ভাৰতীয় নিৰ্বাচন আয়োগ
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন-২০২৫ৰ সময়সূচী ঘোষণা নিৰ্বাচন আয়োগৰ
প্ৰয়োজনসাপেক্ষে ৯ ছেপ্টেম্বৰ, ২০২৫ত ভোটগ্ৰহণ
মনোনয়ন-পত্ৰ দাখিলৰ শেষ তাৰিখ ২১ আগষ্ট, ২০২৫
Posted On:
07 AUG 2025 10:35AM by PIB Guwahati
আজি (৭ আগষ্ট, ২০২৫) ভাৰতৰ বিশেষ ৰাজপত্ৰত প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি নিৰ্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন-২০২৫ৰ বাবে নিম্নলিখিত সময়সূচী নিৰ্ধাৰণ কৰিছে :
(ক) ২১ আগষ্ট, ২০২৫ মনোনয়ন-পত্ৰ দাখিলৰ শেষ তাৰিখ;
(খ) ২২ আগষ্ট, ২০২৫ মনোনয়ন-পত্ৰ পৰীক্ষা;
(গ) ২৫ আগষ্ট, ২০২৫ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ; আৰু
(ঘ) ০৯ ছেপ্টেম্বৰ, ২০২৫ প্ৰয়োজনসাপেক্ষে নিৰ্বাচন অনুষ্ঠিত কৰাৰ তাৰিখ।
২০২৫ চনৰ ২৫ জুলাইত জাৰি কৰা পৃথক অধিসূচনাৰ জৰিয়তে আয়োগে ৰাজ্যসভাৰ সচিবপ্ৰধান শ্ৰী পি.চি. মোদীক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২৫ৰ ৰিটাৰ্নিং বিষয়া হিচাপে আৰু ৰাজ্যসভা সচিবালয়ৰ যুটীয়া সচিব শ্ৰীমতী গৰিমা জৈন আৰু সঞ্চালক শ্ৰী বিজয় কুমাৰক সহকাৰী ৰিটাৰ্নিং বিষয়া হিচাপে নিযুক্তি দিছিল।
ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অধিনিয়ম, ১৯৭৪ৰ ৩নং বিধিৰ অধীনত ৰিটাৰ্নিং বিষয়াসকলে আজি, ৭ আগষ্ট, ২০২৫ তাৰিখে এখন ৰাজহুৱা জাননীৰ জৰিয়তে অৱগত কৰিছে যে :
(১) প্ৰাৰ্থীয়ে নিজে বা তেওঁৰ কোনো প্ৰস্তাৱক বা সমৰ্থকে নতুন দিল্লীৰ সংসদ ভৱনৰ প্ৰথম মহলাৰ আৰ এছ ২৮ নং কোঠাত থকা কাৰ্যালয়ত তলৰ স্বাক্ষৰকাৰীক বা তেওঁ এৰাব নোৱাৰা কাৰণত অনুপস্থিত থাকিলে সহকাৰী নিৰ্বাচন বিষয়া ৰাজ্যসভা সচিবালয়ৰ যুটীয়া সচিব শ্ৰীমতী গৰিমা জৈন বা সঞ্চালক শ্ৰী বিজয় কুমাৰক ৰাজহুৱা বন্ধৰ দিনৰ বাহিৰে যিকোনো কৰ্মদিনত দিনৰ ১১.০০ বজাৰ পৰা বিয়লি ৩.০০ বজাৰ ভিতৰত ২০২৫ চনৰ ২১ আগষ্টৰ পূৰ্বে মনোনয়ন-পত্ৰ দাখিল কৰিব পাৰিব;
(২) প্ৰতিখন মনোনয়ন-পত্ৰৰ লগত প্ৰাৰ্থীজন ভোটাৰ হিচাপে পঞ্জীয়ন থকা সংসদীয় সমষ্টিৰ নিৰ্বাচনী তালিকাৰ প্ৰতিলিপি থাকিব লাগিব;
(৩) প্ৰতিজন প্ৰাৰ্থীয়ে পোন্ধৰ হাজাৰ টকা জমা দিব বা পূৰ্বে জমা দিয়া দেখুৱাব লাগিব। এই ধনৰাশি মনোনয়ন-পত্ৰ দাখিল কৰাৰ সময়ত নিৰ্বাচন বিষয়াৰ ওচৰত নগদ জমা দিব পাৰি বা আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকত বা চৰকাৰী কোষাগাৰত জমা কৰিব পাৰি আৰু পিছত উক্ত ধন জমা কৰা হৈছে বুলি দেখুওৱা ৰচিদ মনোনয়ন পত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব;
(৪) মনোনয়ন-পত্ৰসমূহ উক্ত কাৰ্যালয়ৰ পৰা পূৰ্বতে উল্লেখ কৰা সময়ত লাভ কৰিব পাৰিব;
(৫) আইনখনৰ ধাৰা ৫বিৰ উপ-ধাৰা (৪)ৰ অধীনত নাকচ কৰা মনোনয়ন-পত্ৰসমূহৰ বাহিৰে বাকী মনোনয়ন-পত্ৰবোৰ ২০২৫ চনৰ ২২ আগষ্ট সোমবাৰে দিনৰ ১১ বজাত নতুন দিল্লীৰ সংসদ ভৱনৰ প্ৰথম মহলাত থকা কোঠা নং এফ-১০০ৰ আলোচনা কক্ষ-২ত পৰীক্ষা কৰা হ’ব;
(৬) প্ৰাৰ্থী এজনে নিজে বা প্ৰাৰ্থীগৰাকীয়ে লিখিতভাৱে তেওঁৰ হৈ কৰ্তৃত্ব প্ৰদান কৰা কোনো প্ৰস্তাৱক বা সমৰ্থকক ২০২৫ চনৰ ২৫ আগষ্টৰ আবেলি তিনি বজাৰ আগতে অনুচ্ছেদ(১)ত নিৰ্ধাৰিত স্থানত নিম্নোক্ত স্বাক্ষৰকাৰীক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ জাননী দিব পাৰিব;
(৭) নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হলে অধিনিয়মৰ অধীনত নিৰ্ধাৰণ কৰা স্থানত ২০২৫ চনৰ ৯ ছেপ্টেম্বৰ, মঙলবাৰে দিনৰ ১০.০০ বজাৰ পৰা বিয়লি ৫.০০ বজাৰ ভিতৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ সকলো গেজেটত এই অধিসূচনাসমূহ আৰু ৰিটাৰ্নিং বিষয়াই জাৰি কৰা এই ৰাজহুৱা জাননীসমূহ একেলগে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে।
নিৰ্বাচন প্ৰক্ৰিয়া সন্দৰ্ভত যিকোনো প্ৰশ্নৰ বাবে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন-২০২৫ৰ ৰিটাৰ্নিং বিষয়া তথা ৰাজ্যসভাৰ সচিবপ্ৰধান শ্ৰী পি. চি. মোদীৰ সৈতে তেওঁৰ কাৰ্যালয়ত (কোঠা নং-আৰ এছ ০৮, তলৰ মহলা, সংসদ ভৱন, নতুন দিল্লী) মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়সীমাৰ ভিতৰত, অৰ্থাৎ, ৯ আগষ্ট আৰু ১৬ আগষ্ট, ২০২৫ত ৰাজহুৱা বন্ধৰ বাহিৰে শনিবাৰকে ধৰি সকলো কৰ্মদিনত আবেলি ৩.৩০ বজাৰ পৰা ৪.৩০ বজালৈ যোগাযোগ কৰিব পাৰিব।
*****
Pushpinder Kaur/R P/KD
(Release ID: 2153678)
Read this release in:
Telugu
,
Telugu
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam