প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে চি. বি. এছ. ই.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ সকলোকে অভিনন্দন জ্ঞাপন কৰে
এটা পৰীক্ষাই তোমাক কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰে। তোমাৰ যাত্ৰা বহুত বিশাল আৰু তোমাৰ শক্তি মাৰ্কশ্বীটখনৰ বহু ওপৰলৈ বিস্তৃত : প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
13 MAY 2025 2:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চি. বি. এছ. ই.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জনায়। শ্ৰী মোদীয়ে লগতে কয়, "এয়া তোমালোকৰ সংকল্প, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফল। আজি এই কৃতিত্বত অৰিহণা যোগোৱা পিতৃ-মাতৃ, শিক্ষক আৰু আন সকলোৱে পালন কৰা ভূমিকাক স্বীকৃতি দিয়াৰো দিন ।"
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, "যিসকলে তেওঁলোকৰ নম্বৰক লৈ অলপ হতাশা অনুভৱ কৰিছে, তেওঁলোকক মই ক"ব বিচাৰোঁ ঃ এটা পৰীক্ষাই তোমাক কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰে। তোমাৰ যাত্ৰা বহুত বিশাল আৰু তোমাৰ শক্তি মাৰ্কশ্বীটখনৰ বহু ওপৰলৈ বিস্তৃত। আত্মবিশ্বাসী হৈ থাকা, কৌতূহলী হৈ থাকা, কিয়নো তোমাৰ বাবে মহান কামবোৰে অপেক্ষা কৰি আছে।"
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে;
মৰমৰ #ExamWarriors, চি. বি. এছ. ই.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোলৈ আন্তৰিক অভিনন্দন! এয়া তোমাৰ সংকল্প, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফল। আজি এই কৃতিত্বত অৰিহণা যোগোৱা পিতৃ-মাতৃ, শিক্ষক আৰু আন সকলোৱে পালন কৰা ভূমিকাক স্বীকৃতি দিয়াৰো দিন।
আগন্তুক দিনত আহিবলগীয়া সকলো সুযোগতে পৰীক্ষা-যোদ্ধাসকলৰ বৃহৎ সফলতা কামনা কৰিছো!
যিসকলে তেওঁলোকৰ নম্বৰক লৈ অলপ হতাশা অনুভৱ কৰিছে, মই তেওঁলোকক ক'ব বিচাৰোঁ ঃ এটা পৰীক্ষাই তোমাক কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰে। তোমাৰ যাত্ৰা বহুত বিশাল আৰু তোমাৰ শক্তি মাৰ্কশ্বীটখনৰ বহু ওপৰলৈ বিস্তৃত। আত্মবিশ্বাসী হৈ থাকা, কৌতূহলী হৈ থাকা, কিয়নো তোমাৰ বাবে মহান কামবোৰে অপেক্ষা কৰি আছে।#ExamWarriors
***
MJPS/VJ/KD
(ৰিলিজ আই ডি : 2128559)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam