গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে নক্সাল-বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিষয়াসকলৰে নতুন দিল্লীত মিলিত হৈ ঐতিহাসিক সফলতাৰ বাবে অভিনন্দন জনায়

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই অভিযানক সফল কৰা সাহসী জোৱানসকলক লগ কৰিবলৈ আগ্ৰহ প্ৰকাশেৰে কয় যে তেওঁ অতি সোনকালে ছত্তীশগড়লৈ গৈ তেওঁলোকৰ সৈতে মিলিত হ’ব

নক্সালবাদৰ ভাবুকিৰ পৰা ভাৰতক মুক্ত কৰিবলৈ মোদী চৰকাৰ সংকল্পবদ্ধ

Posted On: 07 JUN 2025 4:32PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নক্সাল-বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিষয়াসকলৰ সৈতে নতুন দিল্লীত মিলিত হৈ এই অভিযানসমূহৰ ঐতিহাসিক সফলতাৰ বাবে তেওঁলোকক অভিনন্দন জনায়। তেওঁ কয় যে মোদী চৰকাৰ ভাৰতক নক্সালবাদৰ ভাবুকিৰ পৰা মুক্ত কৰিবলৈ সংকল্পবদ্ধ।

এই সন্দৰ্ভত এক্স-ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়, "শেহতীয়া নক্সাল-বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিষয়াসকলৰ সৈতে মিলিত হৈ এই অভিযানসমূহৰ ঐতিহাসিক সফলতাৰ বাবে তেওঁলোকক অভিনন্দন জনালোঁ। এই অভিযানসমূহক সাফল্যমণ্ডিত কৰি তোলা সাহসী জোৱানসকলক লগ কৰিবলৈ মই আগ্ৰহী হৈ উঠিছোঁ আৰু তেওঁলোকৰ সৈতে মিলিত হ’বলৈ অতি সোনকালেই মই ছত্তীশগড়লৈ যাম। মোদী চৰকাৰ ভাৰতক নক্সালবাদৰ ভাবুকিৰ পৰা মুক্ত কৰিবলৈ সংকল্পবদ্ধ।"

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীজনৰ নিৰ্দেশনাত নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়ত নক্সাল-বিৰোধী অভিযান হাতত লৈ আহিছে। এই প্ৰচেষ্টাৰাজিৰ অংশ হিচাপে ১৮-০৫-২০২৫ৰ পৰা ২১-০৫-২০২৫ লৈকে আবুঝমাদৰ ভিতৰুৱা অঞ্চলত ছত্তীশগড় আৰক্ষীয়ে (নাৰায়ণপুৰ, দান্তেৱাড়া, কোণ্ডাগাঁও আৰু বিজাপুৰ জিলাৰ ডিআৰজি ইউনিটকে প্ৰমুখ্য কৰি) এক অভিযান হাতত লৈছিল। ২১-০৫-২০২৫ ত বটেৰ গাঁৱৰ বনাঞ্চলত চলোৱা এনকাউন্টাৰত চিপিআই (মাওবাদী)ৰ সাধাৰণ সম্পাদক তথা পলিট ব্যুৰ’ৰ সদস্য বাসৱৰাজু ওৰফে গগন্নাকে প্ৰমুখ্য কৰি ২৭ টা নক্সালবাদীক নিধন হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হয়।

IMG_5101.JPG

এই অভিযানত জড়িত বিষয়াসকল যথাঃ ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী অৰুণ দেৱ গৌতম, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এন্টি-নক্সাল অপাৰেচন/এছআইবি/এছটিএফ) শ্ৰী বিবেকানন্দ, আৰক্ষী মহাপৰিদৰ্শক (বাস্তৰ ৰেঞ্জ) শ্ৰী সুন্দৰৰাজ, আৰক্ষী অধীক্ষক (নাৰায়ণপুৰ) শ্ৰী প্ৰভাত কুমাৰ, আৰক্ষী অধীক্ষক (বিজাপুৰ) শ্ৰী জিতেন্দ্ৰ যাদৱ আৰু আৰক্ষী অধীক্ষক (নক্সাল-মুক্ত বাস্তৰ জিলা) শ্ৰী শলাভ সিঙক কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেৱ সাই, উপ-মুখ্যমন্ত্ৰী শ্ৰী বিজয় কুমাৰ শৰ্মা, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, ইন্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালক শ্ৰী তপন ডেকাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে।

IMG_5113.JPG

IMG_5115.JPG

IMG_5109.JPG

*****

 

RK/VV/PR/PS/SB


(Release ID: 2134907)