰ পুনৰ সম্প্ৰচাৰে আমাক সোঁৱৰাই দিলে যে এই আখ্যানসমূহে পৰিয়াল আৰু প্ৰজন্মসমূহক কিমান গভীৰভাৱে বান্ধি ৰাখে। ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মহাকাব্যসমূহক, পৰম্পৰাক সন্মান জনোৱাৰ লগতে নতুনকৈ গল্প কোৱাৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি আঁকোৱালি লোৱা ই হৈছে আধুনিক সম্প্ৰচাৰত ‘বিকাশ আৰু ঐতিহ্য’ সন্মিলিত হোৱাৰ অনন্য প্ৰকাশ।”

এই অংশীদাৰিত্বৰ বিষয়ে চিন্তা কৰি ‘কালেকটিভ আৰ্টিষ্ট নেটৱৰ্ক’-ৰ প্ৰতিষ্ঠাপক তথা ‘গ্ৰুপ চিইঅ’ বিজয় সুব্ৰমণিয়মে মন্তব্য কৰে যে, “লাখ লাখ ভাৰতীয়ৰ দৰে ময়ো প্ৰতি দেওবাৰে টেলিভিছনত ধ্ৰুপদী ‘মহাভাৰত’ চাই ডাঙৰ হৈছোঁ। এয়া এনে এক অভিজ্ঞতা আছিল যিয়ে মোৰ কল্পনাশক্তি আৰু আমাৰ সংস্কৃতিৰ সৈতে মোৰ সংযোগক গঢ় দিছিল। সেইখন ‘মহাভাৰত’-য়েই, অৱশ্য সাম্প্ৰতিক সময়ৰ প্ৰযুক্তিৰ সম্ভাৱনাৰে বৰ্ণনা কৰা,   তাহানি আমি অনুভৱ কৰা সংপৃক্ততা আৰু একাত্মতাৰ অনুভৱকে আজিৰ প্ৰজন্মকো প্ৰদান কৰিব বুলি আমি আশ কৰিছোঁ। এয়া হৈছে ভক্তি আৰু প্ৰগতিৰ সৈতে বিশেষ এক সৃষ্টিৰ প্ৰয়াস, যি পৰম্পৰাত গভীৰভাৱে প্ৰোথিত আৰু সাহসেৰে দূৰদৰ্শী।”

‘প্ৰসাৰ ভাৰতী’ৰ অফিচিয়েল অ’টিটি প্লেটফৰ্ম WAVES-য়ে ভাৰতৰ সংস্কৃতি, বাতৰি, আৰু মনোৰঞ্জনৰ চহকী গতিধাৰাক এটা ডিজিটেল গন্তব্যস্থানত সন্মিলিত কৰে। ভিডিঅ'-অন-ডিমাণ্ড, লাইভ ইভেন্ট, আৰু টিভি, ৰেডিঅ', অডিঅ', আৰু আলোচনীৰ বিষয়বস্তুৰ বিস্তৃত সম্ভাৰৰ বৈশিষ্ট্যযুক্ত, WAVES-য়ে ইয়াৰ বিশ্বাসযোগ্য, পৰিয়াল-বন্ধুত্বপূৰ্ণ, আৰু বহুভাষিক উপস্থাপনেৰে দ্ৰুতভাৱে লাখ লাখ ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিছে। সমাৱেশী, উদ্ভাৱন, আৰু ঐতিহ্যৰ স্তম্ভত নিৰ্মিত এই মঞ্চই ভাৰতৰ কালজয়ী উত্তৰাধিকাৰিত্বক অত্যাধুনিক গল্পকথনৰ সৈতে সেতুবন্ধন কৰিছে। ‘কালেক্টিভ’ৰ  এ আই মহাভাৰত-ৰ সৈতে ইয়াৰ সহযোগিতাই প্ৰযুক্তি আৰু পৰম্পৰা কেনেকৈ একত্ৰিত হৈ সমগ্ৰ ভাৰত আৰু বিশ্বৰ দৰ্শকৰ মাজত অনুৰণন ঘটা শক্তিশালী, সমসাময়িক আখ্যানৰ সৃষ্টি কৰিব পাৰে তাৰে উদাহৰণ দাঙি ধৰিছে।

Edgar Coelho / Parshuram Kor/KB

 


(Release ID: 2177666) Visitor Counter : 10