গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ৭৯ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণক বিগত ১১ বছৰৰ ৰোডমেপ , বৰ্তমানৰ শক্তি আৰু এখন সমৃদ্ধিশালী ভাৰতৰ কৌশল বুলি অভিহিত কৰিলে

Posted On: 15 AUG 2025 4:40PM by PIB Guwahati

 

‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাই হওক, ‘মিছন সুদৰ্শন চক্ৰ’ৰ জৰিয়তে দেশৰ আন্তঃগাঁথনি সুৰক্ষিত কৰাই হওক, বা ‘উচ্চ-শক্তিশালী জনগাঁথনি অভিযান’ৰ জৰিয়তে অনুপ্ৰৱেশকাৰীমুক্ত ভাৰত গঢ়ি তোলাৰ সংকল্পই হওক, দেশখনক শক্তিশালী আৰু নিৰাপদ কৰি তোলাৰ বাবে মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

 

লালকিল্লাৰ প্ৰাচীৰৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ  কৃষকৰ কল্যাণৰ বাবে চৰকাৰৰ অদম্য সমৰ্থনত গুৰুত্ব আৰোপ কৰিছে

 

 

 

প্ৰধানমন্ত্ৰী  মোদীয়ে পাৰমাণৱিক শক্তি, জটিল খনিজ পদাৰ্থ, শক্তি, মহাকাশ, আৰু জেট ইঞ্জিন খণ্ডত আত্মনিৰ্ভৰশীলতাৰ আহ্বান জনায়

 

 

 

আগন্তুক দীপাৱলীত প্ৰধানমন্ত্ৰী মোদীয়ে কৰ ৰেহাইৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰে, যাৰ ফলত নাগৰিকৰ জীৱন সহজ হৈ পৰিব  আৰু ক্ষুদ্ৰ উদ্যোগসমূহক উন্নীত কৰা  সম্ভৱ হৈ উঠিব

 

প্ৰধানমন্ত্ৰী মোদীয়ে যুৱক-যুৱতীসকলক উপহাৰ হিচাবে  ১ লাখ কোটি টকাৰে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ আৰম্ভ কৰি ব্যক্তিগত খণ্ডত প্ৰথমবাৰৰ বাবে চাকৰি প্ৰত্যাশীসকলক ১৫ হাজাৰ টকাৰ প্ৰস্তাৱ আগবঢ়াইছে

 

লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আৰ এছ এছৰ ১০০ বছৰীয়া চহকী ইতিহাস আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ  বিষয়ত  আলোকপাত কৰি ইয়াৰ সকলো স্বেচ্ছাসেৱকক সন্মান জনাইছে

 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ব্যক্তিগত বিকাশ, সেৱা, নিষ্ঠা, সংগঠন, আৰু অনুশাসনৰ জৰিয়তে দেশ গঠনৰ প্ৰতি নিজৰ দায়বদ্ধতা পূৰণ কৰি আহিছে

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ৭৯ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি   দিয়া ভাষণক বিগত ১১ বছৰৰ ৰোডমেপ , বৰ্তমানৰ শক্তি আৰু এখন সমৃদ্ধিশালী ভাৰতৰ কৌশল  বুলি অভিহিত কৰিলে ।

‘এক্স’ত দিয়া  ধাৰাবাহিক পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰকীয়ে কয় যে সেয়া ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে সন্ত্ৰাসবাদী নিৰ্মূল কৰাই হওক, ‘মিছন সুদৰ্শন চক্ৰ’ৰ জৰিয়তে দেশৰ আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ পৰিকল্পনাই হওক, বা ‘উচ্চশক্তিশালী জনগাঁথনি অভিযান’ৰ জৰিয়তে অনুপ্ৰৱেশকাৰীমুক্ত ভাৰত গঢ়ি তোলাৰ সংকল্পই হওক, মোদী চৰকাৰে দেশ খনক  শক্তিশালী আৰু সুৰক্ষিত কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। কৃষকৰ স্বাৰ্থৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাক আলোকপাত কৰি প্ৰধানমন্ত্ৰী  মোদীয়ে পাৰমাণৱিক শক্তি, জটিল খনিজ পদাৰ্থ, শক্তি, মহাকাশ খণ্ড, জেট ইঞ্জিনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ আহ্বান জনায়। তদুপৰি আগন্তুক দীপাৱলীৰ সময়ত ‘প্ৰধানমন্ত্ৰী বিকশিত  ভাৰত ৰোজগাৰ যোজনা’ৰ ঘোষণা আৰু উল্লেখযোগ্য জি এছ টি ৰেহাইৰ ব্যৱস্থাই নাগৰিকসকলৰ জীৱন সহজ কৰি তুলিব আৰু ক্ষুদ্ৰ উদ্যোগসমূহক উন্নীত কৰিব বুলি কয়।

 

শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ১ লাখ কোটি টকাৰ পুঁজিৰে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ ৰূপায়ণৰ ঘোষণা কৰি দেশৰ যুৱক-যুৱতীসকলক বিশেষ উপহাৰ দিছে । এই আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডত প্ৰথমবাৰৰ বাবে কৰ্মচাৰীয়ে ১৫,০০০  টকা লাভ কৰিব আৰু অধিক চাকৰি সৃষ্টি কৰা কোম্পানীসমূহেও উদগনি লাভ কৰিব। এই পদক্ষেপে প্ৰায় ৩.৫ কোটি যুৱক-যুৱতীক উপকৃত কৰিব, ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে এক সোণালী সুযোগ প্ৰদান কৰিব আৰু স্বাৱলম্বী ভাৰতৰ যাত্ৰাক শক্তিশালী কৰিব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মোদী চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ীক সবল কৰি স্বাৱলম্বী ভাৰতৰ দিশত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। লালকিল্লাৰ প্ৰাচীৰৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে নেক্সট জেন জি এছ টি সংস্কাৰক  দেশৰ বাবে  দীপাৱলীৰ উপহাৰ হিচাপে ঘোষণা কৰে। এই সংস্কাৰসমূহে কেৱল ক্ষুদ্ৰ উদ্যোগসমূহক যথেষ্ট উপকৃত কৰাই নহয় দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহ অধিক সুলভ কৰি তুলিব, ভাৰতীয় অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব। এই প্ৰচেষ্টাই ভাৰতৰ অৰ্থনৈতিক শক্তিক আৰু অধিক শক্তিশালী কৰিব আৰু ইয়াক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাব।

 

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ দিনা ‘মিছন সুদৰ্শন চক্ৰ’ মুকলি কৰি এক ঐতিহাসিক ঘোষণা কৰিছে।এই অভিযানৰ অধীনত ২০৩৫ চনৰ ভিতৰত স্পৰ্শকাতৰ ৰাষ্ট্ৰীয় স্থানসমূহ অত্যাধুনিক প্ৰযুক্তি আৰু শক্তিশালী অস্ত্ৰ ব্যৱস্থাৰে সজ্জিত কৰা হ’ব। এই অভিযানৰ লক্ষ্য কেৱল শত্ৰুৰ আক্ৰমণ নিষ্ক্ৰিয় কৰাই নহয়, সুদৰ্শন চক্ৰৰ দৰেই প্ৰভাৱশালী  প্ৰত্যাক্ৰমণো  কৰা। এই পদক্ষেপে ৰাষ্ট্ৰীয় নিৰাপত্তাক বিবাদিত কৰি তোলা আৰু বিৰোধীৰ বিৰুদ্ধে লক্ষ্যভিত্তিক আক্ৰমণ সক্ষম কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্বাহে কয় যে স্বাধীনতা দিৱসৰ ঐতিহাসিক ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ১০০ বছৰীয়া প্ৰগতিৰ যাত্ৰাত অতুলনীয় অৱদান আগবঢ়োৱা সকলো স্বেচ্ছাসেৱকক শ্ৰদ্ধাঞ্জলি জনাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰীয়া চহকী ইতিহাস আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অৱদানক স্বীকৃতি দিছে। বিগত শতিকা ধৰি আৰ এছ এছে সেৱা, নিষ্ঠা, সংগঠন, অনুশাসনেৰে ব্যক্তিগত বিকাশৰ জৰিয়তে জাতি গঠনৰ সংকল্প পূৰণ কৰি আহিছে।

https://x.com/AmitShah/status/1956252785881526453?t=XKzgGSaKk_wEKK2KBxwENw&s=08

 

RK/VV/RR/HS/PS/PR/DM


 


(Release ID: 2157248)