প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দাৰ্জিলিঙৰ দলং দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
Posted On:
05 OCT 2025 12:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দাৰ্জিলিঙৰ এখন দলং দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
‘দাৰ্জিলিঙত এখন দলং দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাওৱাসকলৰ বাবে গভীৰভাৱে ব্যথা অনুভৱ কৰিছো।যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা।আহতসকলে সোনকালে আৰোগ্য লাভ কৰক।
ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”
***
MJPS/SR/DM
(Release ID: 2175172)
Visitor Counter : 5
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam