প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জীৱন আৰু ব্যৱসায়ৰ সহজতা ত্বৰান্বিত কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
18 AUG 2025 8:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত সন্দৰ্ভত আলোচনা কৰা হয়, যাৰ লক্ষ্য হৈছে সহজ আৰু ব্যাপক সংস্কাৰ, যিয়ে জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰিব, ব্যৱসায়ত সহজতা উন্নত কৰিব আৰু সৰ্বাংগীন সমৃদ্ধিৰ পোষকতা কৰিব।
এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-
'পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বাবে ৰোডমেপ প্ৰস্তুত সম্পৰ্কে আলোচনাৰ বাবে এখন বৈঠকত অধ্যক্ষতা কৰিলো।আমি সকলো খণ্ডতে ক্ষিপ্ৰ সংস্কাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যিয়ে জীৱন-যাপন সহজ কৰিব, ব্যৱসায় কৰাত সহজতা আৰু সমৃদ্ধি বৃদ্ধি কৰিব।'
MJPS/SR/DM
(Release ID: 2157794)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam