তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিলে শ্ৰী প্ৰকাশ মাগদুমে
प्रविष्टि तिथि:
05 MAY 2025 5:00PM by PIB Guwahati
শ্ৰী প্ৰকাশ মাগদুমে আজি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক হিচাবে দায়িত্ব গ্ৰহণ কৰে।
শ্ৰী মাগদুম ভাৰতীয় তথ্য সেৱাৰ ১৯৯৯ বেচৰ বিষয়া। ইয়াৰ পূৰ্বে শ্ৰী মাগদুমে আহমেদাবাদৰ প্ৰেছ ইনফৰ্মেছন ব্যুৰো (পি আই বি) আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
দুটা দশকৰ কেৰিয়াৰৰ সময়ছোৱাত শ্ৰী মাগদুমে পুনেত ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ (এনএফএআই) সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। এই পদবীত থাকি তেওঁ ভাৰতৰ চিনেমাৰ ঐতিহ্য সংৰক্ষণ, ডিজিটেলাইজেচন আৰু পুনৰুদ্ধাৰৰ জৰিয়তে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযানৰ কামক আগুৱাই নিয়াত সহায় কৰিছিল।
শ্ৰী মাগদুমে ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফ টি আই আই)ৰ পঞ্জীয়ক আৰু তিৰুৱনন্তপুৰমত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

* * *
PIB Mumbai | NJ/ SC/ DR/DM
(रिलीज़ आईडी: 2127391)
आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Punjabi
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam