গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ১৬ ছেপ্টেম্বৰত নতুন দিল্লীত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ এন্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চৰ (ANTF) মুৰব্বীসকলৰ ২য় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব

এই সন্মিলনে এখনি ড্ৰাগছ-মুক্ত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অংগীকাৰক সুদৃঢ়কৰণৰ লগতে এই লক্ষ্যত উপনীত হ’বলৈ ৰূপৰেখা প্ৰস্তুতৰ এখনি কৌশলগত মঞ্চ হিচাপে পৰিগণিত হ’ব

নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’ৰ (NCB) উদ্যোগত আয়োজিত এই সন্মিলনৰ বিষয়বস্তু হৈছে “ঐক্যবদ্ধ সংকল্প, উমৈহতীয়া দায়িত্ব”
দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত ড্ৰাগছৰ সৰবৰাহ, চাহিদা হ্ৰাস আৰু ক্ষতি হ্ৰাস তথা ৰাষ্ট্ৰীয় নিৰাপত্তাত ইয়াৰ প্ৰভাৱকে প্ৰমুখ্য কৰি ভিন্ন দিশত আলোচনা কৰা হ’ব

ক্লেনডেষ্টাইন লেবৰ প্ৰত্যাহ্বানেৰে মোকাবিলা, ডাৰ্ক ৱেবৰ জৰিয়তে পলাতক আৰু সৰবৰাহক অনুসৰণৰ ক্ষেত্ৰত সমগ্ৰ চৰকাৰ পন্থাত গুৰুত্ব আৰোপ

Posted On: 13 SEP 2025 6:03PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অহা ১৬ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে নতুন দিল্লীত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ এন্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চৰ (ANTF) মুৰব্বীসকলৰ ২য় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। ইয়াত ভাগ লৈ শ্ৰী অমিত শ্বাহে নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’ৰ (NCB) বাৰ্ষিক প্ৰতিবেদন- ২০২৪ উন্মোচন তথা অনলাইন ড্ৰাগছ ডিচপ’জেল অভিযানৰ শুভাৰম্ভ কৰিব। ১৬ আৰু ১৭ ছেপ্টেম্বৰত অনুষ্ঠিতব্য সন্মিলনখনিত ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এএনটিএফ-ৰ মুৰব্বীসকলকে প্ৰমুখ্য কৰি আন-আন চৰকাৰী বিভাগৰ অংশীদাৰসকলে অংশগ্ৰহণ কৰিব।

এই সন্মিলনে এখনি ড্ৰাগছ-মুক্ত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অংগীকাৰক সুদৃঢ়কৰণৰ লগতে এই লক্ষ্যত উপনীত হ’বলৈ ৰূপৰেখা প্ৰস্তুতৰ এখনি কৌশলগত মঞ্চ হিচাপে পৰিগণিত হ’ব। নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’ৰ (NCB) উদ্যোগত আয়োজিত এই সন্মিলনৰ বিষয়বস্তু হৈছে “ঐক্যবদ্ধ সংকল্প, উমৈহতীয়া দায়িত্ব”। এই সন্মিলনত দেশখনৰ ড্ৰাগছৰ বিপদাশংকাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো অংশীদাৰে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ বিস্তৃত পৰ্য্যালোচনা আৰু বিশ্লেষণ কৰা হ’ব তথা আগন্তুক কাৰ্য্যপন্থা সম্পৰ্কে আলোচনা কৰা হ’ব। ইয়াত ড্ৰাগছৰ সৰবৰাহ, চাহিদা হ্ৰাস আৰু ক্ষতি হ্ৰাস তথা ৰাষ্ট্ৰীয় নিৰাপত্তাত ইয়াৰ প্ৰভাৱকে প্ৰমুখ্য কৰি ভিন্ন দিশত আলোচনা কৰা হ’ব। তদুপৰি দেশত ড্ৰাগছ ল এনফ’ৰ্চমেন্টক সুদৃঢ়কৰণৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

ইয়াত ছয় কাৰিকৰী অধিবেশন অনুষ্ঠিত হ'ব যথাঃ

I. ড্ৰাগছ মুক্ত ভাৰত @ ২০৪৭ - সমগ্ৰ চৰকাৰ দৃষ্টিভংগী

II. সংহত তদন্ত

III. পলাতকক অনুসৰণ কৰা আৰু বিদেশী অপৰাধীৰে মোকাবিলা- কৌশলগত পদ্ধতি

IV. প্ৰিকাৰচাৰ, চিন্থেটিক ড্ৰাগছ আৰু ক্লান লেব

V. ডাৰ্ক ৱেব এণ্ড ক্ৰিপ্ট’ ইনভেষ্টিগেচনছ

VI. গ্ল’বেল ট্ৰেফিকিঙৰ মাল্টি-মডেল মডাছ

ভিন্ন অংশীদাৰৰ সামৰ্থ্যৰ আধাৰত কৌশলেৰে আগবাঢ়ি যোৱাৰ লক্ষ্যৰে এই আলোচনাই কাৰ্য্যকৰী ফলাফলৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এনচিবি আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এন্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চে ভৱিষ্যতৰ বাবে সাজু অংশীদাৰিত্বৰ পৰিকল্পনা কৰিছে, যি ব্যৱস্থাই ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰযুক্তি, চোৰাংচোৱা আৰু সমাজৰ কাৰ্য্যক একত্ৰিত কৰে।

মোদী চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে “শূন্য সহনশীল নীতি” গ্ৰহণ কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২১-ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এটি নিষ্ঠাবান এন্টি-নাৰ্ক’টিক্স টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। শ্ৰী অমিত শ্বাহে ২০২৩-ৰ এপ্ৰিলত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এএনটিএফ-ৰ মুৰব্বীসকলৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিছিল।

 

*******

RK/VV/PS/PR/SB


(Release ID: 2167527)