ৰাষ্ট্ৰপতি সচিবালয়
প্ৰেছ বিবৃতি
Posted On:
14 JUL 2025 2:07PM by PIB Guwahati
ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ উপ-ৰাজ্যপাল হিচাপে ব্ৰিগেডিয়াৰ (ডাঃ) বি ডি মিশ্ৰৰ (অৱসৰপ্ৰাপ্ত) পদত্যাগপত্ৰ গ্ৰহণ কৰিছে।
২. ৰাষ্ট্ৰপতিয়ে ৰাজ্যপাল/উপ-ৰাজ্যপাল হিচাপে নিম্নলিখিত সকলক নিযুক্তি প্ৰদান কৰিছেঃ-
ক) অধ্যাপক অসীম কুমাৰ ঘোষক হাৰিয়ানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি।
(খ) শ্ৰী পুচাপতি অশোক গজপতি ৰাজুক গোৱাৰ ৰাজ্যপাল হিচাপে নিযুক্তি।
(গ) শ্ৰী কবিন্দৰ গুপ্তাক লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তি।
৩. তেওঁলোকে নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা ওপৰোক্ত নিযুক্তি কাৰ্যকৰী হ’ব।
***
MJPS/SR/SKS/HS
(Release ID: 2144563)