তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
‘ৱেভছ ২০২৫’ ভাৰতৰ সৃষ্টিশীল নেতৃত্বসুলভতাৰ প্ৰদৰ্শন; ১০০+ দেশৰ পৰা ১ লাখতকৈয়ো অধিক অংশগ্ৰহণকাৰীৰ সমাগম, ৮,০০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ
‘ৱেভছ ২০২৫’-ত ভাৰতে গোলকীয় ৰচনাত্মক সন্মিলনৰ আয়োজন কৰিছে; উদ্যোগ আৰু প্ৰযুক্তিক্ষেত্ৰৰ নেতৃবৃন্দৰ সৈতে অনুষ্ঠিত কৰিছে ১৪০+ অধিৱেশন
‘ৱেভছ ২০২৫’-য়ে ৩,০০০+ ‘বিটুবি’ সভাৰ সুবিধা প্ৰদান কৰে; কাহিনী, সংগীত আৰু ‘এভি ৰাইটছ মাৰ্কেট’-ক উত্সাহিত কৰে
Posted On:
25 JUL 2025 6:11PM by PIB Guwahati
ভাৰতক বিষয়বস্তু ৰচনাৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ লগত সংগতি ৰাখি ‘ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট’ (ৱেভছ) ২০২৫ৰ আয়োজন কৰা হৈছিল। ই নিৰ্মাতা, নীতি নিৰ্ধাৰক, উদ্যোগজগতৰ নেতা, সংবাদ মাধ্যমৰ মঞ্চ আৰু প্ৰযুক্তিক্ষেত্ৰৰ অগ্ৰগণ্যসকলক একক মঞ্চত সন্মিলিত কৰিছিল।
‘ৱেভছ’-য়ে ভাৰতীয় নিৰ্মাতাসকলক নতুন প্ৰযুক্তি, বিনিয়োগকাৰী, প্ৰযোজক আৰু ক্ৰেতাসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে এক মঞ্চ প্ৰদান কৰিছিল। ইয়াত ১০০ খনতকৈয়ো অধিক দেশৰ ১ লাখতকৈয়ো অধিক লোকে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানত বিশ্ব উদ্যোগৰ নেতাবৃন্দৰ অংশগ্ৰহণেৰে ৫০টা ‘প্লেনাৰী’, ৩৫টা ‘মাষ্টাৰক্লাছ’ আৰু ৫৫টা ‘ব্ৰেকআউট’ অধিৱেশনকে ধৰি ১৪০টাতকৈয়ো অধিক অধিৱেশন অনুষ্ঠিত হয়।
‘ৱেভছ ২০২৫’-ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হৈছে:
● গ্ল'বেল মিডিয়া ডাইলগ: চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিকে ধৰি মূল অংশীদাৰসকলে মিডিয়া আৰু মনোৰঞ্জনৰ বিকাশশীল ভূমিকা সম্পৰ্কে আলোচনা কৰে। শান্তি আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ বাবে সংবাদ মাধ্যমৰ প্ৰসাৰ সাধনৰ লক্ষ্যৰে ‘ৱেভছ ঘোষণাপত্ৰ’ গ্ৰহণ কৰা হৈছিল।
● ৱেভএক্স: ‘এম এণ্ড ই’ খণ্ডত ষ্টাৰ্টআপৰ নেতৃত্বত উদ্ভাৱনৰ বাবে ই হৈছে এক মঞ্চ। ইয়াত অন্তৰ্ভুক্ত কৰা দুদিনীয়া ‘লাইভ পিচিং ইভেণ্ট’-ত ষ্টাৰ্টআপসমূহে বিনিয়োগকাৰীসকলৰ আগত তেওঁলোকৰ অৱধাৰণা উপস্থাপন কৰিছিল।
● ৱেভছ বজাৰ: চিত্ৰনাট্য, সংগীত, ‘কমিক্স’ আৰু ‘এভি ৰাইটছ’-ৰ বাবে বজাৰ হিচাপে ভূমিকা পালন কৰি নতুন ৰাজহৰ ধাৰা সৃষ্টি কৰি ৩ হাজাৰৰো অধিক ‘বিটুবি’ সভা অনুষ্ঠিত কৰিছে।
● অৰ্থনৈতিক আৰু কৌশলগত ফলাফলঃ ফিল্ম চিটী, সৃষ্টিশীল প্ৰযুক্তিগত শিক্ষা আৰু চলন্ত মনোৰঞ্জনৰ আন্তঃগাঁথনিত বিনিয়োগৰ বাবে ৮ হাজাৰ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
● ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (চিআইচি): ‘এনিমেশ্যন’, ‘গে’মিং’, ‘এ আৰ’/‘ভিআৰ’ আৰু সংগীতৰ দৰে ৩৪টা সৃষ্টিশীল শিতানত পৰৱৰ্তী প্ৰজন্মৰ সৃষ্টিশীল প্ৰতিভাৰ দেশজোৰা অন্বেষণ অভিযান। ই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্মাতাসকলৰ পৰা ১ লাখৰো অধিক পঞ্জীয়ন আকৰ্ষিত কৰিছিল।
● ক্ৰিয়েট’স্ফিয়াৰ: ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ সৃষ্টিশীল প্ৰতিভাসকলক উজলাই তুলিবলৈ ‘মাষ্টাৰক্লাছ’, প্ৰতিযোগিতা আৰু ‘প্ৰত্যক্ষ প্ৰদৰ্শন’ৰ আয়োজন কৰা হৈছিল।
● ভাৰত পেভিলিয়ন: ই ভাৰতৰ ‘ছফ্ট পাৱাৰ’ আৰু সাংস্কৃতিক নেতৃত্বক বিশ্বব্যাপী প্ৰক্ষেপ কৰি ভাৰতৰ গল্প কথনৰ উত্তৰাধিকাৰিত্বত সংপৃক্ত হৈ থকা এক অভিজ্ঞতা আগবঢ়াইছিল।
● অষ্টম ৰাষ্ট্ৰীয় কমিউনিটী ৰেডিঅ' সন্মিলন: কমিউনিটী সম্প্ৰচাৰত উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ বাবে ১২টা কেন্দ্ৰই ‘ৰাষ্ট্ৰীয় কমিউনিটী ৰেডিঅ' বঁটা’ লাভ কৰে।
তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগনে লোকসভাত আজি এই তথ্য সহভাগ কৰে।
***
Dharmendra Tewari / Navin Sreejith/KB
(Release ID: 2148789)