আয়ুষ
azadi ka amrit mahotsav

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস , ২০২৫ কেৱল এক মাইলৰ খুঁটি নহয়, ই বিশ্বজোৰা সুস্থতাৰ এক আন্দোলন: কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী, শ্ৰী প্ৰতাপ ৰাও যাধৱ

বিশাখাপট্টনমত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া ঐতিহাসিক যোগ অধিৱেশনত লাখ লাখ লোকক একত্ৰিত কৰিব আইডিৱাই ২০২৫-এ

Posted On: 12 JUN 2025 5:09PM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ে নতুন দিল্লীৰ  নেচনেল মিডিয়া চেণ্টাৰত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  প্ৰাকক্ষণত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিৱাই ২০২৫) উদযাপনৰ আনুষ্ঠানিক শুভাৰম্ভণি  কৰা হয়। উল্লেখ্য  ২১ জুনত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  ৰাষ্ট্ৰীয় অনুষ্ঠান ।

 এই উপলক্ষ্যে আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু কেন্দ্ৰীয় স্বাস্থ্য তথা  পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাধৱে আয়ুষ মন্ত্ৰালয়ৰ সচিব  বৈদ্য ৰাজেশ কোটেচাৰ সৈতে সংবাদ মাধ্যমক সম্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

সংবাদমেলত ভাষণ  আগবঢ়াই আয়ুষ দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত প্ৰতাপৰাও যাধৱে বিগত দশকত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উল্লেখযোগ্য যাত্ৰাৰ  বিষয়ত  আলোকপাত  কৰে। মন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ  আহ্বানৰ পিছত যেতিয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনত ২১ জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে গ্ৰহণ কৰিছিল তেতিয়াই ভাৰতৰ পৰম্পৰাগত জ্ঞানৰ সৈতে  শিপাই থকা  বিশ্বজোৰা সুস্থতাৰ এক  আন্দোলনৰ আৰম্ভণি হৈছিল।”

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে আইডিৱাই পৰম উৎসাহ-উদ্দীপনাৰে উদযাপন কৰি অহা  হৈছে। তেওঁ কয় , “নতুন দিল্লীত অভিলেখ সৃষ্টি কৰা প্ৰথমটো অনুষ্ঠানৰ পৰা আৰম্ভ কৰি মহীশূৰ, নিউয়ৰ্ক আৰু শ্ৰীনগৰত অনুষ্ঠিত হোৱা  ঐতিহাসিক উদযাপনলৈকে আইডিৱাইৰ প্ৰতিটো সংস্কৰণে  মানুহক স্বাস্থ্য, সম্প্ৰীতি আৰু শান্তিৰ ভাবনাৰে একত্ৰিত কৰিবলৈ সক্ষম হৈছে।”

 

চলিত বৰ্ষৰ   আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  প্ৰসংগত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ইয়াক এক মাইলৰ খুঁটি হিচাবে অভিহিত কৰে। তেওঁ কয়  “আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১১ সংখ্যক বছৰত প্ৰৱেশ কৰাৰ লগে লগে আইডিৱাই ২০২৫ কেৱল এটা  অনুষ্ঠান হৈ থকা নাই,  —এয়া আমাৰ প্ৰচেষ্টাক সম্প্ৰসাৰিত কৰাৰ বাবে আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজতে  যোগৰ প্ৰসাৰ আৰু অধিক  গভীৰ কৰি তোলাৰ  অৰ্থে এক সামূহিক আহ্বান হিচাবে পৰিগণিত হৈছে।” তেওঁ লগতে কয়   ‘এক পৃথিৱী,  এক স্বাস্থ্যৰ বাবে যোগাসন’ শীৰ্ষক বিষয়বস্তুৱে  ভাৰতে জি-২০ শীৰ্ষ সন্মিলনত সভাপতিত্ব কৰাৰ  সময়ত উপস্থাপন কৰা বিশ্বজনীন  স্বাস্থ্যসম্পৰ্কীয়  দৃষ্টিভংগীকেই পুনৰবাৰ প্ৰতিফলিত কৰিছে।  এই বিষয়বস্তুৱে  ভাৰতীয় সভ্যতাৰ  সৈতে বিজড়িত   ‘সৰ্বে সন্তু নিৰাময়’, অৰ্থাৎ—“সকলোৱে ৰোগমুক্ত হওক” কথাষাৰকো প্ৰতিফলিত কৰিছে।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ২০২৫ চনৰ ২১ জুনত  অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচ লাখতকৈ অধিক অংশগ্ৰহণকাৰীৰ সৈতে কমন যোগ প্ৰট’কল (চি ৱাই পি) অধিৱেশনৰ নেতৃত্ব দিব। একে সময়তে সমগ্ৰ দেশৰ এক লাখৰো অধিক স্থানত ‘যোগ সংগম’ অধিৱেশন অনুষ্ঠিত হ’ব। ফলত  এনে অনুষ্ঠানসমূহ ইতিহাসৰ অন্যতম বৃহৎ সমন্বিত যোগ প্ৰদৰ্শনৰ অনুষ্ঠান হিচাবে চিহ্নিত হৈ ৰ'ব।

 

মন্ত্ৰীগৰাকীয়ে “যোগান্ধ্ৰ” অভিযান আৰম্ভ কৰাৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰ আৰু  ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৰ শলাগ লয়। “যোগান্ধ্ৰ” অভিযানে  ৰাজ্যখনত  ১০ লাখ নিয়মীয়া যোগাসনকাৰীৰ এক সম্প্ৰদায় সৃষ্টি  কৰাৰ  অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে।

মন্ত্ৰীগৰাকীয়ে  লগতে  এই বিষয়ত আলোকপাত কৰে যে আইডিৱাই ২০২৫ উপলক্ষ্যে  ১০০ দিনত  দহটা বিস্তৃত চিগনেচাৰ ইভেণ্ট অনুষ্ঠিত হ’ব।  এনে চিগনেচাৰ ইভেণ্টসমূহৰ আৰ্হি   সমাজৰ বিভিন্ন অংশৰ  লোকক উপকৃত কৰিব পৰাকৈ  আৰু যোগক এক সামগ্ৰিক জীৱনশৈলী হিচাপে প্ৰচাৰ কৰিব পৰাকৈ  প্ৰস্তুত কৰা হৈছে । এই অনুষ্ঠানসমূহে—যোগ সমাৱেশৰ  পৰা আৰম্ভ কৰি  যোগৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে যোগ  বন্ধনলৈকে সকলো দিশ সামৰি লৈছে আৰু এনেদৰে যোগক  জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ চৰকাৰে গ্ৰহণ কৰা কৌশলগত দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰিছে। ।

 

মন্ত্ৰীগৰাকীয়ে লগতে  উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ  মূল কাৰ্যসূচীৰ  পূৰ্বে  দিল্লী, ভুৱনেশ্বৰ, নাচিক আৰু পুডুচেৰীত  ক্ৰমে ১০০ দিন, ৭৫ দিন, ৫০ দিন আৰু ২৫ দিনীয়াকৈ  অনুষ্ঠিত কৰা  কাউণ্টডাউন অনুষ্ঠানসমূহে যোগৰ প্ৰতি জনসাধাৰণৰ উৎসাহী সঁহাৰিৰ কথাই প্ৰতিফলিত কৰিছে। 

সংবাদ মাধ্যমৰ সন্মুখত শ্ৰীযুত যাধৱে কয় , "যোগ কেৱল নিৰ্দিষ্ট ভংগীমা আৰু উশাহ-নিশাহৰ অভ্যাস নহয়—এয়া জীৱনৰ এক পদ্ধতি। আপোনালোকৰ সহযোগত আমি আইডিৱাই ২০২৫ক এক  উল্লেখনীয় অনুষ্ঠান  হিচাপে গঢ়ি তোলাৰ লক্ষ্য  স্থিৰ কৰিছো। যিয়ে লাখ লাখ লোকক যোগাসনক তেওঁলোকৰ দৈনন্দিন ৰুটিনত একত্ৰিত কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু এখন সুস্থ, সুখী তথা ঐক্যবদ্ধ সমাজ গঢ়ি তোলাত সহায় কৰিব ।"

 

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস , ২০২৫ত বিশ্বব্যাপী অংশগ্ৰহণৰ বিষয়ত তথ্য প্ৰকাশ কৰি আয়ুষ  মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই কয়  যে আইডিৱাই ২০২৫ৰ পূৰ্বে ইতিমধ্যে ৬০খনতকৈও অধিক দেশে কাৰ্যসূচী আৰম্ভ কৰিছে।

 

সংবাদমেলত আয়ুষ মন্ত্ৰালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া (আইডিৱাই সমন্বয়) শ্ৰী পি.এন. ৰঞ্জিত কুমাৰে আইডিৱাই ২০২৫ৰ পৰিসৰ, দৃষ্টিভংগী আৰু কৌশলৰ বিশদ বিৱৰণ  দাঙি ধৰি  এক বিস্তৃত উপস্থাপন আগবঢ়ায় । তেওঁ আইডিৱাই আন্দোলনৰ দশকীয় যাত্ৰাৰ বিষয়ে  আলোকপাত কৰি , ১০ টা চিগনেছাৰ ইভেণ্টৰ বিষয়ে  উল্লেখ কৰে। ৰাজ্য চৰকাৰ, নাগৰিক সমাজ আৰু আন্তৰ্জাতিক অংশীদাৰসকলৰ সৈতে গঢ়ি উঠা সহযোগিতামূলক  অংশীদাৰিত্বৰ বিষয়তো তেওঁ   আলোকপাত কৰে। 

আয়ুষ  মন্ত্ৰালয়ে ডিজিটেল সঁজুলি, তৃণমূল পৰ্যায়ত সজাগতা আৰু বিশ্বজোৰা  অংশীদাৰিত্বৰে  কিদৰে  ‘এক পৃথিৱী,  এক স্বাস্থ্যৰ বাবে যোগাসন’ ৰ বার্তাক সম্প্ৰসাৰিত কৰিছে সেই বিষয়েও সংবাদমেলত উল্লেখ কৰা হয়।  আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস , ২০২৫ কেৱল এক  ৰাষ্ট্ৰীয় উদযাপনেই  নহয়, ই এতিয়া এক বিশ্বজনীন স্বাস্থ্য  আন্দোলনৰ  ৰূপ গ্ৰহণ কৰিছে। 

 

MV/AKS/DM


(Release ID: 2136342)