WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আপোনাৰ বিশ্বাসযোগ্যতা সুৰক্ষিত কৰক, আপোনাৰ সীমা নিৰ্ধাৰণ কৰক, সততা বজাই ৰাখি যোগাযোগ কৰক – ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলক পৰামৰ্শ দিলে ৱেভছ পেনেলে

ৱেভছ ২০২৫ -এ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলৰ বাবে ছ’চিয়েল মিডিয়া বিজ্ঞাপনৰ উত্তম পদ্ধতিৰ বিষয়ে আভাস দাঙি ধৰে

 Posted On: 04 MAY 2025 1:39PM |   Location: PIB Guwahati

 

আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) ২০২৫ৰ চতুৰ্থ দিনটোত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলৰ বাবে ছ’চিয়েল মিডিয়া  বিজ্ঞাপনৰ শ্ৰেষ্ঠ পদ্ধতিৰ বিষয়ত  এক নিৰ্দিষ্ট অধিৱেশন  অনুষ্ঠিত হয়।

 

আজিৰ এই অধিৱেশনৰ পেনেলত আছিল এছ চি আই আইৰ সঞ্চালিকা শ্ৰীমতী ছাহেলী সিনহা; চলচ্চিত্ৰ অভিনেত্ৰী তথা ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী শ্ৰীমতী শিবানী আখতাৰ; শ্ৰী মায়ংক শেখৰ, মনোৰঞ্জন সাংবাদিক আৰু পকেট এচেছৰ মুখ্য ব্যৱসায়িক বিষয়া শ্ৰী বিনয় পিল্লাই। অধিৱেশনৰ আঁত ধৰে খৈটান এণ্ড কোম্পানীৰ অংশীদাৰ  শ্ৰীমতী  তনু বেনাৰ্জীয়ে 

https://static.pib.gov.in/WriteReadData/userfiles/image/4-1-1894S.jpg

ডিজিটেল অৰ্থনীতিত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলৰ ক্ৰমবৰ্ধমান ভূমিকা  আৰু প্ৰভাৱশালী বিজ্ঞাপনৰ বিশ্বাসযোগ্যতা শক্তিশালী কৰিবলৈ প্ৰয়োজনীয় নৈতিক, সৃষ্টিশীল আৰু আইনী কাঠামোৰ বিষয়ত ইয়াত  আলোচনা কৰা হয়। পেনেলে দৃঢ়তাৰে কয় যে প্ৰামাণ্যতা, স্বচ্ছতা আৰু বিষয়বস্তুৰ দায়িত্বশীল বহনক্ষমতা হৈছে প্ৰভাৱশালী বিপণনৰ মূল স্তম্ভ।

 

শ্ৰীমতী শিবানী আখতাৰে ব্ৰেণ্ডেড কন্টেন্ট তৈয়াৰ কৰাৰ সময়ত নিজৰ কণ্ঠৰ প্ৰতি নজৰ দিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ফলপ্ৰসূ প্ৰভাৱশালী বিপণনৰ বাবে সমল সৃষ্টিকৰ্তাসকলক বিষয়বস্তু আৰু ব্ৰেণ্ডিং প্ৰক্ৰিয়াৰ সৈতে জড়িত হোৱাটো প্ৰয়োজনীয় আৰু তেওঁলোকৰ কামসমূহে  ব্যক্তিগতভাবে বিশ্বাস জগাই তুলিব পৰা  আৰু উদ্দেশ্যক প্ৰতিফলিত কৰিব পৰা বিধৰ হোৱা প্ৰয়োজনীয়। তেওঁ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলক তেওঁলোকৰ ব্ৰেণ্ড  ৱাস্তৱিকভাৱে  প্ৰস্তুত  কৰিবলৈ  আৰু সকলো অংশীদাৰিত্বৰ ভেটি হিচাপে প্ৰামাণ্যতা বজাই ৰাখিবলৈ আহ্বান জনায়।

 

ছ’চিয়েল মিডিয়াৰ সৃষ্টিকৰ্তাসকলক প্লেটফৰ্ম-নিৰ্দিষ্ট কৌশল গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে শ্ৰী বিনয় পিল্লাইয়ে।  তেওঁ কয়  যে প্ৰতিটো ডিজিটেল প্লেটফৰ্মে দৰ্শকৰ সৈতে এক বেলেগ ধৰণৰ নিয়োজিয়তা প্ৰদান কৰে আৰু ইয়াৰ বাবে নিৰ্ধাৰিত গল্প কথন শৈলীৰো দাবী কৰে। তেওঁ সচেতনভাৱে এটা ব্ৰেণ্ড গঢ়ি তোলা, বিশ্বাসযোগ্য হৈ থকা  আৰু লক্ষ্য কৰি লোৱা গ্ৰাহকৰ মনত  অনুৰণন ঘটাব পৰা  তথ্য নিৰ্ভৰ বিষয়বস্তু নিৰ্বাচনৰ  সিদ্ধান্ত লোৱাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

 

ডিজিটেল প্ৰভাৱৰ বিৱৰ্তন আৰু চেলিব্ৰিটি তথা সমল সৃষ্টিকৰ্তা সংস্কৃতিৰ মাজৰ অস্পষ্ট ৰেখাৰ বিষয়ে শ্ৰী মায়ংক শেখৰে আলোকপাত কৰে। তেওঁ আঙুলিয়াই দিয়ে যে বৰ্তমানৰ যুগত প্ৰভাৱ কেৱল চলচ্চিত্ৰ আৰু টেলিভিছনতে সীমাবদ্ধ হৈ থকা নাই,  বৰঞ্চ এতিয়া এতিয়া বিভিন্ন  প্লেটফৰ্মৰ নেতৃত্বত অধিক প্ৰসাৰিত কৰিছে। তেওঁ সমল সৃষ্টিকৰ্তাসকলক নিজৰ বিশ্বাসযোগ্যতা ৰক্ষা কৰিবলৈ আৰু ভুল তথ্য বিয়পোৱা বা আনৰ কাম নকল কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। তেওঁ  বিষয়বস্তুৰ সত্যতা আৰু তথ্য পৰীক্ষাৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰে।

 

শ্ৰীমতী সাহেলী সিনহাই কয় যে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলে তেওঁলোকৰ অংশীদাৰিত্বৰ বিষয়ে স্বচ্ছ হ’ব লাগিব তেওঁ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলে নৈতিক, তথ্যসমৃদ্ধ আৰু  দৰ্শকৰ আস্থা প্ৰতিফলিত কৰিব পৰা  বিষয়বস্তু বিকশিত কৰাৰ পোষকতা কৰে। তেওঁ  লগতে কয়  যে এএছচিআইআই-এ উদীয়মান সমল সৃষ্টিকৰ্তাসকলক আইনী বাধ্যবাধকতা, বিজ্ঞাপনৰ মান আৰু বিষয়বস্তুৰ দায়িত্বৰ  বিষয়ে  পথ প্ৰদৰ্শন কৰিবলৈ শিক্ষামূলক কাৰ্যসূচী চলাই আহিছে।

 

পেনেলে সামূহিকভাৱে এইবুলি পৰামৰ্শ দিয়ে  যে বিষয়বস্তু সৃষ্টিকৰ্তাসকলে তেওঁলোকৰ সীমা নিৰ্ধাৰণ কৰিব লাগে, তেওঁলোকৰ অনুগামীসকলৰ সৈতে সততাৰে  যোগাযোগ কৰিব লাগে আৰু বিজ্ঞাপনৰ নিৰ্দেশনা তথা  প্লেটফৰ্মৰ নিয়ম আদি মানি চলিব লাগে। দৰ্শকৰ সৈতে দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তোলাৰ বিষয়টো  বিজ্ঞাপনৰ উদ্দেশ্যৰ ওপৰত আস্থা আৰু স্পষ্টতাৰ ৰক্ষা কৰাটো  বহু পৰিমাণে নিৰ্ভৰশীল বুলি তেওঁলোকে কয়।

 

প্ৰভাৱশালী বিজ্ঞাপনৰ বাবে আনুষ্ঠানিক উত্তম পদ্ধতিক সমৰ্থন আৰু ডিজিটেল বিজ্ঞাপন পৰিৱেশ তন্ত্ৰত স্বচ্ছতা তথা পেছাদাৰিত্বক প্ৰসাৰিত কৰাৰ বাবে উদ্যোগৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ আহ্বানৰে অধিৱেশনৰ সামৰণি পৰে।

For official updates on realtime, please follow us:

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

 

* * *

PIB TEAM WAVES 2025 | Rajith/ Lekshmipriya/ Navin/ Darshana | DM


Release ID: (Release ID: 2126926)   |   Visitor Counter: 7