ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ উপলক্ষে আহমেদাবাদত গুজৰাট, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মহিলা সমবায় কৰ্মীসকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ‘সহকাৰ সংবাদ’ অনুষ্ঠিত কৰে

সমবায় খণ্ডত যুৱ পেছাদাৰীসকলক প্ৰস্তুত কৰাৰ মূল ধাৰণা আছিল ত্ৰিভুৱনদাস পেটেল জীৰ, ইয়াৰ বাবে “ত্ৰিভুৱন” সমবায় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে

ত্ৰিভুৱনদাস জীয়ে সঁচা অৰ্থত সমবায়ৰ ভেটি স্থাপন কৰিলে, ইয়াৰ সৰ্বোত্তম উদাহৰণ হ’ল ‘আমুল’, যাৰ সহায়ত ৩৬ লাখৰো অধিক মাতৃ-ভগ্নীয়ে ৮০ হাজাৰ কোটি টকাতকৈও অধিক টকাৰ ব্যৱসায় কৰি আছে

সমবায় দুগ্ধ শাখাত গোবৰ ব্যৱস্থাপনা, পশু খাদ্য আৰু স্বাস্থ্য ব্যৱস্থাপনা তথা গোবৰ ব্যৱহাৰ কৰি আয় বৃদ্ধিৰ ব্যৱস্থাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে

আগন্তুক দিনত এনে কিছু ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে গাঁৱৰ গাখীৰ উৎপাদনত নিয়োজিত বেছিভাগ পৰিয়াল সমবায়ৰ সৈতে জড়িত হৈ পৰে
চি এছ চি, মাইক্ৰ’ এ টি এম, হৰ ঘৰ নল, বেংক মিত্ৰ আৰু অনুৰূপ প্ৰায় ২৫টা কামত যোগদান কৰি সকলো পেকছ সমৃদ্ধিশালী হ’ব পাৰে

জন ঔষধি কেন্দ্ৰৰ সেৱা প্ৰদান কৰা পিএচিএছে গাঁওত সুলভ মূল্যৰ ঔষধৰ উপলব্ধতাৰ বিষয়ে মানুহক সজাগ কৰা উচিত

Posted On: 09 JUL 2025 5:50PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আন্তৰ্জাতিক সমবায় বৰ্ষ ২০২৫ৰ অধীনত আয়োজিত কাৰ্যসূচীৰ অংশ হিচাপে গুজৰাট, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ সমবায় খণ্ডৰ সৈতে জড়িত মহিলাসকলৰ সৈতে গুজৰাটৰ আহমেদাবাদত ‘সহকাৰ সংবাদ’শীৰ্ষক অনুষ্ঠানত  অংশগ্ৰহণ কৰে। 

 

‘সহকাৰ সংবাদ’ত কেন্দ্ৰীয় সমবায়  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে ত্ৰিভুৱনদাস পেটেলৰ নামত আনন্দ জিলাত “ত্ৰিভুৱন” সমবায় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ কয় যে সমবায় খণ্ডত যুৱ পেছাদাৰীসকলক প্ৰস্তুত কৰাৰ মূল ধাৰণা ত্ৰিভুৱনদাস জীৰ আছিল আৰু ইয়াৰ বাবে এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে। ত্ৰিভুৱনদাস  জীয়ে প্ৰকৃত অৰ্থত সমবায়ৰ ভেটি স্থাপন কৰিছিল, যাৰ বাবে আজি গুজৰাটৰ ৩৬ লাখ মহিলাই ৮০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰি আছে। তেওঁ কয় যে যেতিয়া সংসদত সমবায় বিশ্ববিদ্যালয়খনৰ নাম ত্ৰিভুৱনদাস জীৰ নামেৰে নামকৰণৰ কথা  ঘোষণা কৰা হৈছিল তেতিয়া গৰাকী ব্যক্তি কোন তাকেলৈ প্ৰশ্ন উত্থাপন হৈছিল। এক অৰ্থত সেয়া উপযুক্ত নাছিল। কিন্তু সেই ব্যক্তিজনৰ বাবে এটা ডাঙৰ কথা যে ডাঙৰ কাম এটা কৰিও তেওঁ নিজৰ প্ৰচাৰ নকৰি কেৱল কাম কৰি গৈছিল। শ্ৰী শ্বাহে কয় যে বিৰোধী দলৰ বিৰোধিতা সত্ত্বেও আমি বিশ্ববিদ্যালয়খনৰ নাম ত্ৰিভুৱনদাস পেটেলৰ নামেৰে ৰাখিলোঁ, কাৰণ তেওঁ   খ্যাতি লাভ কৰাটো উচিত।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে লগতে  কয় যে চৰকাৰে দুগ্ধ খণ্ডত বহু পৰিৱৰ্তন আনিছে। আগন্তুক সময়ত সমবায় দুগ্ধ প্ৰতিষ্ঠানসমূহে গৰুৰ গোবৰ পৰিচালনা, পশুৰ খাদ্য আৰু স্বাস্থ্য ব্যৱস্থাপনা আৰু গৰুৰ গোবৰ ব্যৱহাৰ কৰি আয় বৃদ্ধিৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সমগ্ৰ দেশতে এই দিশত বহুতো সৰু সৰু পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। সকলো পৰীক্ষা-নিৰীক্ষা সংকলন কৰি প্ৰতিটো সমবায় প্ৰতিষ্ঠানলৈ তাৰ ফলাফল প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হৈছে আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে পৰিকল্পনা কৰিছে। শ্ৰী শ্বাহে কয় যে আগন্তুক কেইটামান বছৰত সমবায় দুগ্ধ শাখাত গৰুৰ গোবৰ ব্যৱহাৰ কৰি জৈৱিক গোবৰ আৰু গেছ প্ৰস্তুত কৰা হ’ব। তেওঁ কয় যে আগন্তুক দিনত এনে কিছু ব্যৱস্থা কৰা হ’ব যাতে গাঁওখনত গাখীৰ উৎপাদনত নিয়োজিত ৫০০ পৰিয়ালৰ ভিতৰত ৪০০ পৰিয়াল সমবায়ত জড়িত থাকিব। তেওঁলোকৰ পশুৰ গোবৰৰ কামো সমবায়ক দিয়া হ’ব। জীৱ-জন্তুৰ টিকাকৰণৰ কামো কৰা হ’ব। অহা ৬ মাহত এই সকলোবোৰ আঁচনিয়ে সুনিৰ্দিষ্ট ৰূপ ধাৰণ কৰি সমবায় প্ৰতিষ্ঠানসমূহৰ মাজলৈ যাব। তেওঁ গাখীৰ উৎপাদনকাৰীসকলক তেওঁলোকৰ সমবায় প্ৰতিষ্ঠানত ত্ৰিভুৱনদাসৰ ছবি ৰাখিবলৈ আহ্বান জনায়,  যাতে গুজৰাটত সমবায় খণ্ডৰ সৈতে জড়িত মহিলাসকলক সমৃদ্ধিশালী কৰি তোলা ব্যক্তিত্বৰ সৈতে চিনাকি কৰি দিব পাৰি। তেওঁ কয় যে আনন্দত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড স্থাপনৰ লগে লগে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত আৰম্ভ হোৱা সমবায় কাৰ্যকলাপ আজি ১৯খন ৰাজ্যত বিয়পি পৰিছে।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে  কয় যে পেকছক চি এছ চি, মাইক্ৰ’ এ টি এম, হৰ ঘৰ নল, বেংক মিত্ৰকে ধৰি প্ৰায় ২৫টা কামৰ সৈতে সংযুক্ত কৰা হৈছে। পেকছৰ উপ-বিধি সংশোধনীৰ পিছত সমগ্ৰ দেশৰ জিলা সমবায় বেংকৰ পৰিদৰ্শকক প্ৰশিক্ষণ দিয়া হৈছে। পেকছৰ সৈতে জড়িত লোকসকলে পৰিদৰ্শকসকলৰ সৈতে কথা পাতিব লাগে আৰু নতুন পৰিৱৰ্তনৰ বিষয়ে জানিব লাগে। তেওঁ কয় যে পেকছৰ পৰাও ৰাজহ আহৰণ কৰিব লাগে। তেওঁ কয় যে জন ঔষধি কেন্দ্ৰৰ সেৱা প্ৰদান কৰা পেকছে  গাঁৱৰ ৰাইজৰ মাজত পৰ্যাপ্ত সজাগতাৰ সৃষ্টি কৰিব লাগে যাতে  বজাৰৰ হাৰতকৈ বহু কম দামত তেওঁলোকৰ কেন্দ্ৰত ঔষধ উপলব্ধ হোৱাৰ কথা মানুহে জানিবলৈ সক্ষম।

 

শ্ৰী অমিত শ্বাহে কয় যে যদিহে কুঁহিয়াৰ আৰু দাইলৰ  খেতি কৰা কৃষকসকলে এন চি চি এফ এপত পঞ্জীয়ন কৰে, তেন্তে নাবাৰ্ড আৰু এন চি চি এফে কৃষকৰ পৰা নূন্যতম সহায়ক মূল্যত কুঁহিয়াৰ আৰু দাইল ক্ৰয় কৰিব পাৰে । যদি কৃষকে বজাৰত অধিক মূল্য লাভ কৰি আছে তেন্তে তেওঁ নিজৰ শস্য বজাৰতো বিক্ৰী কৰিব পাৰিব।

 

‘সহকাৰ সংবাদ’ত শ্ৰী অমিত শ্বাহে অৱসৰ গ্ৰহণৰ পিছত তেওঁ  বেদ, উপনিষদ আৰু জৈৱিক  খেতিৰ মাজত সময় কটাব বুলি কয়। তেওঁ কয় যে জৈৱিক কৃষি এক বৈজ্ঞানিক প্ৰথা , যিয়ে বহু ধৰণে  উপকাৰ দিয়ে। সাৰ আৰু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ উৎপাদিত খাদ্য খালে চিকিৎসক আৰু ঔষধৰ পৰা আঁতৰি থাকিব পাৰি। ইয়াৰ বাহিৰেও জৈৱিক খেতিৰ উৎপাদনো বৃদ্ধি পায়। তেওঁ কয় যে তেওঁ নিজৰ পথাৰত জৈৱিক খেতি কৰি প্ৰায় উৎপাদন ডেৰগুণ বৃদ্ধি পোৱা দেখা গৈছে। শ্ৰী শ্বাহে কয় যে ইউৰিয়া, ডি এ পি আৰু এম পি কেৰ ডাঙৰ ডাঙৰ কাৰখানা আছে। কিন্তু যদি জৈৱিক খেতি কৰা হয়, তেন্তে কেঁচুৱে ইউৰিয়া, ডি এ পি আৰু এম পি কেৰ দৰে কাম কৰে। কেঁচুৱে মাটি খাই এই প্ৰক্ৰিয়াত  সাৰ  তৈয়াৰ কৰে। তেওঁ কয় যে জৈৱিক খেতি কৰিলে মাটিৰ কোনো ক্ষতি নহয়, পানীও ৰাহি হয় আৰু মানুহো সুস্থ হৈ থাকে বুলি কয় । তেওঁ কয় যে সমবায় মন্ত্ৰালয়ে জৈৱিক  কৃষিৰ জৰিয়তে উৎপাদিত শস্য ক্ৰয়ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় প্ৰতিষ্ঠান গঠন কৰিছে। ইয়াৰ উপৰি  কৃষকৰ শস্য ৰপ্তানিৰ বাবেও এখন সমবায় সমিতি গঠন কৰা হৈছে আৰু ৰপ্তানিৰ পৰা পোৱা লাভ পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে দেশৰ গৃহমন্ত্ৰী হোৱাটো এটা ডাঙৰ কথা, কাৰণ চৰ্দাৰ পেটেলো  গৃহমন্ত্ৰী  আছিল। কিন্তু যিদিনা মোক সমবায়  মন্ত্ৰীৰ দায়িত্ব দিয়া   হ’ল, সেইদিনা মই বিশ্বাস কৰোঁ যে মই গৃহ মন্ত্ৰালয়তকৈও ডাঙৰ বিভাগ এটা পাইছিলোঁ। দেশৰ দুখীয়া, কৃষক, গাঁও আৰু জীৱ-জন্তুৰ বাবে কাম কৰে এই মন্ত্ৰালয়ে। অনাগত দিনত তিনিখনকৈ ৰাজ্যত ১০টা এনে অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে তেওঁলোকৰ পৰা পোৱা পৰামৰ্শৰ ভিত্তিত সহযোগিতা মন্ত্ৰালয়ত কাম কৰা হ’ব বুলিও তেওঁ কয়।

 

‘সহকাৰ সংবাদ’ৰ সময়ত শ্ৰী অমিত শ্বাহে কয় যে উটৰ গাখীৰৰ ঔষধি গুণৰ বিষয়ে জানিবলৈ গৱেষণা  চলি আছে। উটৰ গাখীৰৰ ঔষধি গুণ ব্যৱহাৰ কৰি উটৰ গাখীৰৰ অধিক মূল্য পোৱাৰ লক্ষ্যৰে ৰাজস্থান চৰকাৰ আৰু গুজৰাট চৰকাৰে শীঘ্ৰে যৌথভাৱে এক আঁচনি আৰম্ভ কৰিব। যেতিয়া উট পালন আৰু উটৰ গাখীৰৰ সমাদৰ বাঢ়িব তেতিয়া স্বাভাৱিকতে উটৰ জাতৰ সংৰক্ষণৰ ক্ষেত্ৰতো সহায়   হ’ব।

****

RK/VV/PR/PS/DM


(Release ID: 2143560)