প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে অৱগত কৰিলে প্ৰধানমন্ত্ৰী মোদীক

প্ৰধানমন্ত্ৰীয়ে সংঘাতৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে ভাৰতৰ স্থিতি তথা শান্তি শীঘ্ৰে ঘূৰাই অনাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতি দৃঢ় সমৰ্থন প্ৰকাশ কৰে

নেতাদ্বয়ে ভাৰত-ইউক্ৰেইনৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে

Posted On: 11 AUG 2025 6:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ভল’ডিমাইৰ জেলেনস্কিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জ্ঞাপন কৰি সংঘাতৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে ভাৰতৰ অটল তথা সামঞ্জস্যপূৰ্ণ স্থিতিৰ লগতে   শান্তি সোনকালে পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰচেষ্টাৰ প্ৰতি  সমৰ্থন  ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সকলো সম্ভৱপৰ সমৰ্থন আগবঢ়াবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিৰ  পুনৰবাৰ দোহাৰে।

ভাৰত-ইউক্ৰেইন দ্বিপাক্ষিক অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি নেতাদ্বয়ে  পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা তথা অধিক বৃদ্ধিৰ উপায়ৰ বিষয়েও আলোচনা কৰে।

দুয়োগৰাকী নেতাই ভৱিষ্যতে  যোগাযোগত অব্যাহত ৰাখিবলৈও  সন্মতি  প্ৰকাশ কৰে।

 

MJPS/ST/DM


(Release ID: 2155313)