ক'অপাৰেশ্বন মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আনন্দত দেশৰ প্ৰথমখন সমবায় বিশ্ববিদ্যালয় 'ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়'ৰ ভূমি পূজন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আজি ত্ৰিভুৱন দাস পেটেল জীক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে
এই বিশ্ববিদ্যালয়ে সমবায়ত স্বজন-তোষনৰ অন্ত পেলাব, স্বচ্ছতা আনিব আৰু সমবায় বিশ্ববিদ্যালয়ৰ পৰা প্ৰশিক্ষণ লোৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব
এই বিশ্ববিদ্যালয়ত যুৱক-যুৱতীসকলে কাৰিকৰী বিশেষজ্ঞতা, একাউণ্টিং, বৈজ্ঞানিক পদ্ধতি আৰু বিপণনৰ লগতে সমবায়ৰ মূল্যবোধৰ বিষয়েও শিকিব পাৰিব
এই বিশ্ববিদ্যালয়ে সমবায় আন্দোলনত শিক্ষা, প্ৰশিক্ষণ আৰু উদ্ভাৱনৰ বৃহৎ শূন্যতা পূৰণৰ বাবে কাম কৰিব, যাৰ ফলত ভাৰত সমগ্ৰ বিশ্বতে সমবায়ৰ দুৰ্গ হৈ পৰিব
যেতিয়া এজন সমবায় নেতাই প্ৰতিজন সদস্যৰ কল্যাণৰ বাবে কাম কৰে, তেতিয়া ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰক্ৰিয়াত তেওঁ কিমান ডাঙৰ অৰিহণা আগবঢ়ায়, ইয়াৰ আদৰ্শ উদাহৰণ আছিল ত্ৰিভুৱন দাস জী
স্বচ্ছতা, জবাবদিহিতা, গৱেষণা আৰু সমবায় ফেডাৰেলিজমৰ মনোভাৱৰ বিকাশৰ বাবে প্ৰতিষ্ঠা হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ বাবে আটাইতকৈ উপযুক্ত নাম হ’ল ‘ত্ৰিভুৱন দাস’
ত্ৰিভুৱন দাস জীৰ দৃষ্টিভংগীৰ বাবেই বিশ্বৰ ব্যক্তিগত দুগ্ধ প্ৰতিষ্ঠানৰ সন্মুখত আজি আমাৰ দেশৰ সমবায় দুগ্ধ কাৰখানা বুকু ফিন্দাই থিয় হৈ আছ
Posted On:
05 JUL 2025 6:48PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আনন্দত দেশৰ প্ৰথমখন সমবায় বিশ্ববিদ্যালয় 'ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়'ৰ ভূমি পূজন কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় সমবায় ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষণপাল গুৰ্জৰ আৰু শ্ৰী মুৰলীধৰ মোহল, সমবায় মন্ত্ৰালয়ৰ সচিব ড° আশীষ কুমাৰ ভূটানীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল।
নিজৰ ভাষণত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটো সমবায় খণ্ডৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন, যিহেতু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ত্ৰিভুৱন দাস পেটেল জীক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। তেওঁ কয় যে চাৰি বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী জীয়ে দেশৰ কোটি কোটি দৰিদ্ৰ আৰু গাঁওবাসীৰ জীৱনত আশাৰ সঞ্চাৰ কৰাৰ লগতে তেওঁলোকক অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী কৰি তুলিবলৈ সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰিছিল। তেওঁ কয় যে সমবায় মন্ত্ৰালয় স্থাপনৰ পিছৰে পৰা যোৱা ৪ বছৰত সমবায় মন্ত্ৰালয়ে ভাৰতত সমবায় খণ্ডৰ উন্নয়ন, প্ৰসাৰ আৰু সম বিকাশৰ বাবে ৬০টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে কয় যে এই সকলোবোৰ পদক্ষেপ সমবায় আন্দোলনক দীৰ্ঘস্থায়ী, স্বচ্ছ, গণতান্ত্ৰিক কৰিবলৈ, বিকশিত কৰিবলৈ, সমবায়ৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি কৰিবলৈ আৰু সমবায় আন্দোলনত মাতৃ শক্তি আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে আজি ইয়াত ১২৫ একৰ মাটিত ৫০০ কোটি টকা ব্যয় সাপেক্ষে দেশৰ প্ৰথমখন ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়ৰ শিলান্যাস কৰা হৈছে। তেওঁ কয় যে আজি ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়ৰ শিলান্যাস, সমবায় খণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত থকা সকলো ব্যৱধান পূৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আজি সমগ্ৰ দেশতে সমবায় আন্দোলন অতি দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ কয় যে এই বিশ্ববিদ্যালয়ৰ শিলান্যাস প্ৰধানমন্ত্ৰী মোদী জীৰ নেতৃত্বত এক যুগান্তকাৰী পদক্ষেপ। আজি সমগ্ৰ দেশতে ৪০ লাখ কৰ্মী সমবায় আন্দোলনৰ সৈতে জড়িত, ৮০ লাখ ব’ৰ্ডৰ সদস্য আছে আৰু ৩০ কোটি লোক অৰ্থাৎ দেশৰ প্ৰতি চতুৰ্থজন ব্যক্তি সমবায় আন্দোলনৰ সৈতে জড়িত।
কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে সমবায় খণ্ডৰ বিকাশৰ বাবে সমবায়ৰ কৰ্মচাৰী আৰু সমবায় সমিতিৰ সদস্যসকলৰ প্ৰশিক্ষণৰ বাবে আগতে কোনো উপযুক্ত ব্যৱস্থা নাছিল। তেওঁ কয় যে আগতে সমবায়ত নিযুক্তিৰ পিছত কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া হৈছিল, কিন্তু এতিয়া বিশ্ববিদ্যালয় গঠন হোৱাৰ পিছত, প্ৰশিক্ষণ লোৱাসকলেহে চাকৰি পাব। শ্ৰী শ্বাহে কয় যে ইয়াৰ বাবে সমবায়ত স্বজন-তোষনৰ অন্ত পৰিব, স্বচ্ছতা আহিব আৰু সমবায় বিশ্ববিদ্যালয়ৰ পৰা প্ৰশিক্ষণ লৈ ওলাই অহাসকলেহে সমবায় খণ্ডত চাকৰি পাব। তেওঁ কয় যে এই বিশ্ববিদ্যালয়ত যুৱক-যুৱতীসকলে কাৰিকৰী বিশেষজ্ঞতা, হিচাপ-নিকাচ, বৈজ্ঞানিক দৃষ্টিভংগী আৰু বিপণনৰ সকলো গুণ তো শিকিবই, লগতে তেওঁলোকে সমবায়ৰ মূল্যবোধো শিকিব পাৰিব যে সমবায় আন্দোলন দেশৰ দলিত, মহিলা আৰু জনজাতীয়সকলৰ বাবে। তেওঁ কয় যে সমবায় খণ্ডৰ বহু সমস্যাৰ সমাধান এই সমবায় বিশ্ববিদ্যালয়ৰ দ্বাৰা হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদী জীয়ে দেশত ২ লাখ নতুন প্ৰাথমিক কৃষি ঋণ সমিতি (PACS) গঠনৰ সিদ্ধান্ত লৈছে, ইয়াৰে চলিত বৰ্ষৰ শেষলৈকে ৬০ হাজাৰ নতুন PACS গঠন হ’ব। তেওঁ কয় যে ২ লাখ PACSতে ১৭ লাখ কৰ্মচাৰী থাকিব। একেদৰে বহু জিলা দুগ্ধ কাৰখানা নিৰ্মাণৰ কাম চলি আছে আৰু এই সকলোবোৰৰ বাবে প্ৰশিক্ষিত জনশক্তিৰ প্ৰয়োজনীয়তাও ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়ে পূৰণ কৰিব। শ্ৰী শ্বাহে কয় যে এই বিশ্ববিদ্যালয়ে সমবায়ত নীতি নিৰ্ধাৰণ, তথ্য বিশ্লেষণ আৰু দেশৰ সমবায়ৰ বিকাশৰ বাবে ৫ বছৰীয়া, ১০ বছৰীয়া আৰু ২৫ বছৰীয়া ৰণনীতি প্ৰস্তুত কৰাৰ কাম কৰিব। তেওঁ কয় যে গৱেষণাকো এই বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত কৰা হৈছে। এই বিশ্ববিদ্যালয়ে কেৱল সমবায় কৰ্মচাৰী প্ৰস্তুত নকৰে, বৰং ইয়াৰ পৰাই ত্ৰিভুৱন দাস জীৰ দৰে সমৰ্পিত সমবায় নেতাও ওলাব যিয়ে ভৱিষ্যতে সমবায় খণ্ডৰ নেতৃত্ব দিব। শ্ৰী শ্বাহে কয় যে চিবিএছইয়ে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত সমবায় বিষয়টো সংযোজন কৰিছে। গুজৰাট চৰকাৰেও নিজৰ পাঠ্যক্ৰমত সমবায় বিষয়টো যোগ কৰা উচিত যাতে সাধাৰণ মানুহে সমবায়ৰ বিষয়ে জানিব পাৰে।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীয়ে কয় যে ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়ৰ নামকৰণ ত্ৰিভুৱন দাস কিশিভাই পেটেলৰ নামেৰে কৰা হৈছে। এই সমবায় বিশ্ববিদ্যালয়ৰ ভেটি স্বচ্ছতা, জবাবদিহিতা, গৱেষণা আৰু সমবায় ফেডাৰেলিজমৰ মনোভাৱৰ বিকাশৰ বাবে স্থাপন কৰা হৈছে, ইয়াৰ নামৰ বাবে ত্ৰিভুৱন দাস পেটেল জীতকৈ উত্তম ব্যক্তি কোনো নাই। তেওঁ কয় যে ত্ৰিভুৱন দাস জীয়ে চৰ্দাৰ পেটেলৰ মাৰ্গদৰ্শনত এই ভূমিতে এটা নতুন ধাৰণাৰ বীজ ৰোপন কৰিছিল। ত্ৰিভুৱন দাস জীয়ে গাখীৰ সংগ্ৰাহকৰ এটা সৰু দল গঠন কৰি তাৰ যোগেদি কৃষকসকলক সবলীকৰণৰ বাবে এক বৃহৎ অভিযান চলাইছিল। শ্ৰী শ্বাহে কয় যে ১৯৪৬ চনত খেড়া জিলা সমবায় দুগ্ধ উৎপাদক সংঘ প্ৰতিষ্ঠা হৈছিল আৰু আজি ত্ৰিভুৱন দাসে ৰোপন কৰা সেই বীজ এজোপা বিশাল বট বৃক্ষত পৰিণত হৈছে, য’ত ৩৬ লাখ ভগ্নীয়ে ৮০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰে আৰু কাৰো ১০০ টকাতকৈ অধিক বিনিয়োগ লগা নাই। শ্ৰী শ্বাহে কয় যে পলছনৰ শোষণমূলক নীতিৰ সন্মুখত সমবায় সংগঠনৰ শক্তি থিয় কৰোৱাৰ কাম ত্ৰিভুৱন দাস জীয়েই কৰিছিল। তেওঁ কয় যে আজি আমূল বিশ্বৰ আটাইতকৈ মূল্যৱান ব্ৰেণ্ডৰ খাদ্য সামগ্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। ত্ৰিভুৱন দাস জীৰ দৃষ্টিভংগীৰ বাবেই সমগ্ৰ বিশ্বৰ ব্যক্তিগত দুগ্ধ প্ৰতিষ্ঠানৰ সন্মুখত আজি আমাৰ দেশৰ সমবায় দুগ্ধ কাৰখানা বুকু ফিন্দাই থিয় হৈ আছে। এজন সমবায় নেতাই সমবায়ৰ প্ৰতিজন সদস্যৰ কল্যাণৰ বাবে যেতিয়া কাম কৰে তেতিয়া ৰাষ্ট্ৰ-নিৰ্মাণ আৰু ৰাষ্ট্ৰক সমৃদ্ধিশালী কৰাৰ প্ৰক্ৰিয়াত তেওঁ কিমান ডাঙৰ অৰিহণা যোগাব পাৰে তাৰ এটা আদৰ্শ উদাহৰণ ত্ৰিভুৱন দাস জীয়ে দাঙি ধৰিছিল।
শ্ৰী অমিত শ্বাহে কয় যে ‘বসুধৈৱ কুটুম্বকম’ আৰু ‘সৰ্বে ভৱন্তু সুখিনঃ’ আমাৰ দেশৰ মৌলিক ধাৰণা আৰু সংস্কৃতিৰ ভেটি আৰু তাৰ পৰাই সমবায়ৰ মনোভাৱৰ জন্ম হৈছে। এই সংস্কৃতিয়ে অৰ্থনৈতিক কল্যাণৰ লগতে মানৱ কল্যাণ, পশু কল্যাণ আৰু পৰিৱেশক সমৃদ্ধ কৰাৰ লগতে এতিয়া গৰীব কল্যাণৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে। তেওঁ কয় যে ৩০ কোটি সদস্য থকা সমবায় আন্দোলনত শিক্ষা, প্ৰশিক্ষণ আৰু উদ্ভাৱনৰ শূন্যতা পূৰণ কৰাৰ কাম এই সমবায় বিশ্ববিদ্যালয়ে কৰিব। এই বিশ্ববিদ্যালয়ে নীতি নিৰ্ধাৰণ কৰিব, উদ্ভাৱনক প্ৰসাৰিত কৰিব, গৱেষণাৰ ভেটি স্থাপন কৰিব, প্ৰশিক্ষণ প্ৰদান কৰিব আৰু সমগ্ৰ দেশৰ সমবায় প্ৰতিষ্ঠানসমূহৰ প্ৰশিক্ষণৰ বাবে একেধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি সমবায়সমূহক একেলগে আগুৱাই নিয়াৰ কাম কৰিব। এই বিশ্ববিদ্যালয়ে প্ৰতিভাক এক মঞ্চ প্ৰদান কৰিব আৰু ইয়াৰ পৰাই সমবায়ৰ নীতি ৰচনা কৰা হ’ব, যিয়ে সকলোকে পথ প্ৰদৰ্শন কৰিব। তেওঁ কয় যে এই বিশ্ববিদ্যালয়ে ২ লাখ নতুন আৰু ৮৫ হাজাৰ পুৰণি পেকছৰ জৰিয়তে সকলো আঁচনি ৰূপায়ণৰ বাবেও কাম কৰিব।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে যি বৃহৎ শূন্যতাই আমাৰ সমবায় আন্দোলনক সংকুচিত কৰিছিল, সেয়া পূৰণৰ কাম এই বিশ্ববিদ্যালয়ে কৰিব, যাৰ ফলত এতিয়া সমবায় আন্দোলন ফলে-ফুলে জাতিষ্কাৰ হ'ব, আগবাঢ়িব আৰু ভাৰত সমগ্ৰ বিশ্বতে সমবায়ৰ দুৰ্গ হৈ পৰিব। ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়, ইয়াত নিৰ্মিত নীতি আৰু পাঠ্যক্ৰমে সমবায়ৰ অৰ্থনৈতিক আৰ্হিক এটা গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ কাম কৰিব। তেওঁ কয় যে সকলো বৃহৎ সমবায় প্ৰতিষ্ঠানৰ বাবে যোগ্য কৰ্মচাৰী প্ৰদান কৰাৰ কাম এই বিশ্ববিদ্যালয়ে কৰিব। শ্ৰী শ্বাহে কয় যে আমি ক’অপাৰেটিভ টেক্সি আনিব বিচাৰোঁ, সমবায় বীমা কোম্পানীও গঢ়ি তুলিব বিচাৰোঁ, গতিকে আমাক প্ৰতিটো ক্ষেত্ৰৰ বিশেষ জ্ঞান থকা বিষয়া, কৰ্মচাৰী আৰু সমবায় নেতাৰো প্ৰয়োজন। তেওঁ সমগ্ৰ দেশৰ সমবায় খণ্ডলৈ আহ্বান জনাই কয় যে সমগ্ৰ দেশৰ সমবায় প্ৰশিক্ষণ বিশেষজ্ঞসকলে এই বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হওক আৰু নিজৰ অৰিহণা আগবঢ়াওক।
**********
RK/VV/PR/PS
(Release ID: 2142706)