ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
সমগ্ৰ ভাৰতত থলুৱা চিপ নিৰ্মাণ আৰু পেকেজিং ক্ষমতাৰ বাবে প্ৰতিভা বিকাশ কৰাত সহায় কৰিবলৈ আই আই টি, ভুৱনেশ্বৰত ‘নমো অৰ্ধপৰিবাহী পৰীক্ষাগাৰ’ স্থাপনত অনুমোদন
নমো ছেমিকণ্ডাক্টৰ লেবে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘ডিজাইন ইন ইণ্ডিয়া’ৰ পদক্ষেপক গতি প্ৰদান কৰিব
যুৱক-যুৱতীসকলক উদ্যোগৰ বাবে সাজু কৰিবলৈ দক্ষতাৰে সজ্জিত কৰিব
এই লেবটোৱে আই আই টি ভুৱনেশ্বৰক অৰ্ধপৰিবাহী গৱেষণা আৰু দক্ষতাৰকেন্দ্ৰ হিচাপে গঢ়ি তুলিব
Posted On:
05 OCT 2025 12:06PM by PIB Guwahati
কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ আই আই টি ভুৱনেশ্বৰত ‘নমো অৰ্ধপৰিবাহী পৰীক্ষাগাৰ’ স্থাপনৰ বাবে অনুমোদন জনাইছে। এমপিএলএডি আঁচনিৰ অধীনত এই প্ৰকল্পৰ বাবে ধন আগবঢ়োৱা হ’ব। প্ৰকল্পটোৰ আনুমানিক ব্যয় ৪.৯৫ কোটি টকা।
নমো অৰ্ধপৰিবাহী লেবে যুৱক-যুৱতীসকলক উদ্যোগৰ বাবে সাজু কৰিবলৈ দক্ষতাৰে সজ্জিত কৰি প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব। এই লেবটোৱে আই আই টি ভুৱনেশ্বৰক অৰ্ধপৰিবাহী গৱেষণা আৰু দক্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব । ই সমগ্ৰ ভাৰতত আহিবলগীয়া চিপ নিৰ্মাণ আৰু পেকেজিং গোটসমূহৰ বাবে প্ৰতিভা বিকাশত সহায় কৰিব।
নতুন লেবে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘ডিজাইন ইন ইণ্ডিয়া’ৰ পদক্ষেপক আৰু অধিক গতিশীল কৰি তুলিব। ই ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰত অনুঘটক হিচাপে কাম কৰিব।
ভাৰত বিশ্বব্যাপী ২০% চিপ ডিজাইন প্ৰতিভাধৰৰ বাসস্থান। সমগ্ৰ দেশৰ ২৯৫খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উদ্যোগটোৱে প্ৰদান কৰা শেহতীয়া ইডিএ সঁজুলি ব্যৱহাৰ কৰি আছে। এছচিএল মোহালীত ২০খন প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ডিজাইনৰ ২৮টা চিপ সাজু কৰি উলিয়াইছে।
আই আই টি ভুৱনেশ্বৰ কিয়
শেহতীয়াকৈ ওড়িশাই ভাৰত অৰ্ধপৰিবাহী অভিযানৰ অধীনত দুটা অৰ্ধপৰিবাহী প্ৰকল্পৰ অনুমোদন লাভ কৰিছে। ইয়াৰে এটা হৈছে ছিলিকন কাৰ্বাইড (SiC) ভিত্তিক যৌগিক অৰ্ধপৰিবাহীৰ বাবে এক সংহত সুবিধা। দ্বিতীয়টো হৈছে উন্নত থ্ৰীডি গ্লাছ পেকেজিং সুবিধা।
ইতিমধ্যে আই আই টি ভুৱনেশ্বৰত ছিলিকন কাৰ্বাইড গৱেষণা আৰু উদ্ভাৱন কেন্দ্ৰ (SiCRIC)আছে। নতুন লেবে প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ ক্লীনৰুমৰ সুবিধাসমূহৰ সৈতে সংযোজন ঘটাব। ই ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগক সহায় কৰিবলৈ গৱেষণা আৰু উন্নয়নৰ সুবিধা প্ৰদান কৰিব।
নমো অৰ্ধপৰিবাহী লেবৰ বিষয়ে
প্ৰস্তাৱিত লেবটোত অৰ্ধপৰিবাহী প্ৰশিক্ষণ, ডিজাইন আৰু নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সঁজুলি তথা
চফ্টৱেৰ থাকিব। সঁজুলিৰ বাবে আনুমানিক খৰচ ৪.৬ কোটি আৰু চফটৱেৰৰ বাবে ৩৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে ।
Dharmendra Tewari/DM
(Release ID: 2175173)
Visitor Counter : 7
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam