তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

সাৰ্বভৌম কৰ্তব্য হিচাপে চৰকাৰে ‘ফেক্ট চেক ইউনিট’-ৰ জৰিয়তে ভুৱা বাতৰি আৰু ভুল তথ্যৰে সক্ৰিয়ভাৱে মোকাবিলা কৰে আৰু শুদ্ধ তথ্য উপস্থাপনৰ দিহা কৰে : অশ্বিনী বৈষ্ণৱ

চৰকাৰে ‘প্ৰিন্ট’, ‘টিভি’ আৰু ‘ডিজিটেল প্লেটফৰ্ম’ত ভুৱা আৰু মানহানিকাৰক বিষয়বস্তুৰ উপস্থাপন ৰোধ কৰিবলৈ ‘পিচিআই’, ‘প্ৰগ্ৰেম ক'ড’ আৰু ‘তথ্য-প্ৰযুক্তি অধিনিয়ম’ৰ জৰিয়তে ‘সাংবাদিকতাৰ আচৰণ বিধি’ বলবৎ কৰিছে

সংশ্লিষ্ট মন্ত্ৰালয়ৰ সৈতে যথাযথ পৰামৰ্শৰ পিছত এই পৰ্যন্ত ৪৩টা ‘অ’টিটি প্লেটফৰ্ম’ ভুৱা বাতৰি, ভুল তথ্য বিয়পোৱা আৰু অনুপযুক্ত বিষয়বস্তু উপস্থাপন কৰাৰ বাবে ‘ব্লক’ কৰা হৈছে

Posted On: 30 JUL 2025 6:46PM by PIB Guwahati

 

ভুৱা বাতৰি আৰু ভুল তথ্যৰ সৈতে মোকাবিলা কৰাটো হৈছে চৰকাৰৰ সাৰ্বভৌম কৰ্তব্য।

ভুল তথ্য প্ৰতিহত কৰিবলৈ থকা আইনী বিধানসমূহৰ ভিতৰত আছে

ছপা মাধ্যমঃ ‘ভাৰতীয় প্ৰেছ কাউন্সিল’ (পিচিআই)ৰ দ্বাৰা উত্থাপন কৰা “সাংবাদিকতাৰ আচৰণ বিধি” বাতৰি কাকতসমূহে মানি চলিব লাগিব। এই বিধিসমূহে অন্যান্য বিষয়ৰ লগতে ভুৱা/ মানহানিকাৰক/ বিভ্ৰান্তিকৰ বাতৰি প্ৰকাশ কৰাত বাধা দিয়ে। আইনখনৰ ১৪ নং ধাৰা অনুসৰি কাউন্সিলে নীতি-নিয়ম উলংঘাৰ অভিযোগৰ তদন্ত কৰে আৰু ক্ষেত্ৰ অনুসৰি কাকত, সম্পাদক, সাংবাদিক আদিক সতৰ্ক বাণী, উপদেশ বা নিন্দা কৰিব পাৰে।

টেলিভিছন মাধ্যম: টিভি চেনেলসমূহে ‘কেবল টেলিভিছন নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইন, ১৯৯৫’ৰ অধীনত ‘প্ৰগ্ৰেম ক’ড’ মানি চলিব লাগিব, য’ত অন্যান্য বিষয়ৰ লগতে অশ্লীলতাপূৰ্ণ, মানহানিকাৰক, ইচ্ছাকৃত, মিছা আৰু বিচাৰোত্তেজক ইংগিত আৰু অৰ্ধসত্যৰ উপস্থাপন থকা বিষয়বস্তুসমূহৰ সম্প্ৰচাৰ কৰাত বাধা আৰোপৰ দিহা কৰা হৈছে। ‘কেবল টেলিভিছন নেটৱৰ্ক (সংশোধনী) অধিনিয়ম, ২০২১’-ত ‘টিভি চেনেল’সমূহে কৰা সংহিতা উলংঘানৰ সৈতে জড়িত অভিযোগসমূহ মীমাংসা কৰিবলৈ তিনিটা স্তৰৰ নিৰাময়ৰ দিহা আগবঢ়োৱা হৈছে। ‘প্ৰগ্ৰেম ক'ড’ উলংঘনৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয়।

ডিজিটেল মাধ্যম: ডিজিটেল মাধ্যমৰ ‘বাতৰি আৰু সাম্প্ৰতিক সাময়িকী’ৰ প্ৰকাশকসকলৰ বাবে ‘তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) অধিনিয়ম, ২০২১’ (তথ্য প্ৰযুক্তি অধিনিয়ম, ২০২১)ত নৈতিকতা সংহিতাৰ ব্যৱস্থা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত ভুৱা বাতৰি পৰীক্ষা কৰিবলৈ নৱেম্বৰ, ২০১৯ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’-ৰ অধীনত এটা ‘ফেক্ট চেক ইউনিট’ (এফ চি ইউ) স্থাপন কৰা হৈছে। ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগসমূহৰ অনুমোদিত উৎসৰ পৰা বাতৰিৰ সত্যতা পৰীক্ষা কৰাৰ পিছত ‘এফ চি ইউ’-য়ে নিজৰ ‘ছ’চিয়েল মিডিয়া প্লেটফৰ্ম’ত শুদ্ধ তথ্য উপস্থাপন কৰে।

‘তথ্য আইন ২০০০’-ৰ ‘ধাৰা ৬৯এ’-ৰ অধীনত ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ভাৰতৰ প্ৰতিৰক্ষা, ৰাজ্যৰ সুৰক্ষা, আৰু জনশৃংখলাৰ স্বাৰ্থত চৰকাৰে ৱে’বছাইট, ছ’চিয়েল মিডিয়া হেণ্ডেল আৰু পোষ্ট ‘ব্লক’ কৰিবলৈ প্ৰয়োজনীয় আদেশ জাৰি কৰে।

 ‘তথ্য আইন, ২০০০’-ৰ অধীনত চৰকাৰে ২৫.০২.২০২১ তাৰিখে ‘তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া, নৈতিকতা সংহিতা) অধিনিয়ম, ২০২১’ৰ অধিসূচনা জাৰি কৰিছে।

· অধিনিয়মৰ তৃতীয় খণ্ডত ডিজিটেল বাতৰি প্ৰকাশক আৰু ‘অনলাইন কিউৰেটেড কন্টেন্ট’ (অ’টিটি প্লেটফৰ্ম) প্ৰকাশকৰ বাবে নৈতিকতা সংহিতাৰ ব্যৱস্থা কৰা হৈছে।

• আপাততঃ বলবৎ থকা আইনৰ দ্বাৰা নিষিদ্ধ কোনো ধৰণৰ বিষয়বস্তু প্ৰেৰণ নকৰাৰ বাধ্যবাধকতা ‘অ’টিটি প্লেটফৰ্ম’সমূহে মানি চলিব লাগে।

• নগ্নতা আৰু লৈংগিক চিত্ৰণৰে জড়িত বিধানসমূহ সন্নিৱিষ্ট কৰা অধিনিয়মৰ অনুসূচীত প্ৰদান কৰা সাধাৰণ নিৰ্দেশনাৰ ভিত্তিত বিষয়বস্তুৰ বয়সভিত্তিক আত্মশ্ৰেণীবিভাজন গ্ৰহণ কৰিবলৈ ‘অ'টিটি প্লেটফৰ্ম’সমূহ বাধ্য থাকিব লাগে।

• পৰ্যাপ্ত প্ৰৱেশ নিয়ন্ত্ৰণ ব্যৱস্থাৰ সৈতে শিশুৰ বাবে বয়সৰ অনুপযুক্ত বিষয়বস্তু নিষিদ্ধ কৰিবলৈ পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা স্থাপন কৰিবলৈও ‘অ’টিটি প্লেটফৰ্ম’সমূহ বাধ্য থাকিব লাগে। ইয়াৰ উপৰিও ‘তথ্য আইন, ২০০০’ৰ ‘ধাৰা ৭৯(৩)(খ)’ত এনে বিষয়বস্তুৰ প্ৰৱেশ আঁতৰোৱা/অক্ষম কৰাৰ বাবে  অবৈধ কাৰ্য বা বিষয়বস্তুৰ বিষয়ে মধ্যস্থতাকাৰীক উপযুক্ত চৰকাৰে  জাননী জাৰি কৰাৰ দিহা প্ৰদান কৰিছে।

চৰকাৰে ‘অ’টিটি প্লেটফৰ্ম’ আৰু ‘অ’টিটি প্লেটফৰ্ম’ৰ স্ব-নিয়ন্ত্ৰণকাৰী সংস্থাসমূহক তেওঁলোকৰ প্লেটফৰ্মত কন্টেন্ট উপস্থাপন কৰাৰ সময়ত ভাৰতীয় আইন আৰু ‘তথ্য-প্ৰযুক্তি অধিনিয়ম, ২০২১’ৰ অধীনত নিৰ্ধাৰিত নৈতিকতা সংহিতাসমূহ পালন কৰাটো নিশ্চিত কৰাৰ বাবে ১৯.০২.২০২৫ তাৰিখে পৰামৰ্শ জাৰি কৰা হৈছে।

সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সৈতে যথাযথ আলোচনাৰ অন্তত এই পৰ্যন্ত ৪৩টা অ’টিটি প্লেটফৰ্ম ‘ব্লক’ কৰা হৈছে।

আজি লোকসভাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱে এই তথ্য দাখিল কৰে।

*****

Dharmendra Tewari/ Navin Sreejith/KB


(Release ID: 2150444)