প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত-আমেৰিকাৰ দৃঢ় সম্পৰ্কৰ বিষয়ে পুনৰ দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 10 SEP 2025 7:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-আমেৰিকাৰ দৃঢ় সম্পৰ্কৰ বিষয়ে পুনৰ দোঁহাৰে আৰু দুয়োখন দেশৰ মাজত অব্যাহত থকা বাণিজ্য আলোচনা সম্পৰ্কত আস্থা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে দুয়োখন দেশে আমাৰ জনসাধাৰণৰ বাবে অধিক সমৃদ্ধিশালী ভৱিষ্যত সুৰক্ষিত কৰিবলৈ একেলগে কাম কৰিব।

এক্সত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এটা পোষ্টৰ সঁহাৰি শ্ৰী মোদীয়ে কয়:

ভাৰত আৰু আমেৰিকা ঘনিষ্ঠ বন্ধু আৰু স্বাভাৱিক সহযোগী। মোৰ বিশ্বাস আছে যে আমাৰ বাণিজ্যিক আলোচনাই ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বৰ সীমাহীন সম্ভাৱনাৰ পথ মুকলি কৰিব। আমাৰ ফালৰ পৰা এই আলোচনা যিমান পাৰি সোনকালেই সমাপ্ত কৰিবলৈ কাম কৰি আছে। মই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতেও কথা পাতিবলৈ আগ্ৰহী। আমি আমাৰ জনসাধাৰণৰ বাবে এক উজ্জ্বল, অধিক সমৃদ্ধিশালী ভৱিষ্যত সুৰক্ষিত কৰিবলৈ একেলগে কাম কৰিম।

@realDonaldTrump

@POTUS”

 

***

MJPS/SR/HS


(रिलीज़ आईडी: 2165232) आगंतुक पटल : 29
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam