প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৪৮ কেজি শাখাত স্বৰ্ণ পদক বিজয়ী মিনাক্ষীক অভিনন্দন জনাইলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 14 SEP 2025 7:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় বক্সাৰ মিনাক্ষীয়ে  ৪৮ কেজি শাখাত অনবদ্য  বিজয় সাৱস্ত্য কৰাৰ  বাবে অভিনন্দন জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়-

"২০২৫ চনৰ লিভাৰপুলত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মিনাক্ষীৰ  অসাধাৰণ প্ৰদৰ্শনৰ বাবে বাবে গৌৰৱান্বিত! তেওঁ ৪৮ কেজি শাখাত স্বৰ্ণ পদক ঘৰলৈ লৈ আহিছে। তেওঁৰ সফলতা আৰু দৃঢ়তা ভাৰতীয় খেলুৱৈসকলৰ বাবে অতি প্ৰেৰণাদায়ক। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো।"

 

***

MJPS/SR/DM


(रिलीज़ आईडी: 2166638) आगंतुक पटल : 33
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Malayalam