সাংস্কৃতিক মন্ত্ৰালয়
দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত সংবিধান হত্যা দিৱস পালন
Posted On:
27 JUN 2025 3:19PM by PIB Guwahati
২০২৫ চনৰ ২৫ জুনত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে সংশ্লিষ্ট মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু উপ-ৰাজ্যপালসকলৰ নেতৃত্বত সংবিধান হত্যা দিৱস পালন কৰে। এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য আছিলঃ
- জৰুৰীকালীন অৱস্থাৰ প্ৰতিৰোধ কৰা আৰু গণতন্ত্ৰ ৰক্ষা কৰা ব্যক্তিসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।
· প্ৰদৰ্শনী আয়োজন কৰা, ৰাজহুৱা আলোচনা আৰু চলচ্চিত্ৰ আদি প্ৰদৰ্শন কৰা।
- গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ দুৰ্বলতা আৰু শক্তি সন্দৰ্ভত আন্তঃপ্ৰজন্মগত আলোচনাৰ সুবিধা প্ৰদান কৰা।
ভাৰতত গণতন্ত্ৰ ৰাজনৈতিক ব্যৱস্থাতকৈও ঊৰ্ধ্বত; ই ভাৰতৰ ঐতিহাসিক আৰু সাংস্কৃতিক গাঁথনিত গভীৰভাৱে অন্তৰ্ভুক্ত সভ্যতাৰ নৈতিকতা। সংবিধান হত্যা দিৱস কেৱল অতীতৰ অন্যায়ৰ পালনেই নহয়, বৰং গণতান্ত্ৰিক নীতি, প্ৰাতিষ্ঠানিক অখণ্ডতা আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ এক গুৰুত্বপূৰ্ণ পুনৰাবৃত্তি। আহক, আমি আমাৰ গণতন্ত্ৰৰ ভেটি সুৰক্ষিত কৰাৰ বাবে আমাৰ সংকল্প প্ৰতিফলিত কৰিবলৈ, স্মৰণ কৰাৰ লগতে নৱীকৰণৰ বাবে এখন ৰাষ্ট্ৰ হিচাপে একত্ৰিত হওঁ।

সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫০ টা গুৰুত্বপূৰ্ণ স্থানত "লং লিভ ডেম’ক্ৰেচি" শীৰ্ষক প্ৰদৰ্শনীৰ মুকলি কাৰ্যসূচীৰ সমন্বয় ৰক্ষা কৰি আছে, যি আগন্তুক সপ্তাহবোৰত সাধাৰণ জনতাৰ বাবে মুকলি থাকিব।
দিল্লী-চেণ্ট্ৰেল পাৰ্ক
কনট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত 'সংবিধান হত্যা দিৱস' বিষয়ত প্ৰদৰ্শনী উদ্বোধনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা।
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2025/jun/doc2025627577401.pdf
***
Sunil Kimar Tiwari/NB
(Release ID: 2140189)