প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীমতী প্ৰমিলা টাই মেধেজীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
31 JUL 2025 7:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমতী প্ৰমিলা টাই মেধেজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰমুখ সঞ্চলিকা আছিল প্ৰমিলা টাই মেধে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ দৃষ্টান্তমূলক জীৱনে আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ ৰেখা হিচাপে পৰিগণিত হ'ব, বিশেষকৈ মহিলাসকলৰ সৰ্বাংগীন সামাজিক উন্নয়ন তথা সবলীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়।
এক্সত দিয়া পোষ্টত তেওঁ কয়-
"ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰাক্তন মুখ্য পৰিচালিকা শ্ৰীমতী প্ৰমিলা টাই মেধেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ সমগ্ৰ জীৱন সমাজ আৰু জাতিৰ সেৱাৰ বাবে উৎসৰ্গিত আছিল। মহিলা সৱলীকৰণৰ লগতে সামাজিক কামত তেওঁৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।এই শোকৰ সময়ত ভগৱানে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক শক্তি প্ৰদান কৰক। ওম শান্তি!”"
***
MJPS/SR/DM
(रिलीज़ आईडी: 2151176)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam