বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

জিএছটি সংস্কাৰ ব্যৱসায়ৰ বাবে পৰিৱৰ্তনকাৰী হ’ব: ভাৰত নিউট্ৰাভাৰ্ছ এক্সপ’ ২০২৫ত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোয়েল

নতুন নিৰিখৰ সম্পূৰ্ণ লাভ উপভোক্তাক দিয়া উচিত: শ্ৰী গোয়েল

আমি কঠোৰ পৰিশ্ৰমেৰে নিৰ্মিত ভাৰতীয় সামগ্ৰীৰ প্ৰচাৰৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব: শ্ৰী গোয়েল

অস্থিৰতাৰ সময়তো ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিঃ শ্ৰী গোয়েল

স্বাস্থ্যসন্মত খাদ্য সামগ্ৰীৰে পুষ্টি লাভ কৰা এখন সুস্থ আৰু সবল ভাৰতহে দেশৰ বৃদ্ধিৰ চাবিকাঠি: শ্ৰী গোয়েল

প্ৰধানমন্ত্ৰীয়ে সকলো ভাৰতীয়ৰ বাবে উত্তম প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা নিশ্চিত কৰিব বিচাৰেঃ শ্ৰী গোয়েল

Posted On: 04 SEP 2025 2:31PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলে আজি ভাৰত নিউট্ৰাভাৰ্ছ এক্সপ’ ২০২৫ত ভাষণ দি কয় যে নিউট্ৰাচিউটিকেলছ উদ্যোগ কালি ঘোষিত জিএছটি (সামগ্ৰী আৰু সেৱা কৰ)ত ৰূপান্তৰকাৰী পৰিৱৰ্তনৰ প্ৰধান হিতাধিকাৰীসমূহৰ অন্যতম। তেওঁ কয় যে জিএছটিৰ নিৰিখ হ্ৰাস পোৱাৰ ফলত উপভোক্তাৰ চাহিদা যথেষ্ট বৃদ্ধি পাব। তেওঁ কয় যে উদ্যোগে এতিয়া অধিক বিক্ৰীৰ আশা কৰিব পাৰে, যিটো সকলোৰে বাবে লাভদায়ক পৰিস্থিতি হ’ব। শ্ৰী গোয়েলে জোৰ দি কয় যে ব্যৱসায়ীসকলে বৃহৎ সুযোগ লাভ কৰিব, ইয়াৰ বিপৰীতে উপভোক্তাসকল জিএছটিৰ জৰিয়তে সম্পূৰ্ণ উপকৃত হ'ব।

শ্ৰী গোয়েলে উৎসৱমুখৰ সময়ত দেশক দিয়া এই উপহাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত ঘোষণা কৰিছিল যে জিএছটিৰ সৈতে জড়িত ডাঙৰ আৰু ভাল খবৰ আহি আছে। তেওঁ কয় যে কোনেও অনুমান কৰা নাছিল যে কালি ঘোষিত পৰিৱৰ্তনকাৰী সংস্কাৰত উপভোক্তাৰ লাভৰ বাবে সামগ্ৰী আৰু সেৱাৰ ইমান বিস্তৃত শৃংখলা সামৰি লোৱা হ’ব।

শ্ৰী গোয়েলে উদ্যোগ জগতক আহ্বান জনায় যে তেওঁলোকে জিএছটিৰ নিৰিখ হ্ৰাসৰ ফলত ৰাহি হোৱা ধনৰ সম্পূৰ্ণ লাভ যাতে উপভোক্তালৈ যোৱাটো সুনিশ্চিত কৰক। তেওঁ আলোকপাত কৰে যে নতুন কাঠামোৰ অধীনত কেইবাটাও শিতানত জিএছটিৰ নিৰিখ ৫%লৈ হ্ৰাস কৰা হৈছে, যাৰ ফলত বহুতো খণ্ডত যথেষ্ট সঞ্চয় হৈছে। তেওঁ কয় যে ইয়াৰ ফলত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পাব, কিয়নো কম দামে স্বাভাৱিকতে উপভোগ বৃদ্ধি কৰে আৰু উদ্যোগৰ বিকাশক গতি প্ৰদান কৰে।

শ্ৰী গোয়েলে উদ্যোগ জগতৰ পৰা প্ৰধানমন্ত্ৰীৰ প্ৰতি দুটা শক্তিশালী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান জনায়—প্ৰথম, জিএছটি হ্ৰাসৰ ফলত উদ্ভৱ হোৱা সঞ্চয়ৰ প্ৰতিটো টকা উপভোক্তালৈ প্ৰেৰণ কৰা, আৰু দ্বিতীয়তে, স্বদেশী সামগ্ৰীৰ সক্ৰিয়ভাৱে প্ৰচাৰ কৰা। তেওঁ ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম আৰু দেশৰ মাটিত পোষিত সামগ্ৰীসমূহৰ প্ৰতি সমৰ্থন দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী গোয়েলে জোৰ দি কয় যে যেতিয়া এনেধৰণৰ সামগ্ৰী দেশৰ প্ৰতিটো কোণত উপনীত হয় তেতিয়া ই কেৱল অৰ্থনৈতিক মূল্যই নহয়, বৰং ৰাষ্ট্ৰীয় গৌৰৱ আৰু আত্মনিৰ্ভৰশীলতাৰো প্ৰতীক।

শ্ৰী গোয়েলে এই কথা ৰেখাংকিত কৰে যে ইয়াৰ কোনো কথা নাই যে স্বামীত্ব কোনো ভাৰতীয় উদ্যোগীৰ হাতত আছে বা কোনো বিদেশী বিনিয়োগকাৰীৰ হাতত — গুৰুত্বপূৰ্ণ কথাটো হ’ল যে সামগ্ৰীসমূহ ভাৰতত নিৰ্মিত হ'ব লাগে, যুৱক-যুৱতীসকলৰ বাবে চাকৰিৰ সৃষ্টি কৰক, স্থানীয় জনগোষ্ঠীৰ বাবে সুযোগ সৃষ্টি কৰক আৰু ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাওক। তেওঁ কয় যে ভাৰতত নিৰ্মিত প্ৰতিটো সামগ্ৰী ১.৪ বিলিয়ন লোকৰ আকাংক্ষাৰে ভৰা আৰু দেশৰ, বিকশিত ভাৰত ২০৪৭ৰ দিশত আগবাঢ়ি যোৱাৰ প্ৰতীক।

শ্ৰী গোয়েলে কয় যে যেতিয়ালৈকে কোম্পানী এটাই ভাৰতত বিনিয়োগ কৰি চাকৰি আৰু সুযোগ সৃষ্টি কৰি দেশৰ বিকাশ গাঁথাত অৰিহণা যোগাই আছে তেতিয়ালৈকে ভাৰতীয় হওক বা বিদেশী হওক, কোনো কথা নাই।

ভাৰতৰ শক্তিশালী অৰ্থনৈতিক প্ৰদৰ্শনৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰথম ত্ৰৈমাসিকত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৭.৮ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয় যে বিশ্বৰ অস্থিৰতা আৰু অনিশ্চয়তাৰ মাজতো ভাৰত সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ দেশ হৈয়ে আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বত অহা দুটা দশকলৈ ভাৰতবৰ্ষই আগশাৰীৰ হৈ থাকিব।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ জিডিপি ৪ ট্ৰিলিয়ন ডলাৰৰ পৰা ৩০ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ চৰকাৰৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰে আৰু জোৰ দি কয় যে ভাৰতে এখন সমৃদ্ধিশালী আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। শ্ৰী গোয়েলে কয় যে বিকশিত ভাৰত ২০৪৭, ১.৪ বিলিয়ন ভাৰতীয়ৰ সামূহিক প্ৰতিশ্ৰুতি আৰু অমৃত কালৰ এই যাত্ৰাত অৰিহণা যোগোৱাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা আৰু দক্ষতাৰ লগতে ব্যৱসায়ৰ সুগমতা, কম কৰ আৰু জীৱন-যাপন সহজ-সৰল কৰি তোলাৰ চৰকাৰৰ পদক্ষেপেৰে দেশখনে গুণগত শিক্ষা, স্বাস্থ্যসেৱা আৰু বিশ্বমানৰ আন্তঃগাঁথনি প্ৰতিষ্ঠা কৰি প্ৰত্যেক শিশুৰ বাবে উন্নত ভৱিষ্যৎ সুনিশ্চিত কৰাৰ দিশত অগ্ৰসৰ।

শ্ৰী গোয়েলে কয় যে নিউট্ৰাচিউটিকেলছ খণ্ডৰ দ্বাৰা সৰ্বাংগীন আৰু স্বাস্থ্যসন্মত খাদ্য সামগ্ৰীৰে পোষিত এখন সুস্থ আৰু সবল ভাৰতহে দেশৰ বিকাশৰ মূল চাবিকাঠি। তেওঁ কয় যে এই খণ্ডই কৃষকক সহায় কৰাৰ লগতে সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগকো সহাযোগ আৰু প্ৰতিজন ভাৰতীয়ৰ স্বাস্থ্যসেৱাত অৰিহণা যোগাই আছে। তেওঁ স্বাস্থ্যসন্মত জীৱন-যাপনত হালধিৰ অপৰিসীম অৱদান, আদাৰ উপকাৰিতা আৰু ভাৰতীয় যুৱক-যুৱতীসকলক গুণগত প্ৰ’টিন আৰু পুষ্টি যোগান ধৰাত প্ৰ’বায়’টিকৰ ভূমিকাৰ কথা উল্লেখ কৰে।

শ্ৰী গোয়েলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা সুনিশ্চিত কৰিবলৈ সংকল্পবদ্ধ যে প্ৰতিজন নাগৰিকে যাতে উচ্চমানৰ আৰু সুস্থ জীৱন লাভ কৰে, আৰু উচ্চতম পৰ্যায়ৰ প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক স্বাস্থ্যসেৱা লাভ কৰিব পাৰে। তেওঁ কয় যে এই দৃষ্টিভংগী সৰ্বোত্তম শিক্ষা আৰু সুযোগ প্ৰদান কৰাৰ সৈতে সংযুক্ত যাতে প্ৰতিজন ভাৰতীয়ই মৰ্যাদাপূৰ্ণ, নিৰাপদ আৰু সুখী জীৱন যাপন কৰিব পাৰে।

শ্ৰী গোয়েলে এই আত্মবিশ্বাসেৰে নিজৰ ভাষণৰ সামৰণি মাৰে যে ভাৰত নিউট্ৰাভাৰ্ছ ২০২৫ উদ্যোগৰ বাবে উজ্জ্বল ভৱিষ্যতৰ আৰম্ভণি হ’ব আৰু ভাৰতৰ বিকাশ যাত্ৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।

**********

Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas


(Release ID: 2164093) Visitor Counter : 2