গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত ‘দুৰ্যোগ ব্যৱস্থাপনা আৰু সামৰ্থ্য বিকাশ’ বিষয়ক গৃহ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠক

সামৰ্থ্য বিকাশ, গতি, দক্ষতা আৰু সঠিকতা আদি চাৰিটা স্তম্ভৰ ওপৰত ভিত্তি কৰি প্ৰস্তত কৰা হৈছে মোদী চৰকাৰৰ দুৰ্যোগ সঁহাৰি নীতি

মোদী চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বহুমাত্ৰিক পন্থাৰ লগতে আৰ্থিক, প্ৰতিষ্ঠানিক আৰু গাঁথনিগত শক্তিশালীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে

ডাৱৰৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰা হৈছে এক কৌশল

গৃহমন্ত্ৰীয়ে জিলা আৰু গাঁও পঞ্চায়ত পৰ্যায়ত দুৰ্যোগ প্ৰতিৰোধ সম্পৰ্কে সজাগতা বিয়পোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

সমিতিৰ সদস্যসকলক ‘দুৰ্যোগ ব্যৱস্থাপনা’ আৰু ‘সামৰ্থ্য বিকাশ’ৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি বৈঠকত মূল্যৱান পৰামৰ্শ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ ল’লে সদস্যসকলে

এন ডি এম এয়ে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰিছে আৰু এন ডি আৰএফে ইয়াক তৃণমূল পৰ্যায়ত সুন্দৰভাৱে ৰূপায়ণ কৰি আছে

Posted On: 19 AUG 2025 9:43PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত ‘দুৰ্যোগ ব্যৱস্থাপনা আৰু সামৰ্থ্য বিকাশ’ বিষয়ক গৃহ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহ ৰাজ্য মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায় আৰু সমিতিৰ সদস্য আৰু কেন্দ্ৰীয় গৃহ সচিব শ্ৰী বন্দী সঞ্জয় কুমাৰৰ লগতে গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এনডিএমএ),ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), সঞ্চালক প্ৰধান (অগ্নিনিৰ্বাপক সেৱা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান(এনআইডিএম)ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

বৈঠকত আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে ২০১৪ চনৰ পূৰ্বে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সাহায্যকেন্দ্ৰিক দৃষ্টিভংগী আছিল, যিটো মোদী চৰকাৰে পন্থা আৰু কৌশল সলনি কৰি উদ্ধাৰকেন্দ্ৰিক দৃষ্টিভংগীলৈ সলনি কৰিছিল। তেওঁ কয় যে বিগত ১০ বছৰত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত নীতি সম্পৰ্কীয় আৰু প্ৰতিষ্ঠানিক বহুতো ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে মোদী চৰকাৰৰ দুৰ্যোগ সঁহাৰি নীতি সামৰ্থ্য বিকাশ, গতি, দক্ষতা আৰু সঠিকতাৰ চাৰিটা স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইয়াৰ ফলত দুৰ্যোগৰ সময়ত ১৯৯৯ চনত ওড়িশাত ১০ হাজাৰ লোকৰ মৃত্যু হোৱা ছুপাৰ চাইক্ল’নৰ পৰা আৰম্ভ কৰি ২০২৩ চনত গুজৰাটৰ বিপৰ্যয় আৰু ২০২৪ চনত ওড়িশাত শূন্য হতাহত হোৱা ডানালৈকে যথেষ্ট প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ৯৮ শতাংশ হ্ৰাস পোৱাৰ লগতে উষ্ম প্ৰবাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে। শেহতীয়াকৈ কেইবাখনো ৰাজ্যত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ঘটনাৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ সৈতে মোকাবিলা কৰিবলৈ কৌশল ৰচনা কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰত আৰ্থিক, প্ৰতিষ্ঠানিক, গাঁথনিগত শক্তিশালীকৰণৰ সমান্তৰালকৈ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বহুমাত্ৰিক পন্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে মোদী চৰকাৰৰ কেন্দ্ৰবিন্দু হৈছে দুৰ্যোগৰ ফলত হোৱা লোকচানৰ পৰা জনসাধাৰণক ৰক্ষা কৰা। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ১০ দফীয়া কাৰ্যসূচীৰ ভিত্তিত ২০২৪ চনত দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়কখন অনা হৈছিল, যাৰ ওপৰত স্বচ্ছতা, দায়িত্বশীলতা, দক্ষতা আৰু সহযোগিতাৰে কাম কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে জিলা আৰু গাঁও পঞ্চায়ত পৰ্যায়ত দুৰ্যোগ প্ৰতিৰোধ সম্পৰ্কে সজাগতা বিয়পোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ২০০৪-২০১৪ চনত এছডিআৰএফ আৰু এনডিআৰএফক ৬৬ হাজাৰ কোটি টকা দিয়া হৈছিল, যিটো প্ৰায় তিনিগুণ বৃদ্ধি কৰি ২০১৪-২০২৪ বৰ্ষৰ ১০ বছৰত ২ লাখ কোটি টকা কৰা হৈছে। তেওঁ কয় যে ২০২১-২২ৰ পৰা ২০২৫-২৬লৈকে এছডিআৰএফৰ বাবে ১,২৮,১২২ কোটি টকা আৰু  এনডিআৰএফৰ বাবে ৫৪,৭৭০ কোটি টকা আবণ্টন দিয়া হৈছে। শ্ৰী শ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰেও ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (এনডিএমএফ)ৰ বাবে ১৩,৬৯৩ কোটি টকা আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি (এছডিএমএফ)ৰ বাবে ৩২,০৩১ কোটি টকা আবণ্টন দিছে।

শ্ৰী অমিত শ্বাহে অৱগত কৰে যে দুৰ্যোগ ক্ষতিগ্ৰস্ত ৰাজ্যসমূহলৈ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আইএমচিটি) প্ৰেৰণৰ গড় সময় ৯৬ দিনৰ পৰা ৮ দিনলৈ হ্ৰাস পাইছে আৰু যোৱা ১০ বছৰত গড়ে ৮ দিনত ৮৩টা কেন্দ্ৰীয় দল ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে এনডিএমএয়ে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু নীতি নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ কাম কৰিছে, আনহাতে এনডিআৰএফে ইয়াক তৃণমূল পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ ভাল কাম কৰিছে।ৰাষ্ট্ৰীয় ঘূৰ্ণীবতাহৰ বিপদ প্ৰশমন প্ৰকল্পৰ অধীনত বহুমুখী ঘূৰ্ণীবতাহৰ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হয় আৰু ৯২,৯৯৫জন সমূদায়ৰ স্বেচ্ছাসেৱক আৰু চৰকাৰী বিষয়াক ঘূৰ্ণীবতাহৰ প্ৰশমনৰ ক্ষেত্ৰতো প্ৰশিক্ষণ দিয়া হয়, তদুপৰি ৫খন উপকূলীয় ৰাজ্যত আগতীয়া সতৰ্কবাণী ব্যৱস্থা স্থাপন কৰা হয়। তেওঁ লগতে কয় যে এই প্ৰকল্পৰ অধীনত সৃষ্টি হোৱা আন্তঃগাঁথনি বিভিন্ন ঘূৰ্ণীবতাহৰ সময়ত জীৱন ৰক্ষাৰ ক্ষেত্ৰত অতি উপযোগী বুলি প্ৰমাণিত হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে আপদা মিত্ৰ আঁচনি আৰু যুৱ আপদ মিত্ৰ আঁচনি ৰূপায়ণৰ লগে লগে চৰকাৰে সমূদায় পৰ্যায়ত সামৰ্থ্য বিকাশ আৰু দুৰ্যোগৰ সময়ত সমূদায়ৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ ক্ষেত্ৰত উপযুক্ত মনোযোগ দি আহিছে। আপদা মিত্ৰ আঁচনিৰ অধীনত ৩৫০খন দুৰ্যোগপ্ৰৱণ জিলাত এক লাখ সামূহিক স্বেচ্ছাসেৱকক বিভিন্ন দুৰ্যোগৰ সময়ত তাৎক্ষণিক সঁহাৰি প্ৰদান কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। চৰকাৰে ৫০০০ কোটি টকা ব্যয়েৰে ৰাজ্যসমূহত অগ্নিনিৰ্বাপক সেৱা সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ আঁচনিও আৰম্ভ কৰিছে যাৰ অধীনত ৰাজ্যসমূহক নতুন অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপন, ৰাজ্যিক প্ৰশিক্ষণ কেন্দ্ৰ শক্তিশালী কৰা আৰু সামৰ্থ্য বিকাশ আদিৰ বাবে কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে জনাই যে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰশমন পুঁজি গঠন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি(এনডিএমএফ)ৰ বাবে ১৩,৬৯৩ কোটি আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ বাবে ৩২,০৩১ কোটি টকা আবণ্টন দিছে।এনডিএমএফৰ অধীনত ৮০৭২ কোটি টকা আবণ্টনৰে কেইবাটাও প্ৰশমন প্ৰকল্পত অনুমোদন জনোৱা হৈছে।

গৃহমন্ত্ৰীয়ে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত ভাৰতে আগতীয়া সতৰ্কবাণী প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগ (আইএমডি) আৰু কেন্দ্ৰীয় জল আয়োগে এতিয়া ৭ দিন আগতীয়াকৈ বান আৰু ঘূৰ্ণীবতাহৰ সঠিক পূৰ্বাভাস দিয়ে। মানুহৰ মাজত সতৰ্কতা প্ৰচাৰৰ বাবে প্ৰান্তীয় সংযোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে এছএমএছ, ক’ষ্টেল চাইৰেন আদিৰ জৰিয়তে সমগ্ৰ দেশতে ইণ্টিগ্ৰেটেড এলাৰ্ট ছিষ্টেম (চিএপি)ৰ ওপৰত ভিত্তি কৰি ‘কমন এলাৰ্টিং প্ৰট’কল’ ৰূপায়ণ কৰিছে।গৃহমন্ত্ৰীয়ে দুৰ্যোগৰ আগতীয়া সতৰ্কবাণী দিয়া ‘সচেট এপ’ৰ সৰ্বাধিক প্ৰচাৰত গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বৈঠকত ‘দুৰ্যোগ ব্যৱস্থাপনা আৰু সামৰ্থ্য বিকাশ’ৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ বাবে আৰু মূল্যৱান পৰামৰ্শ দিয়াৰ বাবে সমিতিৰ সদস্যসকলক ধন্যবাদ জনায়। সদস্যসকলে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপসমূহৰ শলাগ লয়। গৃহমন্ত্ৰীয়ে কয় যে বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ মুকলি কৰা দুৰ্যোগ তথ্য এপ, গাইডলাইন আৰু দুৰ্যোগ পুঁজি সম্পৰ্কীয় তথ্য সকলো সাংসদলৈ প্ৰেৰণ কৰা হ’ব।

*****

RK/VV/PR/PS/DB


(Release ID: 2158247)