প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জম্মু-কাশ্মীৰত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
বিশ্বৰ সৰ্বোচ্চ ধেনুভিৰীয়া ৰে’লৱে দলং-চেনাব সেতু আৰু ভাৰতৰ প্ৰথমখন কেবলযুক্ত ৰে’ল দলং-অঞ্জী সেতু উদ্বোধন প্ৰধানমন্ত্ৰীৰ
বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰআজিৰএই উদ্বোধন জম্মু-কাশ্মীৰৰ উন্নয়ন যাত্ৰাৰ এক সন্ধিক্ষণঃ প্ৰধানমন্ত্ৰী
আমি সদায়ে মা ভাৰতীক গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰি আহিছোঁ, 'কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ "বুলি কৈ, আজি আমাৰ ৰে'লৱে নেটৱৰ্কতো এইটো বাস্তৱত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্ৰকল্প হৈছে এক নতুন, শক্তিশালী জম্মু আৰু কাশ্মীৰৰ প্ৰতীক আৰু ভাৰতৰ বৰ্ধিত শক্তিৰ এক দৃঢ় ঘোষণাঃ প্ৰধানমন্ত্ৰী
চেনাব আৰু অঞ্জী সেতুৱে জম্মু-কাশ্মীৰৰ সমৃদ্ধিৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিবঃ প্ৰধানমন্ত্ৰী
জম্মু-কাশ্মীৰ হৈছে ভাৰতৰ মুকুটৰ ৰত্নঃ প্ৰধানমন্ত্ৰী
ভাৰতে সন্ত্ৰাসবাদৰ ওচৰত নতিস্বীকাৰ নকৰে, জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে এতিয়া সন্ত্ৰাসবাদক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ স্থিৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
পাকিস্তানেযেতিয়াই অপাৰেচন সিন্দূৰৰ নামটো শুনিব,ই দেশখনক লজ্জাজনক পৰাজয়ৰ কথা মনত পেলাই দিবঃ প্ৰধানমন্ত্ৰী
Posted On:
06 JUN 2025 3:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ কাটৰাত ৪৬,০০০কোটি টকাতকৈও অধিক ব্যয়ৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সাহসী বীৰ জোৰাৱাৰ সিঙৰ ভূমিক অভিবাদন জনাই তেওঁ মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো ভাৰতৰ একতা আৰু সংকল্পৰ এক বিশাল উদযাপন। শ্ৰী মোদীয়ে কয় যে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত কাশ্মীৰ উপত্যকা এতিয়া ভাৰতৰ বিশাল ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে। উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্ৰকল্প কেৱল এটা নাম নহয়, জম্মু-কাশ্মীৰৰ নতুন শক্তিৰ প্ৰতীক আৰু ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়," আমি সদায়ে মা ভাৰতীক 'কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ'বুলি গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰি আহিছোঁআজি আমাৰ ৰে’ল নেটৱৰ্কতো ই বাস্তৱত পৰিণত হৈছে।
অঞ্চলটোত ৰে’ল আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি, তেওঁ চেনাব আৰু অঞ্জী ৰে’ল দলং উদ্বোধন কৰে আৰু জম্মু-কাশ্মীৰৰ ভিতৰত সংযোগ বৃদ্ধি কৰা বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰিশ্ৰী মোদীয়ে অঞ্চলটোত স্বাস্থ্যসেৱা সুবিধাসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিক শক্তিশালীকৰি জম্মুত এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰেআৰু কয় যে ৪৬,০০০কোটি টকাৰ প্ৰকল্পই জম্মু-কাশ্মীৰৰ উন্নয়ন ত্বৰান্বিত কৰিব, প্ৰগতি আৰু সমৃদ্ধি ত্বৰান্বিত কৰিব। প্ৰধানমন্ত্ৰীয়ে বিকাশ আৰু পৰিৱৰ্তনৰ এই নতুন যুগত জনসাধাৰণক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
জম্মু-কাশ্মীৰৰ কেইবাটাও প্ৰজন্মই দীৰ্ঘদিন ধৰি ৰে’ল সংযোগৰ সপোন দেখিছিল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি সেই সপোন বাস্তৱত পৰিণত হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ শেহতীয়া এক বিবৃতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সপ্তম বা অষ্টম শ্ৰেণীৰ ছাত্ৰ হিচাপেও শ্ৰী আব্দুল্লাই এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আশা কৰিছিল। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই দীৰ্ঘদিনীয়া আকাংক্ষাৰ পূৰ্ণতাই জম্মু-কাশ্মীৰৰ লাখ লাখ লোকৰ বাবে এক ঐতিহাসিক মুহূৰ্ত চিহ্নিত কৰে, যিয়ে সংযোগ আৰু প্ৰগতি বৃদ্ধিৰ পথ মুকলি কৰিলে।
এই অভিলাষী ৰে’ল প্ৰকল্পটোৱে তেওঁৰকাৰ্যকালত গতি লাভ কৰা আৰু এতিয়া সফলতাৰে সম্পূৰ্ণ হোৱাটো তেওঁলোকৰ চৰকাৰৰ বাবে এক সৌভাগ্য বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কঠিন ভূখণ্ড, প্ৰতিকূল বতৰৰ পৰিস্থিতি আৰু পৰ্বতত শিল পৰি যোৱাৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বিষয়ে উল্লেখ কৰে, যাৰ ফলত প্ৰকল্পটো অত্যন্ত কঠিন আৰু প্ৰত্যাহ্বানপূৰ্ণ হৈছিল। অৱশ্যে, তেওঁ মন্তব্য কৰে যে তেওঁৰ চৰকাৰে ধাৰাবাহিকভাৱে প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ আৰু সংকল্পৰে সেইবোৰ অতিক্ৰম কৰিবলৈ বাছি লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জম্মু আৰু কাশ্মীৰত সকলো বতৰতেচলি থকা অসংখ্যআন্তঃগাঁথনি প্ৰকল্পই এই প্ৰতিশ্ৰুতিৰ উদাহৰণ।তেওঁ শেহতীয়াকৈ মুকলি কৰা সোনমাৰ্গ সুৰংগ আৰু চেনাব দলং আৰু অঞ্জী দলঙৰ ওপৰেৰে ভ্ৰমণ কৰা তেওঁৰ অভিজ্ঞতাক স্মৰণীয় মাইলৰ খুঁটি হিচাপে উল্লেখ কৰে। শ্ৰী মোদীয়ে ভাৰতৰ অভিযন্তা আৰু শ্ৰমিকসকলৰ অভিযান্ত্ৰিক প্ৰতিভা আৰু অতুলনীয় সমৰ্পণৰ প্ৰশংসা কৰি কয় যে বিশ্বৰ আটাইতকৈ ওখ ধেনুভিৰীয়া ৰে’ল সেতু চেনাব দলং ভাৰতৰ উচ্চাকাংক্ষাৰ প্ৰমাণ হিচাপে থিয় দিছে। তেওঁ মন্তব্য কৰে যে যেতিয়া মানুহে আইফেল টাৱাৰ চাবলৈ পেৰিছলৈ যায় যদিও চেনাব দলংখনে ইয়াক উচ্চতাত অতিক্ৰম কৰিছে আৰুই কেৱল এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সাফল্যই নহয় বৰঞ্চ পৰ্যটকৰ এক নতুন আকৰ্ষণ হৈ পৰিছে।একেদৰে, প্ৰধানমন্ত্ৰীয়ে অঞ্জী দলংখনক অভিযান্ত্ৰিক বিস্ময় হিচাপে বৰ্ণনা কৰে, যি হৈছে ভাৰতৰ প্ৰথম কেবল-সমৰ্থিত ৰে’লসেতু। তেওঁ দৃঢ়তাৰে কয় যে এই গাঁথনিবোৰ কেৱল ষ্টীল আৰু কংক্ৰিট নহয়, বৰঞ্চ ভাৰতৰ শক্তিৰ জীৱন্ত প্ৰতীক, যি দুৰ্গম পীৰ পাঞ্জাল পৰ্বতত থিয় হৈ আছে। শ্ৰী মোদীয়ে ঘোষণা কৰে যে এই সাফল্যই এখন উন্নত ৰাষ্ট্ৰৰ বাবে ভাৰতৰ দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে, যিয়ে প্ৰমাণ কৰে যে ভাৰতৰ প্ৰগতিৰ সপোন যিমানেই বিশাল, সিমানেই ইয়াৰ দৃঢ়তা, সামৰ্থ্য আৰু সংকল্পও। সৰ্বোপৰি, তেওঁ গুৰুত্ব আৰোপ কৰে যে বিশুদ্ধ অভিপ্ৰায় আৰু নিৰন্তৰ সমৰ্পণ হৈছে ভাৰতৰ পৰিৱৰ্তনৰ আঁৰৰ চালিকা শক্তি।
চেনাব দলং আৰু অঞ্জী দলংদুয়োখনেই জম্মু-কাশ্মীৰৰ সমৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এই যুগান্তকাৰী প্ৰকল্পসমূহে কেৱল পৰ্যটন বৃদ্ধি কৰাই নহয়, অৰ্থনীতিৰ বিভিন্ন খণ্ডকো উপকৃত কৰিব, ব্যৱসায় আৰু উদ্যোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব।" তেওঁ উল্লেখ কৰে যে জম্মু-কাশ্মীৰৰ মাজত উন্নত ৰে’ল সংযোগে স্থানীয় উদ্যোগীসকলৰ বাবে নতুন দুৱাৰ মুকলি কৰিব আৰু অৰ্থনৈতিক বিকাশক গতি প্ৰদান কৰিব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কাশ্মীৰৰ আপেল এতিয়া কম খৰচত সমগ্ৰ ভাৰতৰ মুখ্য বজাৰত উপনীত হ’ব, যাৰ ফলত বাণিজ্য অধিক সূচল হৈ পৰিব।তদুপৰি, শুকান ফল আৰু কাশ্মীৰৰ বিখ্যাত পছমিনা শ্বলৰ লগতে অন্যান্য পৰম্পৰাগত হস্তশিল্প এতিয়া দেশৰ প্ৰতিটো কোণলৈ সহজে পৰিবহণ কৰাটো সম্ভৱ হ'ব, যাৰ ফলত অঞ্চলটোৰ কাৰিকৰী উদ্যোগটো শক্তিশালী হ' ব। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উন্নত সংযোগে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে ভ্ৰমণ অধিক সুবিধাজনক কৰি তুলিব, যাৰ ফলত ভাৰতৰ বিভিন্ন প্ৰান্ততলৈ সুগমযাতায়াত সম্ভৱ হ'ব।
শ্ৰী মোদীয়ে সাঙ্গালদানৰ এজন শিক্ষাৰ্থীৰ এক গুৰুত্বপূৰ্ণমন্তব্য উল্লেখ কৰে, যিয়ে কৈছিল যে এতিয়ালৈকে কেৱল যিসকলে তেওঁলোকৰ গাঁৱৰবাহিৰলৈ যাত্ৰা কৰিছে তেওঁলোকেহে বাস্তৱ জীৱনত ৰে’ল দেখিছে। বেছিভাগ গাওঁবাসীয়ে কেৱল ভিডিঅ'ত ৰে'ল দেখিছিল, বিশ্বাস কৰিব পৰা নাছিল যে অতি সোনকালেই তেওঁলোকৰ চকুৰ সন্মুখেৰে এখন প্ৰকৃত ৰে'ল পাৰ হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে বহুতো বাসিন্দাই ইতিমধ্যে ৰে'লৰ সময়সূচী মুখস্থ কৰি আছে, নতুন সংযোগক লৈ উৎসাহিত হৈ আছে। তেওঁ এগৰাকী যুৱতীৰ এটা চিন্তাশীল মন্তব্যৰ ওপৰত আলোকপাত কৰে যিয়ে কৈছিল, এতিয়া বতৰে পথবোৰ খোলা থাকিব নে বন্ধ থাকিব সেইটো নিৰ্ণয় নকৰে।এই নতুন ৰে’ল সেৱাই সকলো ঋতুতে মানুহক সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰাচীন সংস্কৃতি, পৰম্পৰা, আধ্যাত্মিক চেতনা, শ্বাসৰুদ্ধকাৰী দৃশ্যপট, ঔষধি বনৌষধি, সমৃদ্ধিশালী বাগিচা আৰু উজ্জ্বল যুৱ প্ৰতিভাৰ প্ৰশংসা কৰি বৰ্ণনা কৰে যে এই গুণবোৰ ভাৰতৰ মুকুটত মূল্যৱান ৰত্নৰ দৰে জিলিকি আছে। কেইবা দশক ধৰি জম্মু-কাশ্মীৰ ভ্ৰমণ কৰাৰ পিছতপ্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সম্ভাৱনাৰ বিষয়ে তেওঁৰ গভীৰ বোধগম্যতাৰ কথা দৃঢ়তাৰে উল্লেখ কৰে আৰু জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ সমৃদ্ধি নিশ্চিত কৰি ইয়াৰ নিৰন্তৰ উন্নয়ন আৰু উত্থানৰ প্ৰতি তেওঁৰ সমৰ্পণৰ কথা পুনৰ দোহাৰে।
"জম্মু-কাশ্মীৰ দীৰ্ঘদিন ধৰি ভাৰতৰ শিক্ষা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক স্তম্ভ হৈ আহিছে", প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। তেওঁ লগতে কয় যে ভাৰতে নিজকে বিশ্বৰ জ্ঞানৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগে লগে এই পৰিৱৰ্তনত জম্মু-কাশ্মীৰৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে জম্মু আৰু শ্ৰীনগৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ লগতে আই আই টি, আই আই এম, এইমছ আৰু এন আই টিৰ দৰে প্ৰধান প্ৰতিষ্ঠানসমূহৰ উপস্থিতিৰ কথা উল্লেখ কৰি অঞ্চলটোত শৈক্ষিক উৎকৃষ্টতা শক্তিশালী কৰাৰ কথা উল্লেখ কৰে। তেওঁ গৱেষণা পৰিৱেশতন্ত্ৰৰ সম্প্ৰসাৰণ, উদ্ভাৱন আৰু শিক্ষণৰ সুযোগ অধিক বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে শেহতীয়া বছৰবোৰত দুখন ৰাজ্যিক পৰ্যায়ৰ কৰ্কট প্ৰতিষ্ঠান স্থাপন কৰি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধন কৰা হৈছে। যোৱা পাঁচ বছৰত সাতখন নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে, যি ৰোগী আৰু উচ্চাকাংক্ষী চিকিৎসা শিক্ষাৰ্থী উভয়কে যথেষ্ট উপকৃত কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জম্মু-কাশ্মীৰত এমবিবিএছৰ আসন ৫০০ৰ পৰা ১,৩০০লৈ বৃদ্ধি পাইছে, যাৰ ফলত চিকিৎসা শিক্ষাৰ অধিক সুবিধা সুনিশ্চিত হৈছে। ইয়াৰ উপৰি, ৰিয়াচি জিলাখনে অঞ্চলটোৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰি এখন নতুন চিকিৎসা মহাবিদ্যালয় লাভ কৰিবলৈ সাজু হৈছে।
প্ৰধানমন্ত্ৰীয়ে শ্ৰী মাতা বৈষ্ণো দেৱী চিকিৎসা উৎকৃষ্টতা প্ৰতিষ্ঠানৰ প্ৰশংসা কৰি ইয়াক কেৱল এখন আধুনিক চিকিৎসালয় নহয়, বৰঞ্চ ভাৰতৰ মানৱসেৱাৰ সমৃদ্ধ পৰম্পৰাৰ এক প্ৰতীক বুলি বৰ্ণনা কৰে। তেওঁ লগতে সমগ্ৰ ভাৰতৰ ভক্তসকলৰ অৱদানক প্ৰশংসা কৰে, যাৰ দানে প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। শ্ৰী মোদীয়ে শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰ পৰিষদক এই মহান সমৰ্পিত প্ৰচেষ্টাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে ঘোষণা কৰে যে চিকিৎসালয়খনৰ সামৰ্থ্য ৩০০ৰ পৰা ৫০০খন বিচনালৈ বৃদ্ধি কৰা হ'ব, যাৰ ফলত চিকিৎসা সেৱা অধিক উন্নত হ'ব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বিকাশে কাটৰাত মাতা বৈষ্ণো দেৱী ভ্ৰমণ কৰা ভক্তসকলক অধিক সুবিধা প্ৰদান কৰিব।
তেওঁৰ চৰকাৰে কাৰ্যকাল ১১বছৰ সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰি, এই সময়ছোৱা দৰিদ্ৰ লোকসকলৰ উত্থান আৰু নাগৰিকসকলৰ সবলীকৰণৰ বাবে উৎসৰ্গিত কৰিপ্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কল্যাণমূলক পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে লাখ লাখ লোকৰ জীৱন সলনি কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা উল্লেখ কৰে, যিয়ে পকা ঘৰ প্ৰদান কৰি ৪কোটি দৰিদ্ৰ পৰিয়ালৰ সপোন পূৰণ কৰিছে। উজ্জ্বলা যোজনা, যিয়ে ১০কোটি পৰিয়ালৰ ধোঁৱা আঁতৰ কৰাত সহায় কৰিছে, মহিলা আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত কৰিছে।
আয়ুষ্মান ভাৰত, যি ৫০কোটি বঞ্চিত নাগৰিকক ৫লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰিবলৈ সক্ষম কৰিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাই খাদ্য সুৰক্ষা নিশ্চিত কৰিছে, প্ৰতি সাজতপৰ্যাপ্ত পুষ্টিৰ যোগান ধৰিছে, আনহাতে জন ধন যোজনাই ৫০কোটিৰো অধিক দৰিদ্ৰ লোকৰ বাবে বেংকিং সুবিধা মুকলি কৰি তেওঁলোকক বিত্তীয় ব্যৱস্থালৈ অনাৰ ক্ষেত্ৰত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে তদুপৰি অন্ধকাৰত বাস কৰা ২.৫০কোটি পৰিয়ালক বিদ্যুৎ সেৱা প্ৰদান কৰা সৌভাগ্য যোজনা আৰু স্বচ্ছ ভাৰত মিছনৰ কথা উল্লেখ কৰে, যাৰ অধীনত ১২কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে, যিয়ে মুকলিত শৌচৰ প্ৰত্যাহ্বান আঁতৰ কৰিছে। তেওঁ লগতে কয় যে জল জীৱন অভিযানে ১২কোটি পৰিয়ালক নল যোগে পানী প্ৰদান কৰি মহিলাসকলৰ ওপৰত বোজা হ্ৰাস কৰিছে, আনহাতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিয়ে ১০কোটি ক্ষুদ্ৰ কৃষকক প্ৰত্যক্ষ বিত্তীয় সহায় প্ৰদান কৰি গ্ৰাম্য ভাৰতক শক্তিশালী কৰিছে।
শ্ৰী মোদীয়ে কয় যে যোৱা ১১বছৰত ২৫কোটিৰো অধিক লোকে সফলতাৰে দৰিদ্ৰতা অতিক্ৰম কৰি নব্য-মধ্যবিত্ত শ্ৰেণীলৈ পৰিৱৰ্তন কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে মূল সংস্কাৰৰ জৰিয়তে অৰ্থনৈতিক আৰু সামাজিক নিৰাপত্তা নিশ্চিত কৰি দৰিদ্ৰ আৰু উদীয়মান মধ্যবিত্ত শ্ৰেণী দুয়োকে শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰীয়ে ৱান ৰেংক, ৱান পেন্সন, ১২লাখ টকালৈকে দৰমহাৰ ওপৰত কৰ ৰেহাই, ঘৰ ক্ৰেতাৰ বাবে বিত্তীয় সহায়, আৰু সুলভ বিমান ভ্ৰমণৰ বাবে সহায়ৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰি নিশ্চিত কৰে যে চৰকাৰে জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু সকলোৰে বাবে প্ৰগতিৰ পথ প্ৰশস্ত কৰিছে। তেওঁ লগতে কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ চৰকাৰে সৎ, কৰ পৰিশোধ কৰা মধ্যবিত্ত শ্ৰেণীৰ বাবে কাম কৰিছে।
তেওঁলোকৰ চৰকাৰে যুৱক-যুৱতীসকলৰ বাবে ধাৰাবাহিকভাৱে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, পৰ্যটন অৰ্থনৈতিক বিকাশ আৰু সংযোগৰ এক গুৰুত্বপূৰ্ণ চালক হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে পৰ্যটনে কেৱল কৰ্মসংস্থাপন সৃষ্টি কৰাই নহয়, জনসাধাৰণৰ মাজত একতাও গঢ়ি তোলে। এই প্ৰগতি ব্যাহত কৰাৰ বাবে পাকিস্তানৰ বাৰে বাৰে কৰা প্ৰচেষ্টাক গৰিহণা দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ই মানৱতা, সামাজিক সম্প্ৰীতি আৰু অৰ্থনৈতিক সমৃদ্ধিৰ বিৰুদ্ধে থিয় দিয়ে। পেহেলগামৰ ২২এপ্ৰিলৰ ঘটনাটোৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে পাকিস্তানে কাশ্মীৰিয়ত আৰু মানৱতা দুয়োৰে ওপৰত আক্ৰমণ কৰিছিল, ভাৰতত হিংসাৰ সৃষ্টি কৰা আৰু কঠোৰ পৰিশ্ৰমী কাশ্মীৰীসকলৰ উপাৰ্জন ব্যাহত কৰাৰ উদ্দেশ্যৰে।
তেওঁ আঙুলিয়াই দিয়ে যে পৰ্যটকৰ ওপৰত এই ইচ্ছাকৃত আক্ৰমণৰ উদ্দেশ্য আছিল জম্মু-কাশ্মীৰৰ সমৃদ্ধিশালী পৰ্যটন উদ্যোগক ধ্বংস কৰা, য'ত যোৱা কেইবছৰমানৰ ভিতৰত অভিলেখ সংখ্যক পৰ্যটকৰ সংখ্যা দেখা গৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে পাকিস্তানৰ বিদ্বেষপূৰ্ণ অভিপ্ৰায়ে ঘোঁৰা চালক, কুলি, পথ প্ৰদৰ্শক, অতিথিশালাৰ মালিক আৰু দোকানীকে ধৰি স্থানীয় শ্ৰমিকসকলক পোনপটীয়াকৈ প্ৰভাৱিত কৰিছিল, যাৰ লক্ষ্য আছিল তেওঁলোকৰ জীৱিকা ধ্বংস কৰা। তেওঁ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে থিয় দিয়া যুৱ আদিলৰ সাহসক প্ৰশংসা কৰে, কিন্তু সৎ শ্ৰমৰ জৰিয়তে তেওঁৰ পৰিয়ালক সমৰ্থন কৰিবলৈ চেষ্টা কৰোঁতে দুখজনকভাৱে তেওঁৰ প্ৰাণ হেৰুৱাইছিল। শ্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে, যাতে সন্ত্ৰাসবাদ কেতিয়াও অঞ্চলটোৰ প্ৰগতি বন্ধ কৰাত সফল নহয়।
তেওঁলোকৰ দৃঢ় স্থিতিয়ে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ মন্তব্য কৰে যে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে এতিয়া সন্ত্ৰাসবাদৰ মুখামুখি হ’বলৈ সংকল্পবদ্ধ। শ্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ ধ্বংসাত্মক প্ৰভাৱক গৰিহণা দিয়ে, ই কেনেদৰে বিদ্যালয়সমূহ জ্বলাইছিল, চিকিৎসালয়সমূহ ধ্বংস কৰিছিল আৰু উপত্যকাৰ প্ৰজন্মসমূহক বিধ্বস্ত কৰিছিল সেই বিষয়ে স্মৰণ কৰে। তেওঁ উল্লেখ কৰে যে সন্ত্ৰাসবাদআনকি মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল, যিয়ে জনসাধাৰণক তেওঁলোকৰ প্ৰতিনিধি বাছনি কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে প্ৰদৰ্শন কৰা শক্তি আৰু সংকল্পই এক পৰিৱৰ্তন চিহ্নিত কৰে, যি শান্তি, প্ৰগতি আৰু এক উজ্জ্বল ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক ইংগিত দিয়ে।
শ্ৰী মোদীয়ে কয় যে বহু বছৰ ধৰি জম্মু আৰু কাশ্মীৰে সন্ত্ৰাসবাদ সহ্য কৰিছিল, যাৰ ফলত বহুতে তেওঁলোকৰ সপোন ত্যাগ কৰিছিল আৰু হিংসাক তেওঁলোকৰ ভাগ্য হিচাপে গ্ৰহণ কৰিছিল। অৱশ্যে, তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে এই বাস্তৱতাক সলনি কৰিছে, জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলক পুনৰ সপোন চাবলৈ সক্ষম কৰিছে-আৰু সেই সপোনবোৰ পূৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ব্যক্ত কৰে যে কাশ্মীৰৰ যুৱক-যুৱতীসকলে এতিয়া ব্যস্ততাপূৰ্ণ বজাৰ, শ্বপিং মল আৰু সমৃদ্ধিশালী চিনেমা হল দেখি আনন্দ লাভ কৰে। তেওঁ উল্লেখ কৰে যে স্থানীয় লোকসকলে জম্মু আৰু কাশ্মীৰক চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে এক প্ৰধান গন্তব্যস্থান হিচাপে পুনৰুজ্জীৱিত কৰিবলৈ আৰু ইয়াক ক্ৰীড়াৰ কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ বিচাৰে। শ্ৰী মোদীয়ে মাতা খীৰ ভৱানী মেলাৰ উদ্ধৃতি দিয়ে, যিয়ে জম্মু-কাশ্মীৰৰ নতুন, আশাবাদী চেহেৰাক প্ৰতিফলিত কৰি হাজাৰ হাজাৰ ভক্ত সমবেত হৈছিল।তেওঁ আগন্তুক অমৰনাথ যাত্ৰাক কেন্দ্ৰ কৰি হোৱা আনন্দ আৰু ঈদৰ উৎসৱৰ মনোভাৱৰ ওপৰতো আলোকপাত কৰে যিয়ে অঞ্চলটোৰ দৃঢ়তা আৰু প্ৰগতি প্ৰদৰ্শন কৰে। পেহেলগাম আক্ৰমণত জম্মু-কাশ্মীৰৰ উন্নয়নৰ গতি বিচলিত নহ'ব বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আশ্বাস দিয়ে যে অঞ্চলটোৰ বিকাশত কোনো বাধা নাথাকিব আৰু ঘোষণা কৰে যে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ সপোনক ভাবুকি দিয়া যিকোনো বাধাৰ সন্মুখীন হ' ব লাগিব।ঠিক এক মাহ পূৰ্বে, আজিৰ নিশাতে ভাৰতে অপাৰেচন সিন্দূৰ কাৰ্য্যকৰী কৰি পাকিস্তানস্থিত সন্ত্ৰাসবাদীক এক নিৰ্ণায়ক আঘাত কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "যেতিয়াই পাকিস্তানে অপাৰেচন সিন্দূৰৰ নাম শুনিব, তেতিয়াই নিজৰ ইয়াৰ অপমানজনক পৰাজয়ৰ কথা মনত পৰিব।"তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে পাকিস্তানৰ সামৰিক আৰু সন্ত্ৰাসবাদী নেটৱৰ্কে ভাৰতৰ সাহসী পদক্ষেপ কেতিয়াও অনুমান কৰা নাছিল, আৰু কেইমিনিটমানৰ ভিতৰতে তেওঁলোকে কেইবা দশক ধৰি নিৰ্মাণ কৰা সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংসস্তূত পৰিণত হৈছিল।জম্মু, পুঞ্চ আৰু অন্যান্য জিলাত নিৰীহ নাগৰিকক লক্ষ্য কৰি লোৱাটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে পাকিস্তান হতাশ হৈ পৰিছে। তেওঁ পাকিস্তানৰ নিষ্ঠুৰ আক্ৰমণক নিন্দা কৰি আঙুলিয়াই দিয়ে যে বিশ্বই দেখিছে কেনেকৈ ই ঘৰ ধ্বংস কৰিছিল, বিদ্যালয় আৰু চিকিৎসালয়ত বোমা বিস্ফোৰণ ঘটাইছিলআৰু মন্দিৰ, মছজিদ আৰু গুৰুদ্বাৰাত গোলা বর্ষণ কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ দৃঢ়তাক প্ৰশংসা কৰি কয় যে পাকিস্তানৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ই দেখিছে। তেওঁ প্ৰতিজন নাগৰিকে আক্ৰান্ত পৰিয়ালৰ কাষত সম্পূৰ্ণ শক্তিৰে থিয় দি অবিচল সমৰ্থন আৰু সংহতি নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে সীমান্তৰ গুলীবৰ্ষণৰ ফলত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহে ইতিমধ্যে চৰকাৰী সহায়ৰ বাবে নিযুক্তি পত্ৰ লাভ কৰিছে। গোলাবৰ্ষণত ক্ষতিগ্ৰস্ত ২০০০ৰো অধিক পৰিয়ালে সন্মুখীন হোৱা কষ্টক স্বীকাৰ কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ কষ্ট হৈছে দেশৰ কষ্ট। তেওঁ কয় যে পূৰ্বতে ঘৰ মেৰামতিৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল, যাৰ ফলত ক্ষতিগ্ৰস্তসকলৰ বাবে সাহায্য নিশ্চিত কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে এতিয়া এই সমৰ্থন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অধিক সহায় আগবঢ়োৱা হৈছে।প্ৰধানমন্ত্ৰীয়ে সীমান্তৰ গোলা বর্ষণৰ ফলত ঘৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে অতিৰিক্ত বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে। তেওঁ কয় যে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰে এতিয়া ২লাখ টকা লাভ কৰিব, আনহাতে আংশিকভাৱে ক্ষতিগ্ৰস্ত ঘৰবোৰক ইতিমধ্যে প্ৰদান কৰা সমৰ্থনৰ বাহিৰে অতিৰিক্ত সাহায্য হিচাপে ১ লাখ টকা প্ৰদান কৰা হ'ব। শ্ৰী মোদীয়ে প্ৰভাৱিত পৰিয়ালসমূহৰ সৈতে থিয় দিয়া, নিৰন্তৰ সাহায্য নিশ্চিত কৰা আৰু তেওঁলোকক তেওঁলোকৰ ঘৰ আৰু জীৱন পুনৰ নিৰ্মাণত সহায় কৰাৰ বাবে তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
"চৰকাৰে সীমান্তৰ বাসিন্দাসকলক দেশৰ ফ্ৰণ্টলাইন ৰক্ষক হিচাপে স্বীকৃতি দিয়ে", প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। তেওঁ কয় যে যোৱা দশকত সীমান্ত জিলাৰ উন্নয়ন আৰু নিৰাপত্তা শক্তিশালী কৰাৰ বাবে অভূতপূৰ্ব প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে প্ৰায় ১০,০০০নতুন বাঙ্কাৰ নিৰ্মাণ কৰা হৈছে, যিয়ে অপাৰেচন সিন্দূৰৰ পৰৱৰ্তী সময়ত জীৱন সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰ বিভাগৰ বাবে দুখন নতুন সীমান্ত বেটেলিয়ন গঠনৰ কথা ঘোষণা কৰে, যাৰ ফলত অঞ্চলটোত নিৰাপত্তা অভিযান আৰু বৃদ্ধি পায়। ইয়াৰ উপৰিতেওঁ কয় যে দুটা সমৰ্পিত মহিলা বেটেলিয়নো সফলতাৰে স্থাপন কৰা হৈছে, যিয়ে প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰে আৰু সশস্ত্ৰ বাহিনীত মহিলাসকলৰ সবলীকৰণ কৰে।
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত, বিশেষকৈ প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত হোৱা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে সংযোগ আৰু নিৰাপত্তা উন্নত কৰিবলৈ শ শ কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ কয় যে কাঠুৱা-জম্মু ঘাইপথটো ছয় লেনৰ এক্সপ্ৰেছৱেলৈ উন্নীত কৰা হৈছে, আনহাতে সুগম যাত্ৰাৰ সুবিধাৰ বাবে আখনুৰ-পুঞ্চ ঘাইপথটো বহল কৰা হৈছে। ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ অধীনত, সীমান্তৰ গাঁওসমূহত উন্নয়নমূলক পদক্ষেপবোৰ ত্বৰান্বিত কৰা হৈছে, যাৰ ফলত বাসিন্দাসকলৰ বাবে উন্নত জীৱন ধাৰণৰ পৰিস্থিতি আৰু সুযোগ নিশ্চিত কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জম্মু-কাশ্মীৰৰ ৪০০খন গাঁও, য'ত পূৰ্বতে সকলো বতৰৰ সংযোগৰ অভাৱ আছিল, এতিয়া ১,৮০০কিলোমিটাৰ নৱনিৰ্মিত পথৰ সৈতে সংযোগ কৰা হৈছে। তেওঁ ঘোষণা কৰে যে চৰকাৰে এই আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বাবে ৪,২০০কোটি টকাৰো অধিক আৱণ্টন কৰিছে, যাৰ ফলত সীমান্ত অঞ্চলত অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক উন্নয়ন শক্তিশালী হৈছে।
প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলক ভাৰতৰ উৎপাদন বিপ্লৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই এক বিশেষ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে অপাৰেচন সিন্দূৰে আত্মনিৰ্ভৰ ভাৰতৰ শক্তি প্ৰদৰ্শন কৰিছে, আৰু আজি বিশ্বই ভাৰতৰ প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰক স্বীকৃতি দিছে। 'মেক ইন ইণ্ডিয়া’ৰ ওপৰত সশস্ত্ৰ বাহিনীৰ বিশ্বাসক এই সফলতাৰ কৃতিত্ব প্ৰদান কৰি প্ৰতিজন ভাৰতীয়ই এতিয়া তেওঁলোকৰ প্ৰতিশ্ৰুতি অনুসৰণ কৰিব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উৎপাদন খণ্ডক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে এই বছৰৰ বাজেটত ঘোষণা কৰা মিছন মেনুফেক্সাৰিং পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তেওঁ জম্মু-কাশ্মীৰৰ যুৱ উদ্ভাৱক আৰু উদ্যোগীসকলক এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনাই কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক বিকাশৰ বাবে ভাৰতক তেওঁলোকৰ আধুনিক চিন্তাধাৰা, উদ্ভাৱন, ধাৰণা আৰু দক্ষতাৰ প্ৰয়োজন।শ্ৰী মোদীয়ে মন্তব্য কৰে যে যোৱা দশকত ভাৰত এক আগশাৰীৰ প্ৰতিৰক্ষা ৰপ্তানিকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে, আৰু পৰৱৰ্তী লক্ষ্য হৈছে ভাৰতক বিশ্বৰ শীৰ্ষ প্ৰতিৰক্ষা ৰপ্তানিকাৰীৰ ভিতৰত স্থান দিয়া। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে এই লক্ষ্যৰ দিশত যিমানেই দ্ৰুতগতিত আগবাঢ়িব, সিমানেই দেশজুৰি অধিক নিযুক্তিৰ সুযোগ সৃষ্টি হ'ব, যাৰ ফলত লাখ লাখ লোক উপকৃত হ' ব।
প্ৰতিজন ভাৰতীয়ক ভাৰতত নিৰ্মিত সামগ্ৰীসমূহক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈ আহ্বান জনাই শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে এই সামগ্ৰীসমূহ দেশৰ নাগৰিকসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰকৃত প্ৰতিফলন। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতীয় নিৰ্মিত সামগ্ৰীসমূহ বাছনি কৰাটোৱেই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত সেৱা, অৰ্থনীতি শক্তিশালী কৰা আৰু শ্ৰমিকসকলৰ সবলীকৰণ। প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায় যে ৰাষ্ট্ৰই সীমান্তত নিজৰ সশস্ত্ৰ বাহিনীক সন্মান জনোৱাৰ দৰে বজাৰতো 'মেড ইন ইণ্ডিয়া’ৰ গৌৰৱ বজাই ৰাখিব লাগিব, যাতে ভাৰতৰ শক্তি প্ৰতিৰক্ষা আৰু বাণিজ্য দুয়োটাতে প্ৰতিফলিত হয়।
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে জম্মু-কাশ্মীৰৰ বাবে এক উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত অপেক্ষা কৰি আছে, কিয়নো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োটাই উন্নয়নৰ দিশত একেলগে কাম কৰি আছে। তেওঁ সহযোগিতা আৰু প্ৰগতিৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে শান্তি আৰু সমৃদ্ধি এই যাত্ৰাৰ ভেটি হৈ থাকে। প্ৰধানমন্ত্ৰীয়ে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত চালিত বিকাশৰ পথ শক্তিশালী কৰাৰ বাবে তেওঁৰ অটল সংকল্প ব্যক্ত কৰে। তেওঁ এক উন্নত ভাৰত আৰু এক উন্নত জম্মু-কাশ্মীৰৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ দোহাৰে, সংকল্প আৰু একতাৰে এই দৃষ্টিভংগীগ্ৰহণ কৰিবলৈ চেষ্টা কৰে। শ্ৰী মোদীয়ে এই উল্লেখযোগ্য প্ৰকল্পসমূহৰ বাবে জনসাধাৰণক আন্তৰিক অভিনন্দন জনাই, প্ৰগতিৰ মনোভাৱ উদযাপন কৰি সামৰণি মাৰে।
জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা, জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী ভি সোমান্না আৰু ড০ জিতেন্দ্ৰ সিং এই অনুষ্ঠানত উপস্থিত আছিল।
পটভূমি
চেনাব আৰু অঞ্জী ৰে’ল সেতু
নদীৰ ওপৰত ৩৫৯মিটাৰ উচ্চতাত অৱস্থিত স্থাপত্যৰ বিস্ময়কৰ চেনাব ৰে’ল সেতু হৈছে বিশ্বৰ সৰ্বোচ্চ ধেনুভিৰীয়া ৰে’ল সেতু। ই হৈছে ভূমিকম্প আৰু বতাহৰ পৰিস্থিতি সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা ১৩১৫মিটাৰ দীঘল ষ্টীলৰ সেতু। এই সেতুৰ এক গুৰুত্বপূৰ্ণ প্ৰভাৱ জম্মু আৰু শ্ৰীনগৰৰ মাজত সংযোগ বৃদ্ধি কৰাত পৰিব। এই দলংৰ ওপৰেৰে যোৱা বন্দে ভাৰত ৰে’লৰ জৰিয়তে কাটৰা আৰু শ্ৰীনগৰৰ মাজত যাত্ৰা কৰিবলৈ মাত্ৰ ৩ঘণ্টা সময় লাগিব, যাৰ ফলত বৰ্তমানৰ ভ্ৰমণৰ সময় ২-৩ঘণ্টা হ্ৰাস পাব। অঞ্জী সেতু হৈছে ভাৰতৰ প্ৰথমখন কেবলযুক্ত ৰে’ল সেতু যি এক প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত ৰাষ্ট্ৰক সেৱা আগবঢ়াব।
সংযোগমূলক প্ৰকল্প আৰু অন্যান্য উন্নয়নমূলক পদক্ষেপ
প্ৰধানমন্ত্ৰীয়ে উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল সংযোগ (ইউএছবিআৰএল) প্ৰকল্পটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। প্ৰায় ৪৩৭৮০কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা২৭২কিলোমিটাৰ দৈৰ্ঘ্যৰ ইউএছবিআৰএল প্ৰকল্পটোত ৩৬টা সুৰঙ্গ (১১৯কিলোমিটাৰ বিস্তাৰিত) আৰু ৯৪৩খন দলং অন্তৰ্ভুক্ত আছে। এই প্ৰকল্পটোৱে কাশ্মীৰ উপত্যকা আৰু দেশৰ বাকী অংশৰ মাজত সকলো বতৰৰ নিৰবিচ্ছিন্ন ৰে’ল সংযোগ স্থাপন কৰে যাৰ লক্ষ্য হৈছে আঞ্চলিক গতিশীলতাক ৰূপান্তৰিত কৰা আৰু আৰ্থ-সামাজিক একত্ৰীকৰণৰ পথ প্ৰশস্ত কৰা।
প্ৰধানমন্ত্ৰীয়ে শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ পৰা শ্ৰীনগৰলৈ যোৱা আৰু উভতি অহা দুখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰো শুভাৰম্ভ কৰে। তেওঁলোকে বাসিন্দা, পৰ্যটক, তীৰ্থযাত্ৰী আদিৰ বাবে এক দ্ৰুত, আৰামদায়ক আৰু নিৰ্ভৰযোগ্য ভ্ৰমণৰ বিকল্প প্ৰদান কৰিব।
বিশেষকৈ সীমান্ত অঞ্চলসমূহত অন্তিম মাইল সংযোগৰ এক গুৰুত্বপূৰ্ণ বৃদ্ধিত, প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে আৰু বিভিন্ন পথ প্ৰকল্প উদ্বোধন কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-৭০১-ত ৰফিয়াবাদৰ পৰা কুপৱাৰালৈ পথ বহল কৰা প্ৰকল্প আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৪৪৪-ত ১৯৫২কোটি টকাতকৈও অধিক মূল্যৰ শ্বোপিয়ান বাইপাছ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। তেওঁ শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১ৰ সংগ্ৰামা জংচন আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ৰ বেমিনা জংচনত দুখন ফ্লাইঅভাৰ প্ৰকল্পও উদ্বোধন কৰে। এই প্ৰকল্পসমূহে যানজঁট হ্ৰাস কৰিব।
প্ৰধানমন্ত্ৰীয়ে কাটৰাত ৩৫০কোটি টকাতকৈও অধিক ব্যয়ৰশ্ৰী মাতা বৈষ্ণো দেৱী চিকিৎসা উৎকৃষ্টতা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। এইটো ৰিয়াচি জিলাৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হ'ব যিয়ে অঞ্চলটোৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব।
****
MJPS/SR/HS
(Release ID: 2134604)
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada