তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
প্ৰচাৰ মাধ্যম, মনোৰঞ্জন আৰু এভিজিচি-এক্সআৰ খণ্ডৰ ষ্টাৰ্টআপসমূহক সহযোগিতা কৰিবলৈ সাতটা নতুন ‘ইনকিউবেশ্যন চেণ্টাৰ’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে ষ্টাৰ্ট আপ এক্সিলেটৰ প্লেটফৰ্ম ‘ৱেভএক্স’-য়ে
চলচ্চিত্ৰ, গে’মিং আৰু এক্সআৰ ষ্টাৰ্টআপৰ বাবে বিশ্বমানৰ সুবিধা প্ৰদানৰ বাবে আইআইএমচি (দিল্লী, জম্মু, ধেংকানাল, কোট্টাইয়ম, আমৰাৱতী), এফটিআইআই পুনে আৰু এছআৰএফটিআই কলকাতাত নতুন কেন্দ্ৰ
ষ্টাৰ্টআপসমূহে আইআইচিটি, এফটিআইআই, এছআৰএফটিআই, আৰু অন্যান্য অংশীদাৰ ইনকিউবেটৰসমূহৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণ, গে’ম বিকাশ, সম্পাদনা আৰু পৰীক্ষণৰ বাবে উন্নত সুবিধাসমূহৰ সুযোগ লাভ কৰিব
Posted On:
24 SEP 2025 9:39AM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘ৱেভছ’ পদক্ষেপৰ অধীনত ডেডিকেটেড ষ্টাৰ্টআপ এক্সিলেটৰ প্লেটফৰ্ম ‘ৱেভএক্স’-য়ে মুম্বাইৰ ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজিছ (আইআইচিটি)ত বৰ্তমানৰ সুবিধাৰ উপৰিও সমগ্ৰ ভাৰততে সাতটা নতুন ইনকিউবেশ্যন চেণ্টাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এইটোৱেই হৈছে এভিজিচি (এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গে’মিং, কমিক্স) আৰু এক্সআৰ (এক্সটেণ্ডেড ৰিয়েলিটী) ডমেইনৰ ষ্টাৰ্টআপসমূহৰ বাবে প্ৰথমবাৰৰ বাবে মুকলি কৰা বিশেষভাৱে এটা নিৰ্দিষ্ট ‘এক্সিলেটৰ-কাম-ইনকিউবেট’ৰ সম্পৰ্কীয় প্ৰগ্ৰেম।
সাতটা নতুন কেন্দ্ৰ:
নতুনকৈ ঘোষিত কেন্দ্ৰসমূহ তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহত স্থাপন কৰা হ’ব।
১/ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি), দিল্লী
২/ আই আই এম চি, জম্মু
৩/ আই আই এম চি, ধেংকনাল, ওড়িশা
৪/ আই আই এম চি, কোট্টায়ম, কেৰালা
৫/ আই আই এম চি, অমৰাৱতী, মহাৰাষ্ট্ৰ
৬) ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট (এফটিআইআই), পুনে, মহাৰাষ্ট্ৰ
৭) সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এছ আৰ এফ টি আই), কলকাতা, পশ্চিম বংগ
এই ইনকিউবেশ্যন নেটৱৰ্কসমূহ আৰম্ভ কৰাৰ লগে লগে ষ্টাৰ্টআপসমূহে আইআইচিটি, এফটিআইআই, এছআৰএফটিআই, আৰু অন্যান্য অংশীদাৰ ইনকিউবেটৰৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণ, গেম বিকাশ, সম্পাদনা, আৰু পৰীক্ষণৰ বাবে উন্নত সুবিধাসমূহৰ প্ৰৱেশানুকূলতা লাভ কৰিব। মুম্বাইৰ ধ্বজাবাহী আইআইচিটি ইনকিউবেটৰত বিশ্বমানৰ আন্তঃগাঁথনি যেনে ৮কে ৰেড ৰেপ্টৰ ভিষ্টা ভিজন কেমেৰা, ডলবি এটমছ-ৰ সৈতে ৪কে এইচডিআৰ প্ৰিভিউ থিয়েটাৰ, হাই-পাৰফৰমেন্স এলিয়েনৱেৰ ৱৰ্কষ্টেশ্যন, এলইডি ৱাল-ৰ সৈতে অত্যাধুনিক ভাৰ্চুৱেল প্ৰডাকশ্যন ষ্টেজ, ফটোগ্ৰামেট্ৰি ছীষ্টেম, পেছাদাৰী শব্দ আৰু ৰং-মিক্স থিয়েটাৰ, ৪কে এইচডিআৰ সম্পাদনা ছুইট, ভিআৰ পৰীক্ষণ কিট, আৰু শেহতীয়া গে’মিং কনছ'ল।
এই সুবিধাসমূহে ষ্টাৰ্টআপসমূহক চলচ্চিত্ৰ, গে’মিং, আৰু ইমাৰ্চিভ মিডিয়াত বিশ্ব মানৰ ডিজাইন, বিকাশ আৰু বিষয়বস্তুৰ মান্যতা নিশ্চিত কৰিবলৈ সক্ষম কৰিব। ৱেভএক্স-ৰ অধীনত ষ্টাৰ্টআপসমূহে এই সম্পদসমূহ অন-ছাইট আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰিব। অংশগ্ৰহণকাৰী ষ্টাৰ্টআপসমূহে ভিভাটেক (পেৰিছ) আৰু গেম ডেভেলপাৰ্ছ কনফাৰেন্স (আমেৰিকা)ৰ দৰে সন্মানীয় গোলকীয় ষ্টাৰ্টআপ ইভেণ্টতো আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰৰ সুযোগ লাভ কৰিব।
সা-সুবিধা আৰু সহায়:
নিৰ্বাচিত ষ্টাৰ্টআপসমূহে ইনকিউবেশ্যনৰ সুবিধা, ইণ্ডাষ্ট্ৰী কানেক্ট, কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰী সংযোগ, বিত্তীয় সহযোগিতা, বিক্ৰী আৰু বিপণন মেণ্টৰশ্বিপ আদিৰ সুবিধা লাভ কৰিব। নতুন কেন্দ্ৰসমূহে ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই চি টি), মুম্বাইৰ দৰে একেধৰণৰ আন্তঃগাঁথনি আৰু ইনকিউবেশ্যন সুবিধা প্ৰদান কৰিব, যাৰ ফলত দেশজুৰি উচ্চমানৰ ইনকিউবেশ্যন, আন্তঃগাঁথনি আৰু মেণ্টৰশ্বিপৰ একেধৰণৰ প্ৰৱেশানুকূলতা নিশ্চিত হ’ব।
প্ৰতিটো ইনকিউবেশ্যন চেণ্টাৰত অংশগ্ৰহণকাৰী ষ্টাৰ্টআপসমূহক নিম্নোক্ত সামগ্ৰীসমূহ প্ৰদান কৰা হ’ব:
১) সহ কাৰ্যৰ স্থান, এভি/ডিজিটেল লেব, আৰু ষ্টুডিঅ' (সেউজকক্ষ, ফটো/ভিডিঅ' প্ৰডাকশ্যনৰ সুবিধা)
২) উচ্চ গতিৰ লেন/ৱাই-ফাই, হ'ষ্টিং ছাৰ্ভাৰ, ক্লাউড ক্ৰেডিট (AWS/Google), আৰু ইণ্ডিয়া এআই কম্পিউট সেৱা
৩) অ'টিটি, ভিএফএক্স, ভিআৰ, গে’মিং, এনিমেশ্যন, প্ৰকাশন, আৰু পোষ্ট-প্ৰডাকশ্যনত ছেণ্ডবক্স পৰীক্ষণৰ সুযোগ
৪/ বিশ্ব-নেতা আৰু উদ্যোগ বিশেষজ্ঞসকলৰ পৰা সংৰচনামূলক মাৰ্গদৰ্শন আৰু পৰামৰ্শৰ সহযোগিতা
৫) মাষ্টাৰক্লাছ, কেন্দ্ৰীভূত বুটকেম্প, পলিচী ক্লিনিক, আৰু বিনিয়োগকাৰী সংযোগ অধিৱেশন
ইয়াৰ উপৰিও আই আই টি, টি-হাব, আৰু অন্যান্য প্ৰতিষ্ঠিত ইনকিউবেটৰসমূহৰ সৈতে অংশীদাৰিত্ব বিকশিত কৰা হৈছে যাতে বিস্তাৰিত শিক্ষণৰ সুযোগ আৰু বিস্তৃত উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ প্ৰৱেশানুকূলতা প্ৰদান কৰা হয়। ৱেভএক্স-ৰ অধীনত ইনকিউবেট কৰা ষ্টাৰ্টআপসমূহে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ মিডিয়া ইউনিট যেনে দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ’, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া, প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, প্ৰকাশন বিভাগ, নিউ মিডিয়া উইং, আৰু ইলেক্ট্ৰনিক মিডিয়া মনিটৰিং চেণ্টাৰ-ৰ সৈতেও ঘনিষ্ঠভাৱে কাম কৰাৰ সুযোগ লাভ কৰিব। এই মিডিয়া ইউনিটসমূহে আউটছ'ৰ্চ কৰা প্ৰকল্পসমূহতো নিৰ্বাচিত ষ্টাৰ্টআপসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে।
আবেদন প্ৰক্ৰিয়া
আগন্তুক সমূহৰ বাবে আবেদন প্ৰক্ৰিয়া এতিয়া মুকলি। আগ্ৰহী ষ্টাৰ্টআপসমূহে wavex.wavesbazaar.com ত গৈ, ডেছব'ৰ্ডলৈ নেভিগেট কৰি, ইনকিউবেশ্যনৰ বাবে ‘আবেদন কৰক’ বিকল্প নিৰ্ব্বাচন কৰি আৰু পছন্দৰ ইনকিউবেশ্যন কেন্দ্ৰ প্ৰদান কৰি আবেদন কৰিব পাৰিব।
১. ষ্টাৰ্টআপৰ সংখ্যা: প্ৰতিটো স্থানত প্ৰথমটো খেপৰ বাবে ১৫ টা নিৰ্বাচিত কৰা হ’ব
২. মাহিলী মাচুল: প্ৰতিটো ষ্টাৰ্টআপৰ বাবে ৮,৫০০টকা + জিএছটি
৩. যোগ্যতা: মিডিয়া-এণ্টাৰটেইনমেণ্ট আৰু এভিজিচি-এক্সআৰ খণ্ডৰ ষ্টাৰ্টআপক অগ্ৰাধিকাৰ দিয়া হ’ব।
WaveX ৰ বিষয়ে
ৱেভএক্স হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ WAVES পদক্ষেপৰ অধীনত ষ্টাৰ্টআপ এক্সিলেটৰ প্লেটফৰ্ম, যিটো সংবাদ মাধ্যম, মনোৰঞ্জন, আৰু সৃষ্টিশীল প্ৰযুক্তিৰ উদ্ভাৱনক প্ৰতিপালন কৰিবলৈ সৃষ্টি কৰা হৈছে। ইনকিউবেটৰৰ নেটৱৰ্কৰ জৰিয়তে ৱেভএক্স-য়ে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ নিৰ্মাতা আৰু উদ্যোগীসকলক শক্তিসমৃদ্ধ কৰিবলৈ আন্তঃগাঁথনি, মাৰ্গদৰ্শন, আৰু বিশ্বজোৰা বজাৰৰ প্ৰৱেশানুকূলতা প্ৰদান কৰে।
ৱেভএক্স-ৰ ইনকুবেশ্যন মডেল-য়ে দুটা পৰ্যায়ত কাম কৰে:
• সক্ৰিয় পৰ্যায়: ব্যৱসায়িক মডেলিং, পণ্য বিকাশ, ব্ৰেণ্ডিং, পুঁজি সংগ্ৰহ, আৰু সংবাদ মাধ্যমৰ নিয়ন্ত্ৰণত নিবিড় সমৰ্থন।
• নিষ্ক্ৰিয় পৰ্যায়: ৱেভছ বজাৰৰ জৰিয়তে বিশ্বজোৰা প্ৰদৰ্শনৰ সুযোগ আৰু চলি থকা বিনিয়োগকাৰী/উদ্যোগৰ সংযোগৰ সৈতে লঘু মাৰ্গদৰ্শন।
ৱেভএক্স-ৰ লক্ষ্য হৈছে সংবাদ মাধ্যমৰ বাবে যুগান্তকাৰী উদ্ভাৱনৰ বাবে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা আৰু পৰম্পৰাগত ইনকিউবেটৰ আৰু ত্বৰকসমূহৰ পৰা পৃথক এইটোৱেই যে, ই কেৱল বৰ্তমানৰ সামগ্ৰীৰ ওপৰত ভিত্তি কৰি নহয় আৰু সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি চালুকীয়া উদ্যোগসমূহক সমৰ্থন কৰি অবাস্তৱক বাস্তৱলৈ আনে কাৰণ এভিজিচি খণ্ডত সামগ্ৰীসমূহ প্ৰায়ে অবাস্তৱ পৰ্যায়ত থাকে। ৱেভএক্স-ক উদ্যোগৰ মেণ্টৰশ্বিপ, কৌশলগত পুঁজিৰ প্ৰৱেশ আৰু অত্যাধুনিক আন্তঃগাঁথনি প্ৰদান কৰি গেমিং, অ’টিটি, এআই চালিত কন্টেন্ট ক্ৰিয়েশ্যন আৰু ইমাৰ্চিভ টেকন’লজী (এআৰ/ভিআৰ/এক্সআৰ)ৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগীসকলক প্ৰতিপালন কৰিবলৈ আৰ্হি কৰা হৈছে।
****
Dharmendra Tewari/ Navin Sreejith/KB
(Release ID: 2170516)
Visitor Counter : 5