প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী মোহন ভাগৱত মহাশয়ৰ ৭৫ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

प्रविष्टि तिथि: 11 SEP 2025 8:57AM by PIB Guwahati

শ্ৰী মোহন ভাগৱত মহাশয়ৰ ৭৫ সংখ্যক জন্মদিনত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি তেওঁৰ প্ৰেৰণাদায়ক জীৱন আৰু অটল নিষ্ঠাৰ ওপৰত আলোকপাত কৰি এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে মা ভাৰতীৰ নিৰন্তৰ সেৱাত শ্ৰী মোহন মহাশয়ৰ দীৰ্ঘদিনীয়া আৰু সুস্থ জীৱনৰ কামনা কৰি একতা আৰু ভাতৃত্ববোধৰ মনোভাৱ শক্তিশালী কৰাৰ লগতে মাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত তেওঁৰ সমৰ্পণৰ শলাগ লয়।

এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়:

বসুধৈৱ কুটুম্বকম নীতিৰ জৰিয়তে অনুপ্ৰাণিত হৈ শ্ৰী মোহন ভাগৱত মহাশয়ে একতা আৰু ভাতৃত্ববোধৰ মনোভাৱ শক্তিশালী কৰাৰ লগতে সামাজিক পৰিৱৰ্তনৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে

তেওঁৰ ৭৫ সংখ্যক জন্মদিনৰ বিশেষ উপলক্ষত মোহন মহাশয় আৰু তেওঁৰ প্ৰেৰণাদায়ক ব্যক্তিত্ব সন্দৰ্ভত কিছু ভাৱনা প্ৰকাশ কৰিছোমা ভাৰতীৰ সেৱাত ৰত তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছো।

 

***

MJPS/SR/SKS/DD


(रिलीज़ आईडी: 2165618) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam