প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইটানগৰত স্থানীয় ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 22 SEP 2025 3:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটানগৰত স্থানীয় ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাসকলক সাক্ষাৎ কৰে। বিক্ৰেতাসকলে তেওঁক সজীৱ সামগ্ৰী প্ৰদৰ্শন কৰে। "তেওঁলোকে জিএছটি সংস্কাৰক লৈ আনন্দ প্ৰকাশ কৰে। লগতে তেওঁলোকক ‘গৰ্ব ছে কহো য়ে স্বদেশী হে’ৰ পোষ্টাৰ দিয়া হয়, যিসমূহ তেওঁলোকে নিজৰ বিপণীত উৎসাহেৰে প্ৰদৰ্শন কৰিব বুলি প্ৰকাশ কৰে", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

‘আজি সূৰ্য্য উদয় হোৱাৰ লগে লগে জি এছ টি সঞ্চয় উৎসৱৰ আৰম্ভণিৰ সমান্তৰালকৈ ভাৰতৰ অৰ্থনৈতিক যাত্ৰাৰ এটা নতুন অধ্যায়ৰো সূচনা হ’ল। ভাৰতৰ সুন্দৰ উদীয়মান সূৰ্য্যৰ ভূমি অৰুণাচল প্ৰদেশতকৈ আৰু ভাল ঠাই কি হ’ব পাৰে।

ইটানগৰত স্থানীয় ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাসকলক সাক্ষাৎ কৰো আৰু তেওঁলোকে সুগন্ধি চাহ, সোৱাদযুক্ত আচাৰ, হালধি, বেকাৰী সামগ্ৰী, হস্তশিল্প তথা বহুতো সামগ্ৰীৰ এক সজীৱ পৰিসৰ প্ৰদৰ্শন কৰে।

তেওঁলোকে জিএছটি সংস্কাৰক লৈ আনন্দ প্ৰকাশ কৰে। লগতে তেওঁলোকক ‘গৰ্ব ছে কহো য়ে স্বদেশী হে’ৰ পোষ্টাৰ দিয়া হয়, যিসমূহ তেওঁলোকে নিজৰ বিপণীত উৎসাহেৰে প্ৰদৰ্শন কৰিব বুলি প্ৰকাশ কৰে।’

***

MJPS/VJ/DD


(Release ID: 2169631)