গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নক্সালবাদ নিৰ্মূলৰ যুঁজত ঐতিহাসিক কৃতিত্ব অৰ্জন কৰি নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়ৰ নাৰায়ণপুৰত অভিযান চলাই ২৭জন দুৰ্ধৰ্ষ মাওবাদীক নিহত কৰে

নিহত হোৱা ২৭জন দুৰ্ধৰ্ষ মাওবাদীৰ ভিতৰত আছে চিপিআই-মাওবাদীৰ সাধাৰণ সম্পাদক, শীৰ্ষ নেতা আৰু নক্সাল আন্দোলনৰ মেৰুদণ্ড নম্বলা কেশৱ ৰাও ওৰফে বাসৱৰাজু

নক্সালবাদৰ বিৰুদ্ধে ভাৰতৰ তিনি দশকজোৰা যুঁজত এই প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পৰ্যায়ৰ নেতাক আমাৰ নিৰাপত্তা বাহিনীয়ে নিহত কৰিছে

এই বৃহৎ সফলতাৰ বাবে গৃহমন্ত্ৰীয়ে সাহসী নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহক প্ৰশংসা কৰে

অপাৰেচন ব্লেক ফৰেষ্ট সম্পূৰ্ণ হোৱাৰ পিছত ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰত ৫৪জন নক্সালবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৮৪জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে

২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

Posted On: 21 MAY 2025 5:36PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নক্সালবাদ নিৰ্মূলৰ যুঁজত এক ঐতিহাসিক সাফল্য অৰ্জন কৰি নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়ৰ নাৰায়ণপুৰত অভিযান চলাই চিপিআই-মাওবাদীৰ সাধাৰণ সম্পাদক নম্বলা কেশৱ ৰাও ওৰফে বাসৱৰাজুকে ধৰি ২৭জন দুৰ্ধৰ্ষ মাওবাদীক নিহত কৰিছে এই বৃহৎ সফলতাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে সাহসী নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহক প্ৰশংসা কৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এক্সত এটা পোষ্টত কয়, “নক্সালবাদ নিৰ্মূলৰ যুঁজত এক ঐতিহাসিক সাফল্য লাভ কৰা হৈছে আজি ছত্তীশগড়ৰ নাৰায়ণপুৰত এক অভিযানত আমাৰ নিৰাপত্তা বাহিনীয়ে চিপিআই-মাওবাদীৰ সাধাৰণ সম্পাদক, শীৰ্ষ নেতা আৰু নক্সাল আন্দোলনৰ মেৰুদণ্ড নম্বলা কেশৱ ৰাও ওৰফে বাসৱৰাজুকে ধৰি ২৭জন দুৰ্ধৰ্ষ মাওবাদীক নিহত কৰে নক্সালবাদৰ বিৰুদ্ধে ভাৰতৰ তিনি দশকজোৰা যুঁজত এই প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পৰ্যায়ৰ নেতাক আমাৰ নিৰাপত্তা বাহিনীয়ে নিহত কৰিছে এই বৃহৎ সফলতাৰ বাবে মই আমাৰ সাহসী নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহক প্ৰশংসা কৰিছোঁ লগতে এই কথা জনাবলৈ পাই আনন্দিত যে অপাৰেচন ব্লেক ফৰেষ্ট সম্পূৰ্ণ হোৱাৰ পিছত ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰত ৫৪জন নক্সালবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৮৪জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

**********

RK/VV/PR/PS


(Release ID: 2130432)