প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতে জি পি ডি আৰ আৰ ২০২৫ত বিশ্বজনীন দুৰ্যোগ স্থিতিস্থাপকতা আৰু জনস্বাস্থ্যৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছে
জি পি ডি আৰ আৰ ২০২৫ত জি-২০, ডব্লিউ এইচ অ’ আৰু এ ইউৰ সৈতে জড়িত হৈছে ডাঃ পি কে মিশ্ৰ
Posted On:
05 JUN 2025 8:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি. কে. মিশ্ৰই আজি জেনেভাত অনুষ্ঠিত দুৰ্যোগ বিপদাশংকা হ্ৰাসৰ বাবে গোলকীয় মঞ্চ (জি পি ডি আৰ আৰ) ২০২৫ৰ সমান্তৰালভাৱে অনুষ্ঠিত জি-২০ দুৰ্যোগ বিপদাশংকা হ্ৰাস (ডিআৰআৰ) কাৰ্যকৰী গোটৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। আলোচনাৰ সময়ত তেওঁ উন্নয়নৰ প্ৰয়োজনীয়তাৰ লগতে অৰ্থনৈতিক সামৰ্থ্য ব্যৱহাৰ কৰি বিশ্বব্যাপী দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ প্ৰচেষ্টাক আগুৱাই নিয়াৰ ক্ষেত্ৰত জি-২০ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰা আৰু বিশ্বজনীন প্ৰত্যাহ্বানৰ বিৰুদ্ধে সামূহিক স্থিতিস্থাপকতা গঢ়ি তোলাৰ আহ্বান জনায়।
আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ডঃ মিশ্ৰই স্থিতিস্থাপক ভৱিষ্যতৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁ এ ইউৰ আয়ুক্ত শ্ৰী মোচেছ ভিলাকাটি আৰু ফ্ৰান্সৰ অ’এনইউ জেনেভাৰ পৰা চিডিআৰআইৰ সহ-অধ্যক্ষ প্ৰতিনিধিৰ উপস্থিতিত আফ্ৰিকান ইউনিয়ন (এ ইউ)ক দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰশক্তি (চি ডি আৰ আই)ৰ নতুন সদস্য হিচাপে আদৰণি জনায়। এই মাইলৰ খুঁটিয়ে ২০২৩ চনত ভাৰতৰ অধ্যক্ষতাৰ সময়ত জি-২০ৰ স্থায়ী সদস্য হিচাপে এ. ইউ.-ৰ ঐতিহাসিক অন্তৰ্ভুক্তিক অনুসৰণ কৰিছে।
ডাঃ মিশ্ৰই জেনেভাত জি পি ডি আৰ আৰৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ এইচ অ’)ৰ সঞ্চালকপ্ৰধান ডাঃ টেড্ৰ’ছ আধানম গেব্ৰেইছাছকো সাক্ষাৎ কৰে। তেওঁলোকে বিশ্বৰ জনস্বাস্থ্য বিষয়ত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে ভাৰতৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰে। শ্ৰী মিশ্ৰই ২০২৫ চনৰ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব পৰম্পৰাগত ঔষধ সন্মিলনৰ বাবে ভাৰতৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰি গুজৰাটৰ জামনগৰত ডব্লিউ এইচ অ’ৰ বিশ্ব পৰম্পৰাগত ঔষধ কেন্দ্ৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।
***
MJPS/SR/KD
(Release ID: 2159033)
Visitor Counter : 6
Read this release in:
Odia
,
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam