গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত আজি পাকিস্তান আৰু নেপালৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ সৈতে নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে প্রধানমন্ত্রী মোদী আৰু তিনিওটা সেনাবাহিনীক অভিনন্দন জ্ঞাপন বৈঠকত অংশ লোৱা মুখ্যমন্ত্রী আৰু উপ-ৰাজ্যপালসকলৰ

অপাৰেচন সিন্দুৰ, ভাৰতৰ সীমান্ত, সামৰিক আৰু সাধাৰণ নাগৰিকৰ প্ৰতি বেয়া দৃষ্টি দিয়াসকলৰ বিৰুদ্ধে এয়া ভাৰতৰ উপযুক্ত প্ৰত্যুত্তৰ

অপাৰেচন সিন্দুৰৰ জৰিয়তে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক উপযুক্ত প্ৰত্যুত্তৰ জনাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হৈছে

অপাৰেচন সিন্দুৰ সমগ্ৰ বিশ্বৰ বাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ প্ৰতীক
এই সময়ত দেশে প্রদর্শন কৰা ঐক্যই দেশবাসীৰ মনোবল বৃদ্ধি কৰিছে

চিকিৎসালয়, অগ্নিনিৰ্বাপক বাহিনী আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুচাৰুৰূপে কাম কৰাৰ ব্যৱস্থা কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিব লাগিব

ৰাজ্যসমূহক যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এছডিআৰএফ, অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী, এনচিচি আদি সষ্টম কৰি ৰাখিবলৈ নিৰ্দেশ গৃহমন্ত্ৰীৰ

সামাজিক আৰু অন্যান্য মাধ্যমত অবাঞ্চিত উপাদানৰ দ্বাৰা ৰাষ্ট্ৰবিৰোধী অপপ্ৰচাৰ কঠোৰভাৱে নিৰীক্ষণ কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাস

Posted On: 07 MAY 2025 7:12PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত পাকিস্তান আৰু নেপালৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ সৈতে নিৰাপত্তা পৰিস্থিতিৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত জম্মু-কাশ্মীৰ আৰু লাডাখৰ উপ-ৰাজ্যপাল আৰু উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, ৰাজস্থান, গুজৰাট আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু ছিকিম চৰকাৰৰ প্ৰতিনিধিয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰে। বৈঠকত  কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চিআইএছএফ)কে ধৰি একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

বৈঠকত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ২০২৫ চনৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী আৰু সন্ত্ৰাসবাদৰ সমৰ্থকসকলক দেশে উপযুক্ত প্ৰত্যুত্তৰ দিব বুলি কৈছিল। গৃহমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ বাবে দেখুওৱা দৃঢ় ইচ্ছাশক্তি আৰু সিদ্ধান্তৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। গৃহমন্ত্ৰীয়ে কয় যে ভাৰতৰ সীমান্ত, সেনা আৰু নাগৰিকৰ ওপৰত বেয়া দৃষ্টি দিয়াসকলৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰ ভাৰতৰ উপযুক্ত প্ৰত্যুত্তৰ। বৈঠকত উপস্থিত থকা সকলো মুখ্যমন্ত্রী আৰু উপ-ৰাজ্যপালে প্রধানমন্ত্রী মোদী আৰু তিনিওটা সেনাবাহিনীক অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয় যে অপাৰেচন সিন্দুৰৰ জৰিয়তে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ জনাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে নিৰ্দিষ্ট ইনপুটৰ পিছত আৰম্ভ কৰা অপাৰেচন সিন্দুৰ সমগ্ৰ বিশ্বৰ আগত মোদী চৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ প্ৰতীক। এই সময়ত দেশে প্ৰদৰ্শন কৰা ঐক্যই দেশবাসীৰ মনোবল বৃদ্ধি কৰিছে বুলিও শ্ৰী শ্বাহে কয়।

শ্ৰী অমিত শ্বাহে কয় যে ২০২৫ চনৰ ৬-৭ মে’ৰ নিশা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে সন্ত্ৰাসবাদীৰ ৯টা নিৰ্দিষ্ট স্থানত আক্ৰমণ চলাই সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা আক্ৰমণৰ জৰিয়তে লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদ, হিজবুল মুজাহিদীন আদি সন্ত্ৰাসবাদী সংগঠনৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ আৰু অস্ত্ৰ শিবিৰ আৰু আত্মগোপন স্থান ধ্বংস কৰা হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ম’কড্ৰিলৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি সকলো ৰাজ্যই প্ৰস্তুতি চলাব লাগে বুলি মন্তব্য কৰে। চিকিৎসালয়, অগ্নিনিৰ্বাপক বাহিনী আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ সুচাৰুৰূপে চলাৰ ব্যৱস্থা কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যসমূহক এছডিআৰএফ, অসামৰিক প্ৰতিক্ষা, গৃহৰক্ষী, এনচিচি আদিক সষ্টম কৰি ৰাখিবলৈ গৃহমন্ত্ৰীয়ে আহ্ৰান জনায়। তেওঁ কয় যে নাগৰিক আৰু বেচৰকাৰী সংগঠনৰ জৰিয়তে জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত।

শ্ৰী অমিত শ্বাহে কয় যে সামাজিক আৰু অন্যান্য মাধ্যমত অবাঞ্চিত প্ৰচাৰে ৰাষ্ট্ৰবিৰোধী অপপ্ৰচাৰৰ বিৰুদ্ধে কঠোৰ সতৰ্কতা অৱলম্বন কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সমন্বয়ত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গৃহমন্ত্ৰীয়ে কয় যে নিৰৱচ্ছিন্ন যোগাযোগ বজাই ৰখাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলোৱাৰ লগতে দুৰ্বল ক্ষেত্ৰসমূহৰ সুৰক্ষাও অধিক উন্নত কৰিব লাগে। তেওঁ ৰাজ্যসমূহক জনসাধাৰণৰ মাজত অপ্ৰয়োজনীয় শংকা ৰোধ কৰাৰ লগতে উৰাবাতৰিৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা প্ৰচাৰৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ কয়। স্থানীয় প্ৰশাসন, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত সমন্বয় আৰু অধিক উন্নত কৰিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলক আহ্বান জনায়।

 

****

RK/VV/PR/PS/DB


(Release ID: 2127648) Visitor Counter : 5