প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে হৰ ঘৰ তিৰংগা অভিযানত জনতাৰ অসাধাৰণ অংশগ্ৰহণৰ প্ৰশংসা কৰে

Posted On: 09 AUG 2025 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ তিৰংগা অভিযানত জনতাৰ অসাধাৰণ অংশগ্ৰহণক লৈ আনন্দ প্ৰকাশ কৰি কয় যে ইয়াত ভাৰতৰ জনসাধাৰণক একত্ৰিত কৰা গভীৰ দেশপ্ৰেমৰ মনোভাৱ আৰু ত্ৰিৰংগাৰ প্ৰতি তেওঁলোকৰ অদম্য গৌৰৱ প্ৰতিফলিত হৈছে। লগতে নাগৰিকসকলক তেওঁলোকৰ ফটো আৰু চেলফি harghartiranga.com ত শ্বেয়াৰ কৰি যাবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ।

 

হৰ ঘৰ তিৰংগা  অভিযানত জনতাৰ অসাধাৰণ অংশগ্ৰহণ সম্পৰ্কে সাংস্কৃতিক মন্ত্ৰালয়ৰ পোষ্টসমূহৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰে;

 

"সমগ্ৰ ভাৰতত #HarGharTiranga-ই  জনতাৰ অসাধাৰণ অংশগ্ৰহণ লাভ কৰা দেখি আনন্দিত হৈছো। ইয়াৰ দ্বাৰা আমাৰ জনসাধাৰণক একত্ৰিত কৰিব পৰা  গভীৰ দেশপ্ৰেমৰ মনোভাৱ তথা  ত্ৰিৰংগাৰ প্ৰতি তেওঁলোকৰ অদম্য গৌৰৱৰ কথা প্ৰকাশ পাইছে। harghartiranga.com ত ফটো আৰু চেলফি শ্বেয়াৰ কৰি থাকিব।"

 

 

***

MJPS/ST/DM


 


(Release ID: 2154843)