প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ প্ৰদেশৰ কানপুৰ নগৰত একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 30 MAY 2025 5:20PM by PIB Guwahati

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

 

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সতীৰ্থসকল, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্য আৰু শ্ৰী ব্ৰজেশ পাঠক ডাঙৰীয়া, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক আৰু কানপুৰৰ মোৰ মৰমৰ ভাই-ভনীসকল।

২৪ এপ্ৰিলতে কানপুৰৰ এই উন্নয়ন কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছিল যদিও পেহেলগামত আক্ৰমণৰ বাবে কানপুৰ ভ্ৰমণ বাতিল কৰিবলগীয়া হৈছিল। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত আমাৰ কানপুৰৰ পুত্ৰ শুভম দ্বিবেদীও এই বৰ্বৰতাৰ বলি হৈছিল। আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ তেওঁৰ কন্যা ঐশন্যাৰ বেদনা, দুখ-কষ্ট। আমাৰ কন্যা আৰু ভগ্নীহঁতৰ সেই খংটোকেই সমগ্ৰ বিশ্বই অপাৰেচন সিন্দূৰৰ ৰূপত প্ৰত্যক্ষ কৰিলে। আমি পাকিস্তানৰ অভ্যন্তৰত, শ-শ মাইলৰ ভিতৰত সোমাই সন্ত্ৰাসবাদীৰ ঘাটিবোৰ ধ্বংস কৰিলোঁ। আৰু আমাৰ সশস্ত্ৰ বাহিনীয়ে ইমানেই সাহস প্ৰদৰ্শন কৰিলে, ইমানেই অতুলনীয় সাহসিকতা যে পাকিস্তানী সেনাই যুদ্ধবিৰতিৰ বাবে কাতৰ অনুৰোধ কৰিবলৈ বাধ্য হ’ল। স্বাধীনতা সংগ্ৰামৰ এই ভূমিৰ পৰাই আমাৰ জোৱানসকলৰ বীৰত্বক বাৰে-বাৰে প্ৰণাম জনাইছোঁ। মই পুনৰ ক’ব বিচাৰোঁ যে অপাৰেচন সিন্দূৰ এতিয়াও শেষ হোৱা নাই। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতে তিনিটা কথা অতিশয় স্পষ্টভাৱে কৈছেঃ প্ৰথমতে, প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতে তীব্ৰ প্ৰত্যুত্তৰ জনাব। সেই প্ৰত্যুত্তৰৰ সময়, পদ্ধতি আৰু চৰ্ত আমাৰ সশস্ত্ৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব। দ্বিতীয়তে, ভাৰতে আৰু পাৰমাণৱিক ভাবুকিক সহ্য নকৰে। তৃতীয়তে, ভাৰতে সন্ত্ৰাসবাদৰ মাষ্টাৰমাইণ্ড আৰু সিহঁতক আশ্ৰয় দিয়া চৰকাৰ উভয়কে এক বুলি গণ্য কৰিব। আৰু যদি মই সাধাৰণ কানপুৰ শৈলীত কওঁঃ শত্ৰু য’তেই লুকাই নাথাকক কিয় ত’তেই চিকাৰ কৰা হ’ব।

বন্ধুসকল,

ভাৰতৰ থলুৱা অস্ত্ৰ আৰু মেক ইন ইণ্ডিয়া পদক্ষেপৰ শক্তিও অপাৰেচন সিন্দূৰৰ সময়ত বিশ্বই প্ৰত্যক্ষ কৰিলে। আমাৰ ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিশেষকৈ ব্ৰহ্মচ মিছাইলে শত্ৰুৰ ভূ-খণ্ডৰ ঠিক ভিতৰতে ধ্বংস কৰিছিল। যি স্থানতেই লক্ষ্য চিনাক্ত কৰা হৈছিল, সেই স্থানতেই বিস্ফোৰণ ঘটিছিল। এই শক্তি আমি লাভ কৰিছোঁ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ পৰা। এসময়ত ভাৰত সামৰিক আৰু প্ৰতিৰক্ষা প্ৰয়োজনীয়তা পূৰণৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰশীল আছিল। আমি সেই পৰিস্থিতি সলনি কৰিবলৈ ধৰিছিলোঁ। ভাৰতক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাটো কেৱল আমাৰ অৰ্থনীতিৰ বাবেই গুৰুত্বপূৰ্ণ নহয় — বৰঞ্চ আমাৰ ৰাষ্ট্ৰীয় গৌৰৱৰ বাবেও এয়া সমানেই গুৰুত্বপূৰ্ণ। সেইবাবেই আমি ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযান হাতত লৈছিলোঁ, ইয়াৰ জৰিয়তে ৰাষ্ট্ৰখনক এনে নিৰ্ভৰতাৰ পৰা মুক্তকৰণৰ প্ৰয়াস কৰা হৈছিল। আৰু প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰতাৰ এই যাত্ৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশে। কানপুৰত যেনেকৈ এটা পুৰণি অস্ত্ৰ-শস্ত্ৰৰ কাৰখানা আছে, তেনেকৈ আমি এনে ৭ টা অস্ত্ৰ-শস্ত্ৰৰ কাৰখানাক বৃহৎ আধুনিক কোম্পানীলৈ ৰূপান্তৰিত কৰিছোঁ। আজি উত্তৰ প্ৰদেশত এটা বৃহৎ প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ কৰা হৈছে। এই কৰিডৰৰ কানপুৰ ন’ডটো প্ৰতিৰক্ষা খণ্ডত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে।

বন্ধুসকল,

এসময়ত পৰম্পৰাগত উদ্যোগসমূহে এই অঞ্চল এৰি গুচি গৈছিল যদিও এতিয়া প্ৰতিৰক্ষা খণ্ডৰ ডাঙৰ-ডাঙৰ কোম্পানীসমূহ ইয়ালৈ আহিছে। নিকটতে আমেথিত ইতিমধ্যে একে-২০৩ ৰাইফলৰ উৎপাদন আৰম্ভ হৈছে। অপাৰেচন সিন্দূৰৰ সময়ত শত্ৰুক সজাগ কৰি ৰখা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ এতিয়া নতুন কেন্দ্ৰও হৈছে — উত্তৰ প্ৰদেশ। ভৱিষ্যতে ভাৰতক প্ৰতিৰক্ষা খণ্ডত প্ৰধান ৰপ্তানিকাৰী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কানপুৰ আৰু উত্তৰ প্ৰদেশে এক অগ্ৰণী ভূমিকা পালন কৰিব। ইয়াত নতুন-নতুন কাৰখানা স্থাপন কৰা হ’ব। বৃহৎ পৰিসৰৰ বিনিয়োগ হ’ব। এই অঞ্চলৰ হাজাৰ-হাজাৰ যুৱকে উৎকৃষ্ট কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।

বন্ধুসকল,

উত্তৰ প্ৰদেশ আৰু কানপুৰক উন্নয়নৰ নতুন শিখৰত আৰোহণৰ ক্ষেত্ৰত ডাবল ইঞ্জিন চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া ইয়াৰ উদ্যোগসমূহক প্ৰসাৰিত কৰা হ’ব, যেতিয়া কানপুৰৰ পুৰণি গৌৰৱ পুনৰ ঘূৰি আহিব। কিন্তু, ভাই-ভনীসকল, পূৰ্বৰ চৰকাৰসমূহে আধুনিক উদ্যোগসমূহৰ প্ৰয়োজনীয়তাক আওকাণ কৰিছিল। কানপুৰৰ পৰা আঁতৰি গৈ থাকিছিল উদ্যোগসমূহ। পৰিয়াল পৰিচালিত চৰকাৰবোৰে চকু মুদি বহি আছিল। পৰিণতিত কেৱল কানপুৰেই নহয় সমগ্ৰ উত্তৰ প্ৰদেশ পিছ পৰি ৰৈছিল।

ভাই-ভনীসকল,

এখন ৰাজ্যৰ ঔদ্যোগিক অগ্ৰগতিৰ ক্ষেত্ৰত দুটা অতিশয় প্ৰয়োজনীয় চৰ্ত হৈছেঃ প্ৰথমে, শক্তি খণ্ডত আত্ম-নিৰ্ভৰতা — অৰ্থাৎ নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান; আৰু দ্বিতীয়তে, আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা। আজি আমি কেইবাটাও বিদ্যুৎ কেন্দ্ৰ উদ্বোধন কৰিছোঁঃ ৬৬০ মেগাৱাটৰ পাংকি বিদ্যুৎ কেন্দ্ৰ, ৬৬০ মেগাৱাটৰ নেইভেলী বিদ্যুৎ কেন্দ্ৰ, ১,৩২০ মেগাৱাটৰ জৱাহৰপুৰ বিদ্যুৎ কেন্দ্ৰ, ৬৬০ মেগাৱাটৰ ওব্ৰা চি বিদ্যুৎ কেন্দ্ৰ আৰু ৬৬০ মেগাৱাটৰ খুৰজা বিদ্যুৎ কেন্দ্ৰ। উত্তৰ প্ৰদেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই বিদ্যুৎ কেন্দ্ৰসমূহৰ সহায়ত উত্তৰ প্ৰদেশত বিদ্যুতৰ উপলব্ধতা যথেষ্ট বৃদ্ধি পাব, ইয়াৰ ফলশ্ৰুতিত ৰাজ্যখনৰ উদ্যোগসমূহৰ উত্থান ঘটিব। আজি ৪৭,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহো উদ্বোধন কৰা হৈছে বা আধাৰশিলা স্থাপন কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড প্ৰদান কৰা হৈছে। আন-আন আঁচনিৰ হিতাধিকাৰীসকলকো সহায় আগবঢ়োৱা হৈছে। এই আঁচনি আৰু উন্নয়নমূলক কামে কানপুৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰগতিৰ প্ৰতি আমাৰ দৃঢ় দায়বদ্ধতাকে প্ৰতিফলিত কৰে।

বন্ধুসকল,

আজি কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে এখনি আধুনিক আৰু ‘বিকশিত উত্তৰ প্ৰদেশ’ (উন্নত উত্তৰ প্ৰদেশ) গঢ়িবলৈ কাম কৰি আছে। ইয়াৰ ফলশ্ৰুতিত আন্তঃগাঁথনি, সুবিধা আৰু সম্পদ — সাধাৰণতে কেৱল ডাঙৰ মেট্ৰ’ চহৰত দেখা পোৱা ধৰণৰ — এতিয়া কানপুৰতো প্ৰত্যক্ষ হৈছে। কেইবছৰমান পূৰ্বে আমাৰ চৰকাৰে কানপুৰক প্ৰথমখন মেট্ৰ’ উপহাৰ দিছিল। আজি কানপুৰ মেট্ৰ’ৰ অৰেঞ্জ লাইন আহি কানপুৰ চেন্ট্ৰেল পালেহি। ইলাভেটেড ট্ৰেকৰ পৰা আৰম্ভ কৰি আণ্ডাৰগ্ৰাউণ্ড সুৰংগলৈকে সকলো ধৰণৰ মেট্ৰ’ সংযোগে এতিয়া কানপুৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহক সংযুক্ত কৰিছে। কানপুৰ মেট্ৰ’ৰ এই সম্প্ৰসাৰণ কোনো সাধাৰণ প্ৰকল্প নহয়। বৰঞ্চ এয়া সঠিক উদ্দেশ্য, গভীৰ ইচ্ছাশক্তি আৰু সৎ শাসন ব্যৱস্থাৰ ফলশ্ৰুতিত ৰাজ্য আৰু দেশৰ উন্নয়নৰ বাবে প্ৰকৃত প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যৰ প্ৰতিফলন। কানপুৰ সম্পৰ্কে জনতাই কি কৈছিল মনত পৰে নে? চুন্নীগঞ্জ, বডা চৌৰাহা, নয়াগঞ্জ, কানপুৰ চেন্ট্ৰেলৰ দৰে অঞ্চল — এইসমূহ আছিল অত্যন্ত জনবহুল, সংকীৰ্ণ পথ আৰু আধুনিক আন্তঃগাঁথনি আৰু পৰিকল্পনাৰ অভাৱে দেখা দিয়া ঠাই। সেয়ে জনসাধাৰণে কৈছিল, “ইয়াত কেতিয়াবা মেট্ৰ’ কেনেকৈ সম্ভৱ হ’ব পাৰে? ইয়াত কেনেকৈ বৃহৎ পৰিৱৰ্তন হ’ব পাৰে?” দৰাচলতে কানপুৰ আৰু উত্তৰ প্ৰদেশৰ আন-আন গুৰুত্বপূৰ্ণ চহৰসমূহক উন্নয়নৰ পৰা আঁতৰাই ৰখা হৈছিল। ইয়াৰ পৰিণতিতে যাতায়াতৰ সমস্যা অধিক তীব্ৰতৰ হৈ পৰিল, চহৰৰ অগ্ৰগতি লেহেমীয়া হ’ল আৰু উত্তৰ প্ৰদেশৰ আটাইতকৈ সম্ভাৱনা থকা চহৰসমূহ পিছ পৰি ৰৈছিল। কিন্তু আজি সেই কানপুৰেই, সেই উত্তৰ প্ৰদেশেই উন্নয়নৰ ক্ষেত্ৰত নতুন মাপকাঠি নিৰ্ধাৰণ কৰিছে। চাওঁকচোন, কেৱল মেট্ৰ’ সেৱায়েই কানপুৰৰ জনসাধাৰণক কিমান উপকৃত কৰিব। এক বৃহৎ বাণিজ্যিক কেন্দ্ৰ হিচাপে কানপুৰৰ ব্যৱসায়ী আৰু গ্ৰাহক এতিয়া নবীন মাৰ্কেট আৰু বডা চৌৰাহালৈ যোৱাত সহজ হ’ব। কানপুৰলৈ অহা-যোৱা কৰা লোকসকল — আইআইটি-ৰ ছাত্ৰ-ছাত্ৰী, সাধাৰণ নাগৰিকৰ — চেন্ট্ৰেল ৰেলৱে ষ্টেচন পোৱাৰ ক্ষেত্ৰত যথেষ্ট সময় ৰাহি কৰিব। আমাৰ জ্ঞাত যে এখন চহৰৰ গতিয়ে ইয়াৰ অগ্ৰগতিৰ সূচনা কৰে। এই সুবিধাসমূহ, এই যোগাযোগ ব্যৱস্থা আৰু আধুনিক পৰিবহণ আন্তঃগাঁথনি এতিয়া উত্তৰ প্ৰদেশৰ উন্নয়নৰ নতুন মাত্ৰা হৈ পৰিছে।

বন্ধুসকল,

আজি আমাৰ উত্তৰ প্ৰদেশে আধুনিক আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। এসময়ত ভঙা পথ আৰু গাঁতৰ বাবে পৰিচিত এখন ৰাজ্যই এতিয়া এক্সপ্ৰেছৱে’ৰ নেটৱৰ্কৰ বাবে স্বীকৃতি লাভ কৰিছে। যিখন উত্তৰ প্ৰদেশত পূৰ্বে জনসাধাৰণে আন্ধাৰ হোৱাৰ পিছত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত আছিল, সেইখন উত্তৰ প্ৰদেশতে আজি ঘাইপথ ২৪ ঘন্টাই সক্ৰিয় হৈ পৰিছে। আৰু উত্তৰ প্ৰদেশৰ কিমান পৰিৱৰ্তন সাধন হৈছে, সেই সম্পৰ্কে কানপুৰৰ জনসাধাৰণ ভালদৰে জ্ঞাত। মাত্ৰ কেইদিনমানৰ ভিতৰতে কানপুৰৰ পৰা লক্ষ্ণৌলৈ কানপুৰ-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ৰ জৰিয়তে মাত্ৰ ৪০ৰ পৰা ৪৫ মিনিট সময় লাগিব।

বন্ধুসকল,

লক্ষ্ণৌৰ পৰা পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ৰ সৈতেও পোনপটীয়া যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব। কানপুৰ-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ক গংগা এক্সপ্ৰেছৱে’ৰ সৈতেও সংযোগ কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত উত্তৰ প্ৰদেশৰ পূব আৰু পশ্চিম উভয় দিশলৈ যাত্ৰাৰ বাবে দূৰত্ব আৰু যাত্ৰাৰ সময় উভয়ে হ্ৰাস পাব।

বন্ধুসকল,

কানপুৰৰ লোকসকল দীৰ্ঘদিন ধৰি একক ৰেলপথৰ বাবে ফাৰুখাবাদ–আনৱৰগঞ্জ অংশত অসুবিধাৰ সন্মুখীন হৈ আহিছে। কেৱল এটা বা দুটা নহয়, ১৮ টা ৰেলৱে ক্ৰছিঙৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল। কেতিয়াবা এই গেটখন বন্ধ হৈ যাব, কেতিয়াবা সেইখন — আপোনালোক সকলোৱে এই সমস্যাৰ পৰা বহুদিন ধৰি সকাহ বিচাৰি আহিছে। এতিয়া ইয়াত ১,০০০ কোটি টকা ব্যয় সাপেক্ষে এটা ইলাভেটেড ৰেল কৰিডৰ স্থাপন কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত যাতায়াত ব্যৱস্থাৰ অগ্ৰগতি ঘটিব, গতি বাঢ়িব, প্ৰদূষণ হ্ৰাস পাব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কানপুৰবাসীৰ মূল্যৱান সময় ৰাহি হ’ব।

বন্ধুসকল,

কানপুৰ চেন্ট্ৰেল ৰেলৱে ষ্টেচনকো উন্নীতকৰণেৰে বিশ্বমানৰ ৰূপ প্ৰদান কৰা হৈছে। অতি সোনকালে কানপুৰ চেন্ট্ৰেলক বিমানবন্দৰৰ দৰে আধুনিক দেখা যাব। আমাৰ চৰকাৰে অমৃত ভাৰত ৰেলৱে ষ্টেচন আঁচনিৰ অংশ হিচাপে উত্তৰ-প্ৰদেশত ১৫০-ৰো অধিক ৰেল ষ্টেচন গঢ়ি তুলিছে। ইতিমধ্যে উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্য হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ — ঘাইপথ, ৰেলপথ আৰু বিমানপথ — উত্তৰ প্ৰদেশ এতিয়া প্ৰতিটো ক্ষেত্ৰতে দ্ৰুতগতিত আগবাঢ়িছে।

বন্ধুসকল,

আমি উত্তৰ প্ৰদেশক ঔদ্যোগিক সুযোগৰ স্থানলৈ ৰূপান্তৰিত কৰিছোঁ। এইবাৰৰ বাজেটত আমি ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত ‘মিছন মেনুফেকচাৰিং’ পদক্ষেপৰ কথা ঘোষণা কৰিছিলোঁ। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগ আৰু উৎপাদনক প্ৰসাৰিত কৰা হ’ব। ইয়াৰ দ্বাৰা কানপুৰৰ দৰে চহৰসমূহে যথেষ্ট লাভান্বিত হ’ব। আপোনালোক সকলোৰে জ্ঞাত যে কানপুৰৰ ঔদ্যোগিক শক্তিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ইয়াৰ এমএছএমই — ক্ষুদ্ৰ আৰু লঘু-মাত্ৰাৰ উদ্যোগসমূহে। আজি আমি ইয়াত এই ক্ষুদ্ৰ উদ্যোগসমূহৰ আশা-আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে কাম কৰি আছোঁ।

বন্ধুসকল,

আমি ক্ষুদ্ৰ উদ্যোগৰ টাৰ্ণঅ’ভাৰ আৰু স্কেলৰ সীমা বৃদ্ধি কৰিলোঁ। এইবাৰৰ বাজেটত চৰকাৰে এমএছএমই-ৰ পৰিসৰ অধিক বৃদ্ধিৰে অতিৰিক্ত ৰেহাই প্ৰদান কৰিছে। বিগত সময়ত এমএছএমই-সমূহে সন্মুখীন হোৱা এটা গুৰুতৰ প্ৰত্যাহ্বান আছিল ঋণৰ সুবিধা। বিগত ১০ বছৰত আমি এই সমস্যা সমাধানৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ। এতিয়া যুৱ উদ্যোগীসকলে যদি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে মুদ্ৰা যোজনাৰ জৰিয়তে তেওঁলোকে সহজেই মূলধন লাভ কৰিব পাৰিব। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক আৰ্থিকভাৱে সুদৃঢ় কৰিবলৈ আমি ঋণ নিশ্চয়তা আঁচনি প্ৰৱৰ্তন কৰিলোঁ। এইবাৰৰ বাজেটত এমএছএমই ঋণৰ নিশ্চয়তাৰ সীমা ২০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। এমএছএমই সমূহক ৫ লাখ টকা পৰ্য্যন্ত ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে। আমি নতুন উদ্যোগসমূহৰ বাবে — বিশেষকৈ এমএছএমইসমূহৰ বাবে — পদ্ধতিসমূহ সৰল কৰি এক সহায়ক পৰিবেশৰ সৃষ্টি কৰিছোঁ। কানপুৰৰ পৰম্পৰাগত চামৰা আৰু হোজাইৰী উদ্যোগসমূহক ‘এক জিলা, এক সামগ্ৰী’ৰ দৰে আঁচনিৰ জৰিয়তে সবলীকৰণ কৰা হৈছে। এই প্ৰচেষ্টাৰাজিয়ে কেৱল কানপুৰেই নহয়, বৰঞ্চ উত্তৰ প্ৰদেশৰ প্ৰতিখন জিলাকে উপকৃত কৰিব।

বন্ধুসকল,

আজি উত্তৰ প্ৰদেশত বিনিয়োগৰ এক অভূতপূৰ্ব আৰু নিৰাপদ পৰিবেশে গা-কৰি উঠিছে। দৰিদ্ৰ লোকসকলৰ বাবে কল্যাণমূলক আঁচনিসমূহক সম্পূৰ্ণ স্বচ্ছতাৰে তৃণমূল পৰ্য্যায়ত ৰূপায়ণ কৰা হৈছে। মধ্যবিত্ত শ্ৰেণীৰ সপোন পৰিপূৰণৰ ক্ষেত্ৰত সহায় কৰিবলৈ চৰকাৰ তেওঁলোকৰ কাষত থিয় হৈছে। এইবাৰৰ বাজেটত আমি ১২ লাখ টকা পৰ্য্যন্ত আয়ক সম্পূৰ্ণ কৰমুক্ত কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত কোটি-কোটি মধ্যবিত্ত পৰিয়াললৈ নতুন আস্থাৰ সঞ্চাৰ ঘটিব আৰু নতুন শক্তিও প্ৰদান কৰিব। ‘সেৱা’ আৰু ‘বিকাশ’ৰ প্ৰতি দায়বদ্ধতাৰে আমি দ্ৰুতগতিত আগবাঢ়ি যাম। দেশখনক — আৰু উত্তৰ প্ৰদেশক — নতুন শিখৰত উপনীত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিম। কানপুৰৰ সকলো ভাই-ভনীলৈ তেওঁলোকৰ এটি উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

 

***

MJPS/VJ/VK/SB


(रिलीज़ आईडी: 2160044) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam