কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ কৃষক ৰাইজলৈ বাৰ্তা

শ্ৰী চৌহানে কৃষকসকলক প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধিৰ কিস্তি মুকলিৰ অনুষ্ঠানত যোগদান কৰিবলৈ আহ্বান জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্টত বাৰাণসীৰপৰা ২০ সংখ্যক কিস্তি মুকলি কৰিব

प्रविष्टि तिथि: 30 JUL 2025 3:04PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে অহা ২ আগষ্টত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আগন্তুক ২০ সংখ্যক কিস্তি মুকলি সন্দৰ্ভত আজি এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠকত ভাগ লয়। তেওঁ লগতে এক ভিডিঅ' বাৰ্তা প্ৰেৰণেৰে সমগ্ৰ দেশৰ কৃষক ৰাইজক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ভিডিঅ’ বাৰ্তাটোত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয়, “প্ৰিয় কৃষক ভাই-ভনীসকল, আপোনালোক সকলোকে সম্ভাষণ জনাইছোঁ। খাৰিফ শস্যৰ বতৰ ভাল হ’ব বুলি আশা কৰিছোঁ। ইফালে আপোনালোকলৈ আৰু এটা ভাল খবৰ আছে — প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্টৰ দিনা ঠিক ১১ বজাত পিএম-কিষাণ সন্মান নিধিৰ ধনৰাশি আপোনালোকৰ একাউন্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰিব। তেখেতে এই উপলক্ষে আপোনালোকক সম্বোধনো কৰিব। সেয়েহে মই ২ আগষ্টৰ দিনা ১১ বজাত অনুষ্ঠিতব্য উক্ত কাৰ্য্যসূচীত যোগদান কৰিবলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে অনুৰোধ জনালোঁ। এই কাৰ্য্যসূচী আপোনালোকৰ গাঁৱত, কৃষি বিজ্ঞান কেন্দ্ৰত (KVK), আইচিএআৰ প্ৰতিষ্ঠানত, কৃষি বিশ্ববিদ্যালয়ত, বজাৰ প্ৰাংগনত আৰু পেকছৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হ’ব। সেয়েহে অনুগ্ৰহ কৰি আপোনালোকৰ নিকটৱৰ্তী অনুষ্ঠান ক'ত অনুষ্ঠিত হ’ব, সেই সম্পৰ্কে জ্ঞাত হৈ উপস্থিত থকাটো নিশ্চিত কৰিব। ইয়াত বহি প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ শুনিব। তাত ময়ো নিশ্চয় উপস্থিত থাকিম — আপোনালোককো একেদৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।”

******

RC/ KSR/AR/SB


(रिलीज़ आईडी: 2150287) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Nepali , Marathi , Bengali-TR , Manipuri , Punjabi , Gujarati , Kannada , Malayalam