প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

অপাৰেশ্যন সিন্দূৰ: ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে সন্ত্ৰাসবাদী শিবিৰত নিখুঁত আক্ৰমণ চলাইছে

प्रविष्टि तिथि: 07 MAY 2025 1:44AM by PIB Guwahati

 

কিছু সময় আগতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিসমূহত আঘাত কৰি 'অপাৰেশ্যন সিন্দূৰ' আৰম্ভ কৰিছে, য'ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশনা দিয়া হৈছিল।

এই অভিযানত মুঠতে নটা (৯) স্থানক লক্ষ্য কৰি লোৱা হৈছে।

প্ৰকৃতিগত ভাৱে আমাৰ অভিযানসমূহ  নিৰ্দিষ্ট লক্ষ্য কেন্দ্ৰীভূত, সু-পৰিকল্পিত আৰু অনা-উত্তেজনাবৰ্দ্ধনকাৰী। কোনো পাকিস্তানী সামৰিক চৌহদক লক্ষ্য কৰা হোৱা নাই। ভাৰতে লক্ষ্য বাছনি আৰু কাৰ্যকৰী কৰণৰ পদ্ধতিত যথেষ্ট সংযম প্ৰদৰ্শন কৰিছে।

এই পদক্ষেপসমূহ পহেলগামত আক্ৰমণ চলোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চলোৱা হৈছে, য'ত ২৫ গৰাকী ভাৰতীয় আৰু এগৰাকী নেপালী নাগৰিকক হত্যা কৰা হৈছিল। আমি এই প্ৰতিশ্ৰুতিবদ্ধতা পালন কৰি আছো যে এই আক্ৰমণৰ বাবে দায়ীসকলকহে জবাবদিহি কৰা হ'ব।
ক্ষন্তেক পিছতে আজি  'অপাৰেশ্যন সিন্দূৰ' সম্পৰ্কে বিতং বিৱৰণ দিয়া হ'ব।


SC/KB


(रिलीज़ आईडी: 2127394) आगंतुक पटल : 257
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , Nepali , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam