কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ ভাগলপুৰ-ডুমকা-ৰামপুৰহাট একক ৰে’ল লাইন শাখা (১৭৭ কিলোমিটাৰ) দ্বৈত লাইনযুক্ত কৰাৰ বাবে ৩,১৬৯ কোটি টকাত কেবিনেটৰ অনুমোদন
Posted On:
10 SEP 2025 3:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে মুঠ ৩, ১৬৯ কোটি টকা (প্ৰায়) ব্যয় সাপেক্ষে বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ ভাগলপুৰ-ডুমকা-ৰামপুৰহাট একক ৰে’ল লাইন শাখা (১৭৭ কিঃমিঃ) দ্বৈত লাইনলৈ উন্নীতকৰণত অনুমোদন জনাইছে।
এই বৰ্ধিত লাইনৰ ক্ষমতাই গতিশীলতা উন্নত কৰিব, ভাৰতীয় ৰেলৱেৰ বাবে বৰ্ধিত দক্ষতা আৰু সেৱা নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। মাল্টি-ট্ৰেকিং প্ৰস্তাৱে ৰেল চলাচল সহজ কৰিব আৰু ভিৰ হ্ৰাস কৰিব, যাৰ ফলত সমগ্ৰ ভাৰতীয় ৰে'লৱেৰ ব্যস্ততম শ্ৰেণীসমূহত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিগত বিকাশ সাধন কৰিব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি আছে, যি অঞ্চলটোত ব্যাপক উন্নয়নৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণক আত্মনিৰ্ভৰ কৰি তুলিব, তেওঁলোকৰ নিযুক্তি/স্ব-নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব।
সংহত পৰিকল্পনা আৰু অংশীদাৰৰ পৰামৰ্শৰ জৰিয়তে মাল্টি-মডেল সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ সৈতে সংগতি ৰাখি এই প্ৰকল্পসমূহ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।
এই প্ৰকল্পটোৱে তিনিখন ৰাজ্য অৰ্থাৎ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ পাঁচখন জিলা সামৰি ভাৰতীয় ৰে'লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৭৭ কি. মি. বৃদ্ধি কৰিব।
প্ৰকল্পটোৱে সমগ্ৰ দেশৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকক আকৰ্ষণ কৰা দেওঘৰ (বাবা বৈদ্যনাথ ধাম), তাৰাপীঠ (শক্তি পীঠ) আদি গুৰুত্বপূৰ্ণ গন্তব্যস্থলসমূহলৈ ৰেল সংযোগ প্ৰদান কৰিছে।
মাল্টি-ট্ৰেকিং প্ৰকল্পই প্ৰায় ৪৪১ খন গাঁও আৰু প্ৰায় ২৮. ৭২ লাখ লোকৰ বাবে আৰু তিনিখন আকাংক্ষিত জিলা (বাংকা, গোদ্দা আৰু ডুমকা)ৰ বাবে সংযোগ বৃদ্ধি কৰিব।
কয়লা, চিমেণ্ট, সাৰ, ইটা আৰু শিল আদিৰ দৰে সামগ্ৰী পৰিবহণৰ বাবে ই এক গুৰুত্বপূৰ্ণ পথ। ক্ষমতা বৃদ্ধিৰ ফলত ১৫ এমটিপিএ (প্ৰতি বছৰে নিযুত টন) অতিৰিক্ত সামগ্ৰী পৰিবহন সম্ভৱ হব। ৰে'লৱেই পৰিবেশ অনুকূল আৰু শক্তিৰ ক্ষেত্ৰত মিতব্যয়ী পৰিবহন ব্যৱস্থা হোৱা হেতুকে ইয়ে জলবায়ুৰ ক্ষেত্ৰত থকা লক্ষ্য আৰু সামগ্ৰীৰ পৰিবহন ব্যয় হ্ৰাস কৰাৰ বাবে দেশৰ লক্ষ্য উভয়তে উপনীত হোৱাত সহায় কৰিব। ইয়াৰ জৰিয়তে তেলৰ আমদানি (৫ কোটি লিটাৰ) হ্ৰাস হব আৰু কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰিব (২৪ কোটি কিলোগ্ৰাম), যি ১ কোটি গছ ৰোপণৰ সমান।
***
MJPS/BM/HS
(Release ID: 2165323)
Visitor Counter : 2
Read this release in:
Malayalam
,
Odia
,
English
,
Urdu
,
Hindi
,
Marathi
,
Nepali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada