প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশিষ্ট কানাড়া সাহিত্যিক তথা চিন্তাবিদ এছ এল ভৈৰপ্পাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 24 SEP 2025 3:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশিষ্ট কানাড়া সাহিত্যিক তথা চিন্তাবিদ এছ এল ভৈৰপ্পাৰ মৃত্যুত শোক প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ-

‘এছ এল ভৈৰপ্পা জীৰ জীৱনৰ অৱসানৰ লগে লগে আমি এগৰাকী শক্তিশালী ব্যক্তিত্ব হেৰুৱালো, যিয়ে আমাৰ চেতনাক জাগ্ৰত কৰাৰ লগতে ভাৰতৰ আত্মাক গভীৰভাৱে অন্বেষণ কৰিছিল। তেওঁ এগৰাকী নিৰ্ভীক আৰু চিৰন্তন চিন্তাবিদ, যি নিজৰ কৰ্মৰ জৰিয়তে কানাড়া সাহিত্যক গভীৰভাৱে সমৃদ্ধ কৰিছিল। তেওঁৰ লেখাই প্ৰতিটো প্ৰজন্মক সমাজৰ সৈতে অধিক গভীৰভাৱে জড়িত হ’বলৈ আৰু তেওঁলোকৰ চিন্তাধাৰাক উন্নীত কৰিবলৈ অনুপ্ৰাণিত কৰিব।

আমাৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অটল প্ৰেমে ভৱিষ্যতৰ দিনবোৰতো আমাক অনুপ্ৰাণিত কৰি থাকিব। এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি!”

***

MJPS/SR


(रिलीज़ आईडी: 2170886) आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam