শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

সক্ৰিয় কৰা হ'ল প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা পৰ্টেল

প্ৰধানমন্ত্ৰীয়ে দ্বাদশ স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ পঞ্জীয়নৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে এই পৰ্টেল

প্ৰায় ১ লাখ কোটি টকা ব্যয়ৰে গ্ৰহণ কৰা আঁচনিৰ জড়িয়তে ৩.৫ কোটিতকৈ অধিক চাকৰি সৃষ্টিত উদগনি যোগাব

প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই সকলো খণ্ডতে নিয়োগ সৃষ্টিত সহায় কৰিব, নিয়োগযোগ্যতা বৃদ্ধি কৰিব আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰিব

Posted On: 18 AUG 2025 4:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ  দ্বাদশ স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত পঞ্জীয়নৰ সুবিধা প্ৰদান কৰা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা পৰ্টেল সক্ৰিয় কৰা হৈছে।

 

কেন্দ্ৰীয় কেবিনেটে ২০২৫ চনৰ ১ জুলাইত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা নামেৰে নামকৰণ কৰা নিয়োগ সংযুক্ত উদগনি আঁচনিখনত অনুমোদন জনাইছিল। ৯৯,৪৪৬ কোটি টকা  ব্যয়ৰে এই আঁচনিখনে দুবছৰৰ ভিতৰত দেশত ৩.৫ কোটিতকৈ অধিক চাকৰি সৃষ্টিৰ বাবে উদগনি  যোগোৱাৰ  লক্ষ্য আগত  ৰাখিছে, ।

প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ লক্ষ্য হৈছে উৎপাদন খণ্ডত বিশেষ গুৰুত্ব  আৰোপ কৰি  সকলো খণ্ডতে নিয়োগ সৃষ্টিত সহায় কৰা, নিয়োগযোগ্যতা আৰু সামাজিক সুৰক্ষা বৃদ্ধি কৰা । ২০২৫ চনৰ ১ আগষ্টৰ পৰা ২০২৭ চনৰ ৩১ জুলাইৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধাসমূহ  প্ৰযোজ্য হ’ব।

 

এই আঁচনিখনৰ  জড়িয়তে নতুনকৈ নিয়োজিত যুৱক-যুৱতীসকলক দুটা কিস্তিত ১৫,০০০ টকা পৰ্যন্ত আৰু নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিগৰাকী নতুনকৈ নিযুক্তি দিয়া কৰ্মীৰ বাবে ৩০০০ টকা পৰ্যন্ত  উদগনিসমূলক সকাহ প্ৰদান কৰি নিয়োগ সৃষ্টিৰ বাবে অনুপ্ৰাণিত কৰা হ'ব।

 

আঁচনিৰ ক খণ্ডৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্ত কৰ্মচাৰীলৈ সকলো ধৰণৰ ধন আধাৰ ব্ৰীজ  পেমেণ্ট চিষ্টেম (এবিপিএছ) ব্যৱহাৰ কৰি প্ৰত্যক্ষ সুবিধা স্থানান্তৰ (ডিবিটি) মোডৰ জৰিয়তে আগবঢ়োৱা  হ’ব। খ খণ্ডৰ অধীনত নিয়োগকৰ্তাসকলক দিয়া ধন পোনপটীয়াকৈ তেওঁলোকৰ পেন সংযুক্ত একাউণ্টত আদায় দিয়া হ’ব।

 

নিয়োগকৰ্তাসকলে এতিয়া  প্ৰধানমন্ত্ৰী বিকশিত  ভাৰত ৰোজগাৰ যোজনা পৰ্টেল (https://pmvbry.epfindia.gov.in বা https://pmvbry.labour.gov.in) গৈ এককালীন পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।

 

সকলো প্ৰথমবাৰৰ বাবে নিযুক্ত কৰ্মীয়ে ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (UAN) সৃষ্টি কৰিব লাগিব,উমং এপ (UMANG App) ত উপলব্ধ Face Authentication Technology (FAT) ৰ জৰিয়তে সেয়া কৰিব লাগিব।

আঁচনিখনৰ সুবিধাসমূহঃ

কৰ্মচাৰী:

•সামাজিক সুৰক্ষাৰ আৱৰণৰ সম্প্ৰসাৰণৰ জৰিয়তে চাকৰিৰ আনুষ্ঠানিককৰণ

•প্ৰথমবাৰৰ বাবে নিযুক্তসকলক চাকৰিৰ বাবে  নিয়োগযোগ্য কৰি তুলিবলৈ প্ৰশিক্ষণ প্ৰদান

•স্থায়ী নিয়োগৰ জৰিয়তে নিয়োগযোগ্যতা উন্নত কৰা

বিত্তীয় সাক্ষৰতাৰ দক্ষতা বৃদ্ধি কৰা

 

নিয়োগকৰ্তাসকলৰ ক্ষেত্ৰত :

 

•অতিৰিক্ত চাকৰি সৃষ্টিৰ খৰচৰ পৰিপূৰকৰ দিহা কৰা

•কৰ্মশক্তিৰ স্থিৰতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰা

সামাজিক সুৰক্ষাৰ  আৱৰণক  উদগনি যোগোৱা

 প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা কৰ্মচাৰী এমপ্ল’য়িজ প্ৰভিডেণ্ট ফাণ্ডছ এণ্ড মিছেলেনিয়াছ প্ৰভিজনছ এক্ট ১৯৫২ৰ অধীনত বিধিগত সংস্থা এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন (ইপিএফঅ’)ৰ জৰিয়তে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰূপায়ণ কৰিব।

 

Rini Choudhury/Anjelina Alexander/DM


(Release ID: 2157620) Visitor Counter : 13