ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ ঘনছোলি আৰু শিলফাটাৰ মাজত বুলেট ৰেল প্ৰকল্পৰ ২১ কিমি দৈৰ্ঘ্যৰ আণ্ডাৰছী টানেলৰ প্ৰথম অংশ মুকলি

ভাৰত-জাপান অংশীদাৰিত্বৰ অধীনত পৰৱৰ্তী-প্ৰজন্মৰ ই১০ শ্বিনকানচেন ৰেলে মুম্বাই–আহমেদাবাদ বুলেট ট্ৰেইনক সমৃদ্ধ কৰিব

ই১০ শ্বিনকানচেনে ভাৰত আৰু জাপানত একেলগে আত্মপ্ৰকাশ কৰিব

শ্বিনকানচেন প্ৰযুক্তিয়ে সমগ্ৰ ৫০৮ কিমিৰ বুলেট ট্ৰেইন কৰিডৰক শক্তিশালীকৰণেৰে গতি, সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতাক পুনৰ সংজ্ঞায়িত কৰিব

Posted On: 14 JUL 2025 4:02PM by PIB Guwahati

বুলেট ট্ৰেইন প্ৰকল্পটোৱে বিকেচি আৰু থানেৰ মাজত ২১ কিমি দৈৰ্ঘ্যৰ আণ্ডাৰছী টানেলৰ প্ৰথমটো অংশ মুকলিৰে এক বৃহৎ মাইলৰ খুঁটি স্থাপন কৰিলে। শেহতীয়াকৈ বুলেট ট্ৰেইন প্ৰকল্পটোৰ অধীনত ৩১০ কিমি দৈৰ্ঘ্যৰ ভায়াডাক্টৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ট্ৰেক লেয়িং, অ’ভাৰহেড বৈদ্যুতিক তাঁৰ, ষ্টেচন আৰু দলং নিৰ্মাণৰ কাম দ্ৰুতগতিত অব্যাহত আছে। মহাৰাষ্ট্ৰৰ নিৰ্মাণকাৰ্য্যও ক্ষীপ্ৰতৰ হৈছে। সমান্তৰালভাৱে পৰিচালনা আৰু নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা ক্ৰয়ৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰা হৈছে।

 

 

ৰুলিং ষ্টকঃ জাপানী শ্বিনকানচেনে বৰ্তমান ই৫ ৰেলৰ চলাচল অব্যাহত ৰাখিছে। পৰৱৰ্তী প্ৰজন্মৰ ৰেলসমূহ হৈছে ই১০। জাপান আৰু ভাৰতৰ মাজত কৌশলগত অংশীদাৰিত্বৰ মনোভাৱেৰে জাপান চৰকাৰে মুম্বাই-আহমেদাবাদ বুলেট ৰেল প্ৰকল্পত ই১০ শ্বিনকানচেন ৰেল প্ৰৱৰ্তনৰ বাবে সন্মতি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ভাৰত আৰু জাপানত একেলগে ই১০-ৰ প্ৰৱৰ্তন কৰা হ’ব।

 

জাপানৰ প্ৰযুক্তিঃ জাপানৰ শ্বিনকানচেন প্ৰযুক্তিৰে ৫০৮ কিমি দৈৰ্ঘ্যৰ সমগ্ৰ কৰিডৰটো গঢ়ি তোলা হৈছে। ই গতি, সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতাৰ ক্ষেত্ৰত এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব। ইয়াৰ জৰিয়তে ভাৰত আৰু জাপানৰ মাজত গভীৰ কৌশলগত আৰু প্ৰযুক্তিগত সহযোগিতাৰ প্ৰতিফলন ঘটিছে।

দ্ৰুত গতিত নিৰ্মাণঃ সমগ্ৰ এলাইনমেন্টতে চিভিল ৱৰ্ক দ্ৰুতগতিত আগবাঢ়িছে। ৩১০ কিমিৰ ভায়াডাক্ট নিৰ্মাণ কৰা হৈছে। ১৫ খন নদী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু ৪ খন নিৰ্মাণৰ অন্তিম পৰ্য্যায়ত আছে। ১২ টা ষ্টেচনৰ ভিতৰত ৫ টা ষ্টেচন সম্পূৰ্ণ হৈছে আৰু আৰু ৩ টা ষ্টেচন এতিয়া সম্পূৰ্ণ হোৱাৰ পৰ্য্যায়ত উপনীত হৈছে। বিকেচিৰ ষ্টেচনটো হৈছে অভিযান্ত্ৰিক আশ্চৰ্য্য। ষ্টেচনটো মাটিৰ পৰা ৩২.৫ মিটাৰ তলত স্থাপন কৰা হ’ব।

 

 

আগন্তুক কৰিডৰঃ মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল (MAHSR) প্ৰকল্পৰ সফলতাই ভাৰতত আগন্তুক বুলেট ট্ৰেইন কৰিডৰৰ ভেটি স্থাপন কৰিছে। ভৱিষ্যতৰ কৰিডৰসমূহো সক্ৰিয়ভাৱে বিবেচনাধীন হৈ আছে।

উন্নয়নৰ এনে উল্লেখযোগ্য গতিয়ে অত্যাধুনিক বৈশ্বিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে বিশ্ব-মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্যকে প্ৰদৰ্শিত কৰে। ৰূপান্তৰৰ এই যাত্ৰাত জাপানে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

*****

Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/SB


(Release ID: 2144734)