গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকসভাত সংবিধান (এশ ত্ৰিশতম সংশোধনী) বিধেয়ক-২০২৫, কেন্দ্ৰীয় শাসিত অঞ্চল (সংশোধনী) বিধেয়ক-২০২৫ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক-২০২৫ উত্থাপন কৰে

দেশৰ ৰাজনৈতিক দুৰ্নীতিৰ বিৰুদ্ধে মোদী চৰকাৰৰ দায়বদ্ধতা আৰু জনসাধাৰণৰ ক্ষোভৰ প্ৰতি সঁহাৰি জনাই সংবিধান সংশোধনী বিধেয়কখন উত্থাপন কৰা হৈছে

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে কাৰাগাৰত থকা অৱস্থাত চৰকাৰ চলাব নোৱাৰিব

বিধেয়কখনৰ উদ্দেশ্য হৈছে জনজীৱনত নৈতিকতাৰ নিম্নগামী মানদণ্ডৰ উত্থান ঘটোৱা আৰু ৰাজনীতিত সততাৰ সঞ্চাৰ কৰা

যোৱা কেই বছৰমানত দেশত এক আশ্চৰ্য্যকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে, যি পৰিস্থিতিত মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলে পদত্যাগ নকৰাকৈয়ে জেলৰ পৰাই অনৈতিকভাৱে চৰকাৰ চলাইছে

কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে জেলৰ পৰা চৰকাৰ চলোৱাটো উপযুক্ত হয় নে নহয়, দেশৰ জনসাধাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিব

এফালে মোদী জীয়ে নিজকে আইনৰ গণ্ডীলৈ আনিবলৈ সাংবিধানিক সংশোধনীৰ পোষকতা কৰিছে, আনহাতে সমগ্ৰ বিৰোধীয়ে আইনৰ গণ্ডীৰ বাহিৰত থাকি জেলৰ পৰা চৰকাৰ চলোৱা কাৰ্য্যক সমৰ্থন কৰিছে

প্ৰধান বিৰোধী দলৰ নীতি হৈছে প্ৰধানমন্ত্ৰীক আইনৰ-উৰ্ধত ৰাখিবলৈ সংবিধান সংশোধন কৰা, আনহাতে আমাৰ দলে প্ৰধানমন্ত্ৰী, মন্ত্ৰী, মুখ্য

Posted On: 20 AUG 2025 7:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত সংবিধান (এশ ত্ৰিশতম সংশোধনী) বিধেয়ক-২০২৫, কেন্দ্ৰীয় শাসিত অঞ্চল (সংশোধনী) বিধেয়ক-২০২৫ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক-২০২৫ উত্থাপন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে এই সন্দৰ্ভত ‘এক্স’-ৰ এলানি প’ষ্টত কয় যে দেশৰ ৰাজনৈতিক দুৰ্নীতিৰ বিৰুদ্ধে মোদী চৰকাৰৰ দায়বদ্ধতা আৰু জনসাধাৰণৰ ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি আজি লোকসভাৰ অধ্যক্ষৰ সন্মতি সাপেক্ষে সংসদত সাংবিধানিক সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। এই বিধেয়কখনে নিশ্চিত কৰে যে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে কাৰাগাৰত থকা অৱস্থাত চৰকাৰ চলাব নোৱাৰিব। তেওঁ আৰু কয় যে বিধেয়কখনৰ উদ্দেশ্য হৈছে জনজীৱনত নৈতিকতাৰ নিম্নগামী মানদণ্ডৰ উত্থান ঘটোৱা আৰু ৰাজনীতিত সততাৰ সঞ্চাৰ কৰা।

শ্ৰী অমিত শ্বাহে কয় যে এই তিনিখন বিধেয়কৰ ফলশ্ৰুতি আইনসমূহে নিম্ন-উল্লেখিত কথাকেইটা নিশ্চিত কৰিবঃ

  1. কোনো ব্যক্তি গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকাৰ সময়ছোৱাত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰী হিচাপে অধিষ্ঠিত হৈ থাকিব নোৱাৰে।
  2. সংবিধানখন প্ৰণয়নৰ সময়ত ইয়াৰ প্ৰণেতাসকলে কল্পনাও কৰিব নোৱাৰিছিল যে ভৱিষ্যতে এনে কেতবোৰ ৰাজনৈতিক ব্যক্তি ওলাব, যিয়ে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে নৈতিক দায়িত্ব স্বীকাৰেৰে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিব। যোৱা কেই বছৰমানত দেশত এক আশ্চৰ্য্যকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে, যি পৰিস্থিতিত মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলে পদত্যাগ নকৰাকৈয়ে জেলৰ পৰাই অনৈতিকভাৱে চৰকাৰ চলাইছে।
  3. বিধেয়কখনত এনে এটা ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে য’ত অভিযুক্ত ৰাজনীতিবিদে গ্ৰেপ্তাৰৰ ৩০ দিনৰ ভিতৰত আদালতৰ পৰা জামিন বিচাৰিব পাৰে। যদি তেওঁলোকে ৩০ দিনৰ ভিতৰত জামিন লাভত ব্যৰ্থ হয়, তেতিয়া ৩১ নং দিনা কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী বা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীয়ে হয় তেওঁলোকক পদৰ পৰা অপসাৰণ কৰিব; অন্যথা তেওঁলোক আপোনা-আপুনি নিজৰ কৰ্তব্য পালনৰ পৰা আইনীভাৱে অযোগ্য হৈ পৰিব। আইনী প্ৰক্ৰিয়াৰ অন্তত যদি এনে নেতাক জামিন প্ৰদান কৰা হয়, তেন্তে তেওঁলোকে পুনৰ নিজৰ দায়িত্ব পুনৰ পালন কৰিব পাৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে কয় যে কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে জেলৰ পৰা চৰকাৰ চলোৱাটো উপযুক্ত হয় নে নহয়, দেশৰ জনসাধাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিব। তেওঁ কয় যে এফালে মোদী জীয়ে নিজকে আইনৰ গণ্ডীলৈ আনিবলৈ সাংবিধানিক সংশোধনীৰ পোষকতা কৰিছে, আনহাতে সমগ্ৰ বিৰোধীয়ে আইনৰ গণ্ডীৰ বাহিৰত থাকি জেলৰ পৰা চৰকাৰ চলোৱা কাৰ্য্যক সমৰ্থন কৰিছে।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে দেশবাসীৰ এতিয়াও সেই সময়ৰ কথা মনত আছে, যেতিয়া সন্মানীয় সদনতে জৰুৰীকালীন অৱস্থাত তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে ৩৯ সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে প্ৰধানমন্ত্ৰীক বিশেষাধিকাৰ প্ৰদান কৰিছিল, যাতে তেওঁৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযায়। ইয়াৰ দ্বাৰা সংবিধান সংশোধনীৰ জৰিয়তে প্ৰধানমন্ত্ৰীক আইনৰ-উৰ্ধত স্থান প্ৰদান কৰিবলৈ বিচৰা প্ৰধান বিৰোধী দলটোৰ কৰ্ম সংস্কৃতি আৰু নীতিৰ প্ৰতিফলন ঘটিছে। ইয়াৰ বিপৰীতে আমাৰ দলৰ নীতি হ’ল আমাৰ নিজৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী, মন্ত্ৰী, মুখ্যমন্ত্ৰীক আইনৰ গণ্ডীলৈ অনা।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে আমাৰ দল আৰু এনডিএ-এ সদায় নৈতিক প্ৰমূল্যবোধৰ পোষকতা কৰি আহিছে। শ্ৰী শ্বাহে কয় যে বিধেয়কখন সংসদৰ যুটীয়া সংসদীয় সমিতিয়ে (JPC) পুংখানুপুংখভাৱে আলোচনা কৰিছে। ইয়াৰ পিছতো সকলো লজ্জা আৰু শালীনতা পৰিহাৰেৰে দুৰ্নীতিগ্ৰস্ত ব্যক্তিক সুৰক্ষা প্ৰদানৰ বাবে বিৰোধী মিত্ৰজোঁটৰ বিধেয়কখনক বিৰোধিতাকৰণৰ অকৃত্ৰিম আচৰণে বিৰোধীৰ স্বৰূপক সম্পূৰ্ণৰূপে উদঙাই দিছে।

*****

RK/VV/ PS/SB


(Release ID: 2158759)