প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্যামজী কৃষ্ণ বৰ্মাৰ ইচ্ছা পূৰণ সন্দৰ্ভত আলোকপাত কৰে, যুৱক-যুৱতীসকলক প্ৰেৰণা গ্ৰহণ কৰিবলৈ আহ্বান জনায়
পোষ্ট কৰা হৈছে:
04 OCT 2025 11:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় দুটা দশক পূৰ্বে গ্ৰহণ কৰা এক গভীৰ সন্তোষজনক ৰাষ্ট্ৰীয় প্ৰচেষ্টাত আলোকপাত কৰে। উক্ত প্ৰচেষ্টাই স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বৰ্মাৰ দীৰ্ঘদিনীয়া ইচ্ছা পৰিপূৰণ কৰিছিল।
শ্যামজী কৃষ্ণ বৰ্মাই ১৯৩০-ত তেওঁৰ ভস্ম এদিন মুক্ত ভাৰতলৈ ঘূৰি যাব বুলি আশাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল। এই গভীৰ ইচ্ছা ২০০৩-ৰ আগষ্টলৈকে দশক-দশক ধৰি অপূৰ্ণ হৈয়েই আছিল। তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইজাৰলেণ্ডৰ জেনেভাৰ পৰা তেওঁৰ ভস্ম ঘূৰাই অনাৰ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল।
এই পদক্ষেপে ভাৰত মাতাৰ এগৰাকী সুযোগ্য সন্তানৰ স্মৃতিক সন্মান জনোৱাৰ লগতে স্বাধীনতা আন্দোলনৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছিল বুলি তেখেতে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় যুৱক-যুৱতীসকলে শ্যামজী কৃষ্ণ বৰ্মাৰ জীৱন পৰিক্ৰমা, তেওঁৰ নিৰ্ভীক ন্যায়ৰ সন্ধান আৰু ভাৰতৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ অটল সমৰ্পণৰ মনোভাৱ সম্পৰ্কে পঢ়িব বুলি আশা প্ৰকাশ কৰে।
এক্স-ত মোদী আৰ্কাইভৰ এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“এই থ্ৰেডত প্ৰায় দুটা দশক পূৰ্বে গ্ৰহণ কৰা এটি অতিশয় সন্তোষজনক প্ৰচেষ্টাত আলোকপাত কৰা হৈছে। ইয়াৰ জৰিয়তে শ্যামজী কৃষ্ণ বৰ্মাৰ ইচ্ছা পূৰণ হৈছে আৰু ভাৰত মাতাৰ এগৰাকী সাহসী পুত্ৰক সন্মান জনোৱা হৈছে।
তেওঁৰ মহানতা আৰু বীৰত্ব সম্পৰ্কে অধিক যুৱক-যুৱতীয়ে পঢ়ে যেন!”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2174758)
অতিথি কক্ষ : 27
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam