শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

নিযুক্তি সৃষ্টি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ শুভাৰম্ভ

উন্নত সহজ ব্যৱহাৰৰ বাবে ই-শ্ৰমৰ সৈতে চৈধ্যখন মূল কল্যাণমূলক আঁচনি একত্ৰীকৰণ


Posted On: 21 AUG 2025 3:16PM by PIB Guwahati

চৰকাৰে ০১.০৭.২০২৫ তাৰিখে উৎপাদন খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি সকলো খণ্ডত নিযুক্তি সৃষ্টি, নিয়োগযোগ্যতা বৃদ্ধি আৰু সামাজিক সুৰক্ষাক সমৰ্থন কৰিবলৈ প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা নামৰ নিয়োগ সংযুক্ত উদগনি (ই এল আই) আঁচনিখনত অনুমোদন জনায়।

শ্ৰমিক নিৱিড় মন্ত্ৰালয়, ট্ৰেড ইউনিয়ন, উদ্যোগ সন্থা আৰু বিশেষজ্ঞকে ধৰি সকলো অংশীদাৰৰ সৈতে ব্যাপক আলোচনাৰ অন্তত এই আঁচনিখন প্ৰস্তুত কৰা হৈছে। শ্ৰম-নিবিড় মন্ত্ৰালয়/বিভাগৰ প্ৰতিনিধিৰে গঠিত এখন পৰিচালনা সমিতি গঠন কৰা হৈছে। ইয়াৰ উপৰি আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণ, তীক্ষ্ণ নিৰীক্ষণ, আৰু নিয়মীয়া তদাৰকী নিশ্চিত কৰিবলৈ এখন কাৰ্যনিৰ্বাহক সমিতিও গঠন কৰা হৈছে।

আঁচনিখনৰ পঞ্জীয়নৰ সময়সীমা ০১.০৮.২০২৫ৰ পৰা ৩১.০৭.২০২৭লৈ দুবছৰ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০৩১-৩২ বিত্তীয় বৰ্ষলৈ বাজেট ব্যয় ৯৯,৪৪৬ কোটি টকা। এই আঁচনিখনে দুটা অংশ অৰ্থাৎ ক আৰু অংশ সামৰি লয় আৰু কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়কে উদগনিৰ জৰিয়তে সহায় আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰে। আঁচনিখনত ক খণ্ডৰ অধীনত ১.৯২ কোটি নতুন যোগ্য কৰ্মচাৰীৰ বাবে উদগনিৰ ব্যৱস্থা কৰা হৈছে। আঁচনিৰ খ খণ্ডৰ অধীনত নিয়োগকৰ্তাসকলক ২.৫৯ কোটি অতিৰিক্ত চাকৰিৰ ব্যৱস্থা কৰা হৈছে।

অসংগঠিত শ্ৰমিকসকলে বিভিন্ন সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা লাভৰ বাবে ই-শ্ৰমক ৱান ষ্টপ-ছলিউচন হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ২০২৪-২৫ চনৰ বাজেট ঘোষণাৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ২০২৪ চনৰ ২১ অক্টোবৰত ই-শ্ৰম–“ৱান ষ্টপ-ছলিউচন” আৰম্ভ কৰে। ই-শ্ৰম– “ৱান-ষ্টপ-ছলিউচন”ৰ অন্তৰ্গত একক পৰ্টেলত বিভিন্ন সামাজিক সুৰক্ষা/কল্যাণ আঁচনি একত্ৰিত কৰা হৈছে। ইয়াৰ ফলত ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত শ্ৰমিকসকলে সামাজিক সুৰক্ষা আঁচনিসমূহ লাভ  কৰিব পাৰে আৰু তেওঁলোকে এতিয়ালৈকে, ই-শ্ৰমৰ জৰিয়তে লাভ কৰা সুবিধাসমূহ চাব পাৰে।

এতিয়ালৈকে, বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ চৌধ্যখন (১৪) আঁচনি ইতিমধ্যে ই-শ্ৰমৰ সৈতে একত্ৰিত/সংযুক্ত কৰা হৈছে যাতে ই-শ্ৰম কাৰ্ডধাৰীসকলক সামাজিক সুৰক্ষা, বীমা বা দক্ষতা বিকাশ কাৰ্যসূচীৰ সুবিধা প্ৰদান কৰিব পাৰি যাৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি (পি. এম. এছ. ভি. . নিধি), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পি. এম. এছ. বি. ৱাই), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পি. এম. জে. জে. বি. ৱাই), ৰাষ্ট্ৰীয় পৰিয়াল লাভ আঁচনি (এন. এফ. বি. এছ), মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এম. জি. এন. আৰ. . জি. এছ), প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি), আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেএৱাই), প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ (পিএমএৱাই-ইউ), প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই), প্ৰধানমন্ত্ৰী কিষাণ মন ধন যোজনা (পিএম-কেএমৱাই), এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড ("এনঅ"আৰচি) আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (পিএমএমভিৱাই)

উপৰোক্ত আঁচনিসমূহৰ উপৰি ই-শ্ৰম প্ৰধানমন্ত্ৰী শ্ৰম যোগী মন-ধন (পিএম-এছৱাইএম), ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা (এনচিএছ), স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ), ইউনিফাইড ম"বাইল এপ্লিকেচন ফৰ নিউ-এজ গভৰ্নেন্স (উমং), ডিজিটেল লকাৰ (ডিজিলকাৰ), মাই-স্কিম আৰু অপেন গভৰ্ণমেণ্ট ডাটা প্লেটফৰ্ম (ওজিডি)ৰ সৈতেও একত্ৰিত কৰা হৈছে।

অসংগঠিত শ্ৰমিকসকলৰ বাবে ই-শ্ৰম আৰু ইয়াৰ আনুষংগিক সেৱাসমূহৰ উপলব্ধতা তথা সুলভতা আৰু অধিক বৃদ্ধি কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীত ই-শ্ৰম মোবাইল এপ্লিকেচন আনুষ্ঠানিকভাৱে মুকলি কৰে। এই এপ্লিকেচনে ই-শ্ৰম প্লেটফৰ্মৰ সৈতে সংযুক্ত কল্যাণমূলক আঁচনিসমূহৰ বাস্তৱ সময়ৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত সহজ ব্যৱহাৰ আৰু ব্যৱহাৰকাৰীৰ সুবিধা দুয়োটাই যথেষ্ট শক্তিশালী হয়।

চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাত অনলাইন প্লেটফৰ্মৰ গিগ কৰ্মীসকলৰ (প্লেটফৰ্ম কৰ্মী) কল্যাণৰ বাবে কেইবাটাও পদক্ষেপ ঘোষণা কৰিছে, যেনে- ই-শ্ৰম পৰ্টেলত তেওঁলোকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰদান আৰু আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি।

এই তথ্য আজি শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী সুশ্ৰী শোভা কৰন্দলাজে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত প্ৰদান কৰে।

 

*****

 

Rini Choudhury/Anjelina Alexander/KD


(Release ID: 2159203)