কেবিনেট
azadi ka amrit mahotsav

কেবিনেটে কৌশলগত আৰু ছানৰাইজ ডমেইনত গৱেষণা, উন্নয়ন আৰু উদ্ভাৱনক ত্বৰান্বিতকৰণৰ অৰ্থে গৱেষণা উন্নয়ন আৰু উদ্ভাৱন (RDI) আঁচনিত অনুমোদন জনায়

Posted On: 01 JUL 2025 3:08PM by PIB Guwahati

ভাৰতৰ গৱেষণা আৰু উদ্ভাৱন বাতাবৰণক সুদৃঢ়কৰণৰ অৰ্থে এক ৰূপান্তৰশীল পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি এক লাখ কোটি টকাৰ কৰ্পাছেৰে গৱেষণা উন্নয়ন আৰু উদ্ভাৱন (RDI) আঁচনিত অনুমোদন জনাইছে।

উদ্ভাৱনক চালিতকৰণ আৰু গৱেষণাক বাণিজ্যিকীকৰণত ব্যক্তিগত খণ্ডই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক অনুধাৱনেৰে আৰডিআই আঁচনিখনে আৰডিআই-ত ব্যক্তিগত খণ্ডৰ বিনিয়োগক প্ৰেৰণা যোগাবলৈ নিম্ন বা শূন্য সুতৰ হাৰত দীৰ্ঘ-ম্যাদী বিত্তীয় সাহায্য বা পুনৰ বিত্তীয় সাহায্য প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ব্যক্তিগত খণ্ডৰ পুঁজিৰ ক্ষেত্ৰত থকা বাধা আৰু প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ এই আঁচনিখনে উদ্ভাৱনৰ সুবিধা, প্ৰযুক্তিৰ অভিযোজনাক প্ৰচাৰ আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে ছানৰাইজ আৰু কৌশলগত খণ্ডসমূহক বিকাশ আৰু ৰিস্ক কেপিটেল প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। আঁচনিখনৰ মূল উদ্দেশ্যসমূহ হ’লঃ

a) ব্যক্তিগত খণ্ডক ছানৰাইজ ক্ষেত্ৰত আৰু অৰ্থনৈতিক সুৰক্ষা, কৌশলগত উদ্দেশ্য তথা আত্ম-নিৰ্ভৰতাৰ বাবে প্ৰাসংগিক আন-আন খণ্ডত গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন (RDI)-ক ত্বৰান্বিতকৰণৰ অৰ্থে উৎসাহিত কৰা;

b) প্ৰযুক্তি প্ৰস্তুতি স্তৰ (TRL)-ৰ উচ্চ পৰ্য্যায়ত ৰূপান্তৰশীল প্ৰকল্পক বিত্তীয় সাহায্য প্ৰদান কৰা;

c) গুৰুত্বপূৰ্ণ বা কৌশলগতভাৱে অধিক গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহৰ অধিগ্ৰহণত সহায় কৰা;

d) ডিপ-টেক ফাণ্ড অৱ ফাণ্ডছ স্থাপনৰ সুবিধা প্ৰদান কৰা।

 

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুসন্ধান নেচনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ (ANRF) পৰিচালনা ব’ৰ্ডে আৰডিআই আঁচনিক সৰ্বাংগীন কৌশলগত দিশ প্ৰদান কৰিব। এএনআৰএফ-ৰ কাৰ্য্যবাহী পৰিষদে (EC) আঁচনিখনৰ নিৰ্দেশনাত অনুমোদন জনাব আৰু ২য় পৰ্য্যায়ৰ ফাণ্ড মেনেজাৰ তথা ছানৰাইজ খণ্ডত প্ৰকল্পৰ পৰিসৰ আৰু প্ৰকাৰৰ পৰামৰ্শ আগবঢ়াব। কেবিনেট সচিবৰ নেতৃত্বত এটা ক্ষমতাশালী সচিব গোটে (EGoS) আঁচনিখনৰ পৰিৱৰ্তন, খণ্ড আৰু প্ৰকল্পৰ প্ৰকাৰৰ লগতে আঁচনিৰ কাম-কাজৰ পৰ্য্যালোচনাৰ উপৰিও দ্বিতীয়-পৰ্য্যায়ৰ ফাণ্ড মেনেজাৰৰ অনুমোদনৰ দায়িত্ব পালন কৰিব। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে (DST) আৰডিআই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ন’ডেল বিভাগ হিচাপে কাম কৰিব।

আৰডিআই আঁচনিত দুটা-স্তৰৰ পুঁজিৰ ব্যৱস্থা থাকিব। প্ৰথম পৰ্য্যায়ত এএনআৰএফ-ৰ ভিতৰত বিশেষ উদ্দেশ্য পুঁজি (SPF) স্থাপন কৰা হ’ব, যিয়ে পুঁজিৰ ৰক্ষক হিচাপে কাম কৰিব। এছপিএফ-ৰ পৰা ধন ভিন্ন ২য় পৰ্য্যায়ৰ ফাণ্ড মেনেজাৰক আবন্টন জনোৱা হ’ব। ই মূলতঃ দীৰ্ঘ-ম্যাদী ৰেহাইমূলক ঋণ হিচাপে পৰিগণিত হ’ব। ২য় পৰ্য্যায়ৰ ফাণ্ড মেনেজাৰে গৱেষণা আৰু উন্নয়ন (R&D) প্ৰকল্পলৈ নিম্ন বা শূন্য সুতৰ হাৰত দীৰ্ঘম্যাদী ঋণৰ ৰূপত ধন আগবঢ়াব। বিশেষকৈ ষ্টাৰ্টআপৰ ক্ষেত্ৰত ইকুইটিৰ ৰূপত বিত্তীয় সাহায্যও আগবঢ়াব পাৰি। ডিপ-টেক ফাণ্ড অৱ ফাণ্ডছ (FoF) বা আৰডিআই-ৰ বাবে উদ্দেশ্য কৰা আন কোনো এফঅ’এফ-লৈ বৰঙণিৰ কথাও বিবেচনা কৰিব পাৰি।

দীৰ্ঘ-ম্যাদী, সুলভ বিত্তীয় সাহায্যৰ বাবে ব্যক্তিগত খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰে মোকাবিলাৰে আৰডিআই আঁচনিয়ে আত্মনিৰ্ভৰতা আৰু বিশ্ব প্ৰতিযোগিতামূলক ক্ষমতাক ত্বৰান্বিত কৰিব, ইয়াৰ ফলশ্ৰুতিত ২০৪৭-ত দেশখন বিকশিত ভাৰত হোৱাৰ সময়তে এক অনুকূল উদ্ভাৱন ব্যৱস্থা গঢ় লৈ উঠিব।

******

MJPS/BM/SB


(Release ID: 2141351)