প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিদেশ ভ্ৰমণৰ কাৰ্যসূচীলৈ ঘানাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
পোষ্ট কৰা হৈছে:
02 JUL 2025 8:40PM by PIB Guwahati
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিদেশ ভ্ৰমণৰ অংশ হিচাবে ঘানাৰ আক্ৰাত উপস্থিত হয়। বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়। মোদীৰ এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ লগতে দেশ দুখনৰ মাজত থকা ঐতিহাসিক বান্ধোনক পুনৰবাৰ উজলাই তুলিছে।
বিগত তিনিটা দশকৰ ভিতৰত এয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ । মোদীৰ এই ঐতিহাসিক ভ্ৰমণে ভাৰত আৰু ঘানাৰ মাজত অংশীদাৰিত্বক অধিক গভীৰ কৰি তুলিব তথা আফ্ৰিকা আৰু গ্ল’বেল চাউথ সহযোগীৰ সৈতে ভাৰতৰ সংযোগক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক অধিক দৃঢ় কৰি তুলিব।
****
MJPS/ST/DM
(ৰিলিজ আই ডি : 2141698)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam