তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিলে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰাষ্ট্ৰপতিয়ে আলোকপাত কৰে- চিনেমা কেৱল জনপ্ৰিয়তাৰ বাবেই নহয়, বৃহত্তৰ জনস্বাৰ্থৰ বাবে সেৱাৰ মাধ্যমো হ’ব লাগে

ৰাষ্ট্ৰপতি মুৰ্মুৱে চিনেমাত মহিলাৰ ক্ৰমবৰ্ধমান প্ৰতিনিধিত্বক প্ৰশংসা কৰে; অন আৰু অফ স্ক্ৰীণত মহিলাৰ বাবেও সমান সুযোগৰ আহ্বান জনায়

চাৰি দশকৰো অধিক সময় ধৰি চিনেমালৈ বিশিষ্ট অৱদানৰ বাবে দাদাচাহেব ফাল্কে বঁটা লাভ কৰে কিংবদন্তি অভিনেতা মোহনলালে

শ্ৰী মোহনলালে দাদাচাহেব ফাল্কে বঁটাক ‘যাদুকৰী আৰু পবিত্ৰ’ বুলি অভিহিত কৰি চিনেমাক তেওঁৰ আত্মাৰ হৃদস্পন্দন বুলি অভিহিত কৰে , তেওঁ এই সন্মান মালয়ালম চলচ্চিত্ৰৰ পুৰোধাসকলক উৎসৰ্গা কৰে

চৰকাৰে বিকশিত ভাৰত ২০৪৭ৰ দিশে অগ্ৰসৰ হ'বলৈ থলুৱা চলচ্চিত্ৰ সঁজুলিৰ প্ৰসাৰ, লাইভ কনচাৰ্ট অৰ্থনীতি শক্তিশালী কৰা আৰু আৰ্হি ৰাজ্যিক চিনেমা নিয়ন্ত্ৰণ নিয়ম প্ৰস্তুত কৰিব : কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

Posted On: 23 SEP 2025 8:08PM by PIB Guwahati

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান উপলক্ষ্যে  নতুন দিল্লীৰ বিজ্ঞান ভৱন হাতচাপৰি আৰু প্ৰশংসাৰে উপচি পৰিল। আজি ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতীয় চিনেমাৰ অনন্য  প্ৰতিভাক সন্মান প্ৰদান কৰিলে । শিল্পী, বিশিষ্ট ব্যক্তি আৰু প্ৰশংসকৰ সমাৱেশক একক আবেগেৰে একত্ৰিত কৰা  অনুষ্ঠানটোৱে দেশৰ হৃদয় গঢ় দিয়া কাহিনীবোৰক নতুন ৰূপত  উদযাপন কৰিলে ।

কিংবদন্তি অভিনেতা শ্ৰী মোহনলালক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ কেৱল নিজৰ ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰাই নহয়, তেওঁৰ বিশাল কৰ্মৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক নীতি-নিয়মকো ৰক্ষা কৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা চিনেমালৈ তেওঁৰ উল্লেখযোগ্য যাত্ৰা আৰু মহাভাৰতৰ আধাৰত ৰচিত  সংস্কৃত একক খণ্ডৰ নাট কৰ্ণভাৰমৰ পৰা আৰম্ভ কৰি বাণপ্ৰস্থমত তেওঁ কৰা অভিনয়লৈকে সকলোতে তেওঁ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ অসাধাৰণ চিত্ৰণ স্মৰণ কৰিছে বুলি   ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। বঁটা লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতিয়ে তেওঁক উষ্ম অভিনন্দন জ্ঞাপন কৰে। তেওঁৰ নামটোৱে  গভীৰ সন্মান বহন কৰে আৰু তেওঁ  প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান অৰ্জন কৰিছে বুলিও ৰাষ্ট্ৰপতিয়ে কয়।

 

শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে ভাৰতৰ চিনেমাই গণতন্ত্ৰৰ সাৰমৰ্ম আৰু ভাৰতৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰে। একাধিক ভাৰতীয় ভাষাত সাহিত্য যেনেকৈ উদ্ভাসিত উঠিছে, চিনেমাও ভাৰতৰ সাংস্কৃতিক সমৃদ্ধিৰ এক সজীৱ প্ৰকাশ হিচাপে বিকশিত হৈছে। তেওঁ  লক্ষ্য কৰে  যে ছবিয়ে কেৱল মনোৰঞ্জন কৰাই নহয়, সমাজক জাগ্ৰত কৰা, সংবেদনশীলতাৰ ভাব  জগাই তোলা, যুৱক-যুৱতীসকলৰ মাজত সজাগতা বিয়পোৱাৰ মাধ্যম হিচাপেও কাম কৰে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে চিনেমাত মহিলাৰ বৰ্ধিত প্ৰতিনিধিত্বৰ কথা উল্লেখ কৰি  কয় যে, যেতিয়া মহিলাসকলো  সমান সুযোগ প্ৰদান কৰা হয়, তেতিয়া তেওঁলোকে উৎকৃষ্ট হ’ব পাৰে আৰু অসাধাৰণ সফলতা লাভ কৰিব পাৰে। পৰ্দা আৰু পৰ্দাৰ আঁৰত মহিলাসকলৰ অৰ্থপূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো তেওঁ  আলোকপাত কৰে।

 

শ্ৰীমতী মুৰ্মুৱে চলচ্চিত্ৰ জগতলৈ সৃষ্টিশীলতা আৰু উদ্ভাৱন কঢ়িয়াই অনা শিশুকে ধৰি যুৱ তথা উদীয়মান প্ৰতিভাৰ অৱদানৰ বাবেও শলাগ লয়। বঁটা প্ৰদান অনুষ্ঠানত  সন্মানিত  হোৱা ছগৰাকী শিশু শিল্পীক অভিনন্দন জনোৱাৰ লগতে চিনেমাত প্ৰতিফলিত হোৱা পৰিৱেশ সম্পৰ্কীয়  চিন্তাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা সজাগতাক তেওঁ আদৰণি জনায়

 

শ্ৰী মোহনলালক প্ৰদান কৰা হয় দাদাচাহেব ফাল্কে  বঁটা; ছবি জগতৰ সকলোলৈ  শ্ৰদ্ধা নিবেদন কৰিলে অভিনেতাগৰাকীয়ে 

 

যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মোহনলালক  সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে , সেই সময়ত  ভাৰতীয় চিনেমাৰ বৃহত্তৰ কাহিনীৰ এক গুৰুত্বপূৰ্ণ দৃশ্য যেন পুনৰ উদ্ভাসিত হৈ পৰে। এই দৃশ্যত সংপৃক্ত হৈ আছিল   দীঘলীয়া  জীৱন কটোৱা অভিনেতাজনৰ অৱদানৰ কথা : কলেজীয়া দুষ্ট ল’ৰাটো, যন্ত্ৰণাত ভুগি থকা সাধাৰণ মানুহজন, সাহসী সৈনিকজন, ত্ৰুটিপূৰ্ণ নায়কজন, অবিস্মৰণীয় বন্ধুজন সকলো চৰিত্ৰই কথাই যেন ফুনৰ উদ্ভাসিত হয় । ৩৬০খনতকৈও অধিক ছবিত অভিনয় কৰি তেওঁ ভাৰতীয় তথা  মালয়ালম চিনেমাকো গঢ় দি বিশ্বৰ মাজলৈ লৈ গৈছে, দৰ্শকক সমানে হাঁহিবলৈ, কান্দিবলৈ, প্ৰতিফলিত কৰিবলৈ বাধ্য কৰাইছে।

 

ইতিমধ্যে পদ্মভূষণ, পদ্মশ্ৰী আৰু পাঁচটা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত মোহনলালে বঁটা লাভ কৰি আপ্লুত হৈ পৰে।  এই মুহূৰ্তটো কেৱল প্ৰশংসাৰযোগ্যই  নহয়, দেশৰ বাবেও এক সন্মানৰ মুহূৰ্ত। অনুষ্ঠানত উপস্থিত থাকি মোহনলালে  যি বিনম্ৰতাৰে তেওঁৰ যাত্ৰাক চিহ্নিত কৰে, সেই একেই বিনম্ৰতাৰে দৰ্শক আৰু সহকৰ্মীসকলক  প্ৰণাম কৰে। সেই মুহূৰ্তত ৰজনজনাই উঠা  হাতচাপৰি যেন কেৱল এজন অভিনেতাৰ বাবেই নাছিল - ভাৰতীয় চিনেমাৰ কাহিনী, স্মৃতি, আৰু ভাগ কৰা আৱেগৰ বাবেই যেন  আছিল।

 

এই সন্মান গ্ৰহণ কৰি শ্ৰী মোহনলালে চিনেমাত তেওঁৰ যাত্ৰাক গঢ় দিয়া সকলোৰে প্ৰতি  কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁ কাম কৰা প্ৰতিখন ছবিয়ে তেওঁক গভীৰভাৱে চুই গৈছিল, যিয়ে তেওঁক মাধ্যম হিচাপে চিনেমাৰ শক্তিৰ কথা মনত পেলাই দিছিল। এই সন্মানক “যাদুকৰী আৰু পৱিত্ৰ” বুলি অভিহিত কৰি তেওঁ এই বঁটাটো মালয়ালম চলচ্চিত্ৰ উদ্যোগৰ কিংবদন্তি ব্যক্তিসকলৰ  বাবে উৎসৰ্গা কৰে আৰু এই বঁটাটো সমগ্ৰ ছবি জগতৰ  বুলি উল্লেখ কৰে । তেওঁ লক্ষ্য কৰে  যে চিনেমা তেওঁৰ আত্মাৰ হৃদস্পন্দন  আৰু সেই স্বীকৃতিয়ে তেওঁক অধিক গভীৰতা তথা দায়বদ্ধতাৰে শিল্পকলাক আগুৱাই নিয়াৰ সংকল্পক আৰু অধিক শক্তিশালী কৰি তুলিছিল।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ  মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে শ্ৰী মোহনলালক প্ৰকৃত কিংবদন্তি বুলি প্ৰশংসা কৰে। তেওঁ স্মৰণ কৰে যে চৰকাৰে ৱেভছ ২০২৫ৰ বাবে   প্ৰতিশ্ৰুতি দিছিল আৰু সেয়া কৰি দেখুৱাইছিল, যি অনুষ্ঠানে  ভাৰতক বিশ্বব্যাপী চলচ্চিত্ৰ আৰু কন্টেন্ট ক্ৰিয়েচনৰ ক্ষেত্ৰত আগৰণুৱাৰ স্থানত ৰাখিছে। বিশ্বই এতিয়া ভাৰতৰ প্ৰতি কেনেদৰে দৃষ্টি ৰাখিছে সেই বিষয়ে আলোকপাত কৰি তেওঁ কয় যে ৱেভছ বজাৰৰ দৰে পদক্ষেপে ভাৰতীয় সমল সৃষ্টিকৰ্তাসকলক বহল বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম কৰি তুলিছে।

 

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মেটা, এনভিডিয়া, মাইক্ৰ’ছফ্ট আৰু গুগলকে ধৰি আগশাৰীৰ বিশ্বব্যাপী অংশীদাৰৰ সহযোগত ইতিমধ্যে ১৭টা পাঠ্যক্ৰম চলি থকা দেশৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় চিনেমা আৰু প্ৰযুক্তি প্ৰতিষ্ঠানে মুম্বাইৰ এনএফডিচি কেম্পাছত কাম আৰম্ভ কৰা হৈছে। ভাৰতক বিশ্বব্যাপী কন্টেন্ট অৰ্থনীতি হিচাপে স্থান দিবলৈ  প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা  দৃষ্টিভংগীৰ অধীনত মন্ত্ৰীগৰাকীয়ে চলচ্চিত্ৰ সঁজুলিৰ থলুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ লগতে লাইভ কনচাৰ্ট অৰ্থনীতি শক্তিশালী কৰাৰ বাবে নীতি প্ৰণয়নৰ লক্ষ্যৰে এই বিষয়ত  ৰূপৰেখা দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে লগতে  কয় যে ২০৪৭ চনৰ ভিতৰত বিকশিত  ভাৰতৰ বাবে  চৰকাৰৰ দৃষ্টিভংগীৰ বিষয়ত  আলোকপাত কৰি তেওঁ কয় যে আদৰ্শ ৰাজ্যিক চিনেমা নিয়ন্ত্ৰণ নিয়ম প্ৰস্তুত কৰা হৈছে, এই যাত্ৰাত সৃষ্টিকৰ্তাসকলৰ অৰ্থনীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে কয় যে চিনেমা হৈছে কাহিনী, সপোন, আৰু ভাগ-বতৰা কৰা অভিজ্ঞতাৰ উদযাপন। বছৰটোক কিংবদন্তি আৰু বহু প্ৰথমৰ ভিতৰত অন্যতম বুলি অভিহিত কৰি তেওঁ শ্ৰী আশুতোষ গোৱৰিকাৰ, শ্ৰী পি শেষাদ্ৰী, শ্ৰী গোপালকৃষ্ণ পাই আদি ব্যক্তিসকলৰ কথাও উল্লেখ কৰে। তেওঁ চিনেমা, সংগীত, গেমিং আৰু প্ৰযুক্তিক একত্ৰিত কৰা ৱেভছ ছামিটৰ সফলতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ সজীৱ সৃষ্টিশীল পৰিৱেশ তন্ত্ৰক প্ৰতিফলিত কৰা “এক দেশ, হাজাৰন কাহানিয়ান, এক জুনুন” (এক দেশ, হাজাৰ হাজাৰ কাহিনী, এক আবেগ)ৰ মনোভাৱৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে।

 

উৎকৃষ্টতাৰ উদযাপন: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সমগ্ৰ ভাৰততে অভিনয়, গল্প আৰু চিনেমাৰ উদ্ভাৱনক সন্মান জনোৱা হয়

 

যেতিয়া শ্বাহৰুখ খানক জোৱানৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে ঘোষণা কৰা হৈছিল, তেতিয়া প্ৰেক্ষাগৃহ আনন্দেৰে ভৰি পৰিছিল। হাতচাপৰিৰে ৰজনজনাই গৈছিল সমগ্ৰ প্ৰেক্ষাগৃহ।  দৰ্শনীয়তা আৰু সূক্ষ্মতা উভয়কে  দাবী কৰা ভূমিকাত তেওঁ অভিনয় কৰা  ছবিখনে বিশেষ বাৰ্তা বহন কৰিছে। যিবোৰ মুহূৰ্ত  অবিস্মৰণীয় । এই সন্মানৰ অংশীদাৰ বিক্ৰান্ত মেছেই টুৱেলভথ ফেইলৰ বাবে স্বীকৃতি লাভ কৰে, য’ত তেওঁৰ চিত্ৰণে নিৰৱ দৃঢ়তাৰে বিপৰ্যয়ৰ সৈতে যুঁজি থকা এজন যুৱকৰ চৰিত্ৰ চিত্ৰণ কৰি লাখ লাখ লোকৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছিল। তেওঁলোকে লাভ কৰা  বঁটাসমূহে ভাৰতীয় চিনেমাৰ দ্বৈত মনোভাৱক প্ৰতিফলিত কৰিছে — জীৱনতকৈও ডাঙৰ কাহিনী কোৱাটো  আৰু সহজ, মানৱীয় স্থিতিস্থাপকতাৰ সততা প্ৰকাশ কৰাটো ।

 

অনুষ্ঠানত ৰাণী মুখাৰ্জীক মিচেছ চেটাৰ্জী ভাৰ্ছেছ নৰৱেৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা প্ৰদান কৰা হয়।   এগৰাকী মাতৃৰ যন্ত্ৰণা আৰু শক্তিৰ মাজত শিপাই থকা তেওঁৰ  ভূমিকাই শিল্প আৰু  অভিজ্ঞতাৰ মাজৰ ৰেখাডাল ম্লান কৰি পেলাইছিল, প্ৰেক্ষাগৃহৰ প্ৰতিটো চুকে-কোণে সহানুভূতিৰ পৰিবেশে বিৰাজ কৰিছিল। 

 

ছবিক আত্মা প্ৰদান কৰা সহযোগী চৰিত্ৰবোৰৰ বাবেও  সমানেই সন্মান প্ৰদান কৰা হয় । বিজয় ৰাঘৱন আৰু মুথুপেত্তাই ছ’মু ভাস্কৰক শ্ৰেষ্ঠ সহযোগী অভিনেতা হিচাপে সন্মানিত কৰা হয়, তেওঁলোকৰ এই শিল্পই প্ৰমাণ কৰিলে যে আপাত দৃষ্টিত সৰু চৰিত্ৰবোৰে কেনেকৈ সমগ্ৰ কাহিনীক  দৃঢ় কৰি তুলিব পাৰে । শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ  বঁটা লাভ কৰা উৰ্বশী আৰু জংকি বডিৱালাই।তেওঁলোকৰ  প্ৰামাণ্যতা আৰু গভীৰতা প্ৰদান কৰা অভিনয়ৰ বাবে সকলোৱে প্ৰশংসা কৰে।

 

অভিনয়ৰ বাহিৰেও ছবিবোৰে নিজেই আকাংক্ষা, সংগ্ৰাম আৰু কল্পনাৰ কাহিনী কৈছিল। টুৱেলভথ ফেইলক শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি হিচাপে বঁটা প্ৰদান কৰা হয় । শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম হিচাপে নিৰ্বাচিত হোৱা ফ্লাৱাৰিং মেন আৰু শ্ৰেষ্ঠ তথ্যচিত্ৰ গড ভালচাৰ এণ্ড হিউমেনে চিনেমাত  প্ৰায়ে অদৃশ্য হৈ থকা সত্যবোৰক নথিভুক্ত কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছিল।

 হানু-মেনক এভিজিচি (এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং এণ্ড কমিক্স)ত শ্ৰেষ্ঠ ছবি হিচাপে সন্মানিত কৰা হয় যি সন্মান  ভাৰতৰ দৃশ্যগত কাহিনী কথনৰ  ক্ষেত্ৰত ক্ৰমবৰ্ধমান শক্তিৰ স্বীকৃতি হিচাপে প্ৰদান কৰা হয়।  ইয়াৰ বিপৰীতে গিদ্ধ: দ্য স্কেভেঞ্জাৰে শ্ৰেষ্ঠ চুটি ছবি, ২০১৯ৰ বঁটা লাভ কৰে।

 

এই সন্মানসমূহ কেৱল কৃতিত্বৰ তালিকা নহয় , বৰঞ্চ কণ্ঠ, তাৰকা আৰু নৱাগত, মূলসুঁতি আৰু পৰীক্ষামূলক পৰিঘটনাৰ এক স্বীকৃতি। যি স্বকৃতিয়ে  ভাৰতীয় চিনেমাই যে নিজৰ ভিতৰত এটা জাতিৰ সপোন আৰু ভৱিষ্যত গঢ় দিয়াৰ আত্মবিশ্বাস উভয়কে  কঢ়িয়াই লৈ ফুৰিছে  সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে।

 

বঁটাৰ সম্পূৰ্ণ তালিকা তলৰ লিংকত পোৱা যাব:

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2151537

****

Dharmendra Tewari/ Navin Sreejith


(Release ID: 2170416) Visitor Counter : 7